‘স্মার্টফোন ব্রেইন’ ৰোগী, কিশোৰ–কিশোৰীৰ মগজুত বৃহৎ পৰিৱর্তন
ডিজিটেল ডেস্ক, ২১ জুলাই : স্নায়ুৰোগ চিকিৎসকৰ ওচৰত ভিৰ বাঢ়িছে কিশোৰ–কিশোৰীৰ৷ ৰোগৰ নাম ‘স্মার্টফোন ব্রেইন’৷ সঘনে মূৰৰ বিষ হোৱা, মনোযোগৰ অভাৱ, অনিদ্রা, মূৰ ঘূৰোৱা, প্রায়েই বমি বমি ভাব হোৱা, ‘ব্রেইন ফ’গ’ আৰু সাময়িক স্মৃতিনাশৰ লক্ষণ দেখা গৈছে এই কণ কণ ল’ৰা–ছোৱালীহঁতৰ মাজত৷ সেই সকলোবোৰ সমস্যাকে একত্রিত কৰি নাম দিয়া হৈছে স্মার্টফোন ব্রেইন৷ ইয়াৰ নেপথ্যত আছে ম’বাইল ফোনৰ পৰা নির্গত নীলা পোহৰ৷
স্মার্টফোনে পোনপটীয়াকৈ কোনো ৰোগৰ সৃষ্টি নকৰে৷ কিন্তু অত্যধিক স্ক্রিন টাইম বা ফোনৰ ব্যৱহাৰৰ ফলত মস্তিষ্কত এনে কিছুমান পৰিৱর্তন হয়, যিবোৰ অত্যন্ত বিপজ্জনক৷ ইয়াকে লৈ গৱেষণা কৰিছে হার্ভার্ড মেডিকেল স্কুল আৰু ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে৷
গৱেষকসকলে জনাইছে যে একেৰাহে দীর্ঘ সময় ধৰি ম’বাইল ফোন ব্যৱহাৰ কৰি থাকিলে কাণ আৰু মূৰৰ বিষ, টেক্সট নেক ছিণ্ড্রমৰ দৰে লক্ষণ দেখা যায় ঠিকেই, কিন্তু তাতকৈও বেছি মাৰাত্মক এই স্মার্টফোন ব্রেইন৷ কাৰণ এই সমস্যাত ম’বাইল স্ক্রিনৰ ফালে বেছি সময় চাই থকাৰ ফলত মস্তিষ্কৰ হিপ্পকেম্পাছ অংশটো বেয়াকৈ প্রভাৱিত হয়৷ এই অংশটোৱে নতুন তথ্য সংগ্রহ, স্মৃতি সংৰক্ষণৰ কাম কৰে৷ ম’বাইলৰ নীলা পোহৰত ইমান বেছি কার্টিছল হৰম’নৰ ক্ষৰণ হয় আৰু টোপনি কমি যায় যে এই অংশটোৰ কার্যক্ষমতা হ্রাস পায়৷
তদুপৰি গুগল বা এআই নির্ভৰতা বৃদ্ধি পোৱাত সৃজনশীল চিন্তা–ভাবনা কৰাৰ ক্ষমতাও লোপ পায়৷ ম’বাইল নির্ভৰতাৰ ফলত মস্তিষ্কৰ প্রিফ্রণ্টাল ক’র্টেক্স আৰু পিনিয়েল গ্লেণ্ডৰো ক্ষতি হয়৷ ফলত মনঃসংযোগ, আৱেগ নিয়ন্ত্রণ, সিদ্ধান্ত গ্রহণ আদিৰ ক্ষমতা কমি যোৱাৰ লগতে টোপনিৰ সমস্যাই দেখা দিয়ে৷ গৱেষকসকলে সেইবাবে একেৰাহে ২০ মিনিটতকৈ বেছি ম’বাইল ফোন ব্যৱহাৰ নকৰাৰ পৰামর্শ দিছে৷ তদুপৰি খোৱাৰ সময়ত আৰু ৰাতি শোৱাৰ ২ ঘণ্টা পূর্বে ফোন এৰা উচিত৷