সম্পাদকীয় : পৃথিৱীৰ ভৱিষ্যৎ
বর্তমান পর্যন্ত একমাত্র বাসোপযোগী গ্রহ হিচাপে নিশ্চিত হোৱা পৃথিৱীৰ বাবে প্রধান প্রত্যাহ্বানটোৱেই হৈছে গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱর্তন৷ এই প্রত্যাহ্বানক নেওচিবলৈ ২০১৫ চনত সম্পাদিত হৈছিল পেৰিছ জলবায়ু চুক্তি৷ ৰাষ্ট্রসংঘৰ ‘ৱর্ল্ড মেটেৰ’লজিকেল অর্গেনাইজেচন’ (ডব্লিউএমঅ’)ৰ এক প্রতিবেদনত ইতিপূর্বে স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে প্রাক্ শিল্পজো (১৮৫০–১৯০০)ৰ তুলনাত সম্প্রতি পৃথিৱীৰ উষ্ণতা ১.১ ডিগ্রী চেলছিয়াছতকৈও অধিক বৃদ্ধি পাইছে৷ ইয়াৰ মূলতে বায়ুমণ্ডললৈ অত্যধিক পৰিমাণৰ গ্রীন হাউছ গেছ নির্গমন৷ ইয়াৰ পৰিপ্রেক্ষিতত বর্ধিত তাপমাত্র ২ ডিগ্রী চেলছিয়াছৰ তলত সীমাবদ্ধ কৰি ৰখাৰ হকে পেৰিছ জলবায়ু চুক্তিৰ জৰিয়তে প্রায় ২০০খনতকৈও দেশ সহমতত উপনীত হৈছিল৷ কিন্তু বাস্তৱ চিত্রখন দিনকদিনে অত্যধিক জটিলহে হৈ গৈ আছে৷ ফলশ্রুতিত সমগ্র মানৱ জাতি তথা পৃথিৱীৰ ভৱিষ্যতৰ প্রতি নামি আহিছে গভীৰ সংকট৷ মানৱসৃষ্ট প্রদূষণৰ ফলত হোৱা জলবায়ু পৰিৱর্তনে যে ভৱিষ্যৎ প্রজন্মলৈ বিপদ কঢ়িয়াই আনিব অকল সেইটোৱেই নহয়, ইয়াৰ কুফল ইতিমধ্যে পৃথিৱীৰ আজিৰ বাসিন্দাসকলেও ভোগ কৰিবলগীয়া হৈছে৷ ডব্লিউএমঅ’ৰ প্রতিবেদনখনত এই সন্দর্ভত সন্নিৱিষ্ট কৰা হৈছে কেতবোৰ উদ্বেগজনক তথ্য৷ য’ত স্পষ্টভাৱে কোৱা হৈছে যে বিগত ২০১৯ চনৰ প্রথম ছমাহত এক কোটিৰো অধিক লোকে নিজৰ ভেটি–মাটি এৰি আশ্রয়ৰ বাবে অন্য স্থানলৈ ঢাপলি মেলিব লগা হৈছিল৷ ইয়াৰে ৭০ লাখ মানুহে নিজৰ ঘৰ–দুৱাৰ এৰাৰ মূল কাৰণটোৱেই হ’ল খৰাং–বানপানী আদিৰ দৰে সমস্যা৷ যাৰ আৰু আছে জলবায়ু পৰিৱর্তন তথা গোলকীয় উষ্ণতা৷ সমগ্র বিশ্বতে ইতিমধ্যে গোলকীয় উষ্ণতাৰ ভয়াৱহতা সন্দর্ভত জনসচেতনতা গঢ়ি তোলাৰ প্রয়াস অব্যাহত আছে৷ কিন্তু ইয়াৰ পিছতো অতি পৰিতাপৰ কথা যে মানৱসৃষ্ট প্রদূষণ হ্রাস পোৱা নাই৷ একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ যুগত মানুহ কেৱল দৌৰিছে উন্নয়ন আৰু সমৃদ্ধিৰ পিছত৷ ধ্বংস কৰা হৈছে সেউজ বনাঞ্চল৷ কয়লা, পেট্র’ল, ডিজেল আদিৰ দৰে জীৱাশ্মজাত ইন্ধনৰ ব্যাপক ব্যৱহাৰ কৰা হৈছে৷ পৰিণতিত বায়ুমণ্ডলত সাংঘাতিক ধৰণে বৃদ্ধি পাইছে কার্বন–ডাই–অক্সাইডৰ পৰিমাণ৷ গ্রীন হাউছ গেছৰ ৯০ শতাংশ ভাপ শুহি লয় সমুদ্রই৷ যাৰ বাবে জলপৃষ্ঠৰ তাপমাত্রাই অভিলেখ গঢ়িছে৷ বিগত ডেৰশ বছৰৰ তুলনাত সাগৰৰ পানীৰ অম্লতা সম্প্রতি ২৫ শতাংশ বৃদ্ধি পোৱা বুলি একাংশ পৰিৱেশ বিজ্ঞানীয়ে দাবী কৰি আহিছে৷
পৃথিৱীৰ জলবায়ু কিদৰে দ্রুত পৰিৱর্তন ঘটিছে তাৰ এক শেহতীয়া উদাহৰণ হ’ল গ্রীনলেণ্ড৷ এণ্টার্কটিকাৰ পিছত পৃথিৱীত বৃহত্তম অখণ্ড বৰফৰ স্তৰটোৱেই হৈছে এই ভূখণ্ড৷ তথ্য অনুসৰি বিগত মাত্র এবছৰৰ ভিতৰতে গ্রীনলেণ্ডত ১০ হাজাৰ কোটি টন বৰফ গলিছে৷ এক উপগ্রহীয় চিত্রত ধৰা পৰা এই ঘটনাই উদ্বেগৰ কাৰণ হৈ পৰিছে বিজ্ঞানীসকলৰ বাবে৷ কেৱল বৰফ গলাই নহয়, পৰিৱর্তন হৈছে বৰফৰ ৰঙো৷ শ্বেতশুভ্র তুষাৰ স্তৰ ক্রমশঃ হৈ পৰিছে ধূসৰ৷ উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মাজৰ আটলাণ্টিক মহাসাগৰৰ উত্তৰ দিশৰ উত্তৰ মেৰুত থকা বিশাল ভূখণ্ডই হৈছে গ্রীনলেণ্ড৷ যাৰ ৮০ শতাংশই স্থিৰভাৱে তুষাৰাবৃত৷ সাধাৰণতে প্রতি বছৰে গ্রীষ্মকালত প্রকৃতিৰ নিয়ম অনুসৰি গ্রীনলেণ্ডৰ কিছু অংশ বৰফ গ’লে৷ কিন্তু শেহতীয়া উপগ্রহীয় চিত্রৰ তথ্য অনুসৰি গ্রীনলেণ্ডত স্বাভাৱিকতকৈ অধিক বৰফ গলিছে৷ এই উপগ্রহীয় চিত্রৰ আঁত ধৰি বিজ্ঞানীসকলে কৰা প্রাথমিক গৱেষণা অনুসৰি বিগত বর্ষৰ প্রায় ৭ জুলাইৰ পৰা ধাৰাবাহিকভাৱে গ্রীনলেণ্ডত বৰফ গলা আৰম্ভ হৈছিল৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে ৮০ শতাংশ চিৰস্থায়ী তুষাৰাবৃত অঞ্চলতেই ইয়াৰ প্রভাৱ পৰিছে৷ বিজ্ঞানীসকলে গ্রীনলেণ্ডৰ বৰফৰ ৰং পৰিৱর্তন হোৱা সন্দর্ভতো মতামত আগবঢ়াইছে৷ তেওঁলোকৰ মতে বৰফৰ স্তৰৰ এক বৃহৎ অংশত জমা হৈছে কার্বন আৰু ধূলি৷ যাৰ পৰিণতিত এই ধূসৰ স্তৰে পূর্বতকৈও অধিক বেছি সৌৰশক্তি শোষণ কৰিছে৷ পৰিণতিত অতি দ্রুতভাৱে গলিছে বৰফ৷ গ্রীনলেণ্ডৰ বৰফৰ স্তৰত কার্বন–ধূলিৰ আৱৰণ সৃষ্টি হোৱাৰ মূলতেই যে গ্রীনহাউছ গেছৰ নির্গমন, সেয়া ব্যাখ্যাৰ নিষ্প্রয়োজন৷ এনে অৱস্থাত পৃথিৱীৰ ভৱিষ্যতক সুৰক্ষিত কৰিবলৈ হ’লে পেৰিছ জলবায়ু চুক্তি মানি সমগ্র বিশ্ব সমুদায়ে তাপমাত্রা সীমাবদ্ধ কৰি ৰখা তথা গোলকীয় উষ্ণতা প্রতিৰোধৰ বাবে মানৱ জাতিৰ ওচৰত আন কোনো বিকল্প নাই৷ এয়া এতিয়া সময়ৰ আহ্বান৷