বিশ্বকাপ জয়ী স্পেইনৰ দুই খেলুৱৈক কেজি কেজি বিলাহী উপহাৰ
ডিজিটেল ডেস্ক, ২৩ জুলাই : নগদ ধন, দামী উপহাৰ, গাড়ী আৰু ঘৰ– বিশ্ববিজয়ী খেলুৱৈক সন্মান জনোৱাৰ এনে ব্যৱস্থা নতুন কথা নহয়৷ কিন্তু বিশ্বকাপ বিজয়ী দুগৰাকী স্পেনিছ ফুটবলাৰ ফেবিয়ান ৰুইজ আৰু গাভিৰ বাবে অপেক্ষা কৰি আছিল এক অস্বাভাৱিক উপহাৰ৷
গৃহ চহৰলৈ উভতি অহাৰ লগে লগে তেওঁলোকক কেজি কেজি বিলাহী উপহাৰ দিয়া হৈছিল৷ ৰাজধানী মাদ্রিদত বিশ্বকাপ জয় কৰাৰ পাছত মঙলবাৰে প্রায় ২০ লাখ অনুৰাগীৰ সন্মুখত জয়ৰ উদযাপন কৰি আন্দালুছিয়াৰ লছ পালাচিঅ’ছ ৱাই ভিয়াফ্রাংকালৈ উভতি আহে দুয়োগৰাকী তাৰকা৷ স্থানীয় নগৰ পৰিষদে তেওঁলোকক আদৰণি জনোৱাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ আচলতে তাত ই এক দীর্ঘদিনীয়া পৰম্পৰা, য’ত স্থানীয় কৃতিত্ব লাভ কৰা লোকসকলক নিজৰ ওজনৰ সমান বিলাহী দিয়া হয়৷ ৰুইজ আৰু গাভিৰ ক্ষেত্রতো একে পৰম্পৰা পালন কৰা হৈছে৷
এই সন্মান কেৱল বিলাহীতে সীমাবদ্ধ নহয়৷ অঞ্চলটোৰ দুখন ষ্টেডিয়ামৰ নামো সলনি কৰা হৈছে৷ মাৰিছমাছ ষ্টেডিয়ামৰ নতুন নাম হ’ব ফেবিয়ান ৰুইজ ষ্টেডিয়াম৷ ছান চেবাষ্টিয়ান ষ্টেডিয়ামৰ নাম সলনি কৰা হ’ব পাবলো পেজ গাভি ষ্টেডিয়াম হিচাপে৷ ইপিনে, জুয়ান জোচে ভাকেৰো এভিনিউতো ৰুইজ, গাভি আৰু ২০১০ চনৰ বিশ্বকাপ বিজয়ী জেছুছ নাভাছক সন্মান জনাই এটা স্মৃতিসৌধ নির্মাণ কৰা হ’ব৷