নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূপধৰাত পুনৰ বন্যহস্তীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, ২১ জুলাই: ধূপধৰাত পুনৰ সংঘটিত হৈছে বন্যহস্তীৰ মৰ্মান্তিক আক্ৰমণৰ ঘটনা। এটা সপ্তাহৰ ভিতৰতে বনৰীয়া হাতীৰ আক্ৰমণত দ্বিতীয়গৰাকী লোকৰ কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। এইবাৰ ঘটনাৰ স্থান ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কোঠাকুঠিৰ মাৰিয়ামপুৰ গাঁও।

প্ৰাপ্ত খবৰ অনুসৰি, আজি পুৱতি নিশা প্ৰায় ৪ বজাত কোঠাকুঠিৰ মাৰিয়ামপুৰ গাঁৱত বন্যহস্তীৰ আক্ৰমণত অৰ্জুন চাংমা (৩৮) নামৰ এজন ব্যক্তিৰ থিতাতে কৰুণ মৃত্যু ঘটে। পুৱা ওচৰৰে এজন চুবুৰীয়াৰ ঘৰ হাতীয়ে ভাঙি ধ্বংস কৰাৰ শব্দ শুনি অৰ্জুন চাংমা ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল। ঠিক সেই সময়তে অতৰ্কিতে অহা হাতীটোৱে লোকজনক আক্ৰমণ কৰে, যাৰ ফলত থিতাতে তেওঁৰ প্ৰাণহানি ঘটে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ধূপধৰা বন বিভাগ আৰু স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। বৰ্তমান মৃতদেহটো ধূপধৰা থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে মাত্ৰ তিনি দিন পূৰ্বে ধনুভাঙাৰ দেওশিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এজন বাইক আৰোহীক টানি নি বন্যহস্তীয়ে নিৰ্দয়ভাৱে হত্যা কৰিছিল। সেই লোমহৰ্ষক ঘটনাৰ প্ৰভাৱ মাৰ নৌযাওঁতেই পুনৰ আন এজন লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক শংকিত কৰি তুলিছে।

You might also like