ডিজিটেল ডেস্ক, ২৩ জুলাই : মেঘালয়লৈ মধুচন্দ্ৰিকাৰ বাবে গৈ স্বামী ৰাজা ৰঘুবংশীক নৃশংসভাৱে হত্যা কৰাৰ গোচৰত অভিযুক্ত পত্নী সোনম ৰঘুবংশীক লৈ এক ডাঙৰ ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে সোনমৰ জামিন আবেদন খাৰিজ কৰাৰ লগতে অহা তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি এম এম সুন্দ্ৰেশ আৰু বিচাৰপতি পি বি ভাৰালেৰে গঠিত দুজনীয়া বিচাৰপীঠত সোনম ৰঘুবংশীৰ জামিনক লৈ শুনানি গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে মেঘালয় উচ্চ ন্যায়ালয়ে সোনমক জামিনত মুক্তি দিছিল, যাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মেঘালয় আৰক্ষী। শীৰ্ষ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে বিচাৰ প্ৰক্ৰিয়াৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত অভিযুক্ত মুকলিকৈ থকাটোৱে ন্যায় প্ৰদানৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে।
ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে সোনমৰ জামিন খাৰিজ কৰে। অৱশ্যে আদালতে স্পষ্ট কৰি দিয়ে যে যদিহে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগনাবাঢ়ে, তেন্তে ৬ মাহৰ পিছত সোনমে পুনৰ নতুনকৈ জামিনৰ বাবে আবেদন কৰাৰ সুযোগ পাব।
উল্লেখ্য যে যোৱা বছৰৰ ১১ মে’ত ৰাজা আৰু সোনম বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ মাত্ৰ ৯ দিনৰ পিছতে অৰ্থাৎ ২০ মে’ত তেওঁলোকে হনীমুনৰ বাবে মেঘালয়লৈ ৰাওনা হৈছিল। উত্তৰ-পূবৰ বিভিন্ন স্থানত ৩ দিন ভ্ৰমণ কৰাৰ পিছত হঠাতে দম্পতীটো নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে যোগাযোগ কৰিব নোৱাৰাত লগে লগে আৰক্ষীৰ দ্বাৰস্থ হয়।
প্ৰথমতে ই এক সন্ধানহীনৰ ঘটনা বুলি ধাৰণা কৰা হৈছিল যদিও ঘটনাৰ ১০ দিন পিছত অৰ্থাৎ ২ জুনত মেঘালয়ৰ এক দ খাদৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এই অনুসন্ধান এক লোমহৰ্ষক হত্যাকাণ্ডৰ গোচৰলৈ ৰূপান্তৰিত হয়।
আৰক্ষীৰ পৰৱৰ্তী তদন্তত পোহৰলৈ আহে এক ভয়ংকৰ দিশ। আৰক্ষীয়ে সোনমৰ প্ৰেমিক ৰাজ সিং কুশৱাহাক গ্ৰেপ্তাৰ কৰে, যি এই হত্যাকাণ্ডৰ মুখ্য সহ-অভিযুক্ত আছিল। অভিযোগ অনুসৰি, সোনমে প্ৰেমিকৰ সৈতে লগ হৈ স্বামীক পথৰ পৰা আঁতৰাবলৈ সমগ্ৰ পৰিকল্পনা ৰচনা কৰিছিল।