ডিজিটেল ডেস্ক, চামগুৰি, ২৭ জুলাই : চামগুৰিৰ শালনাত সংঘটিত হৈছে এক ভয়ংকৰ তথা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। শালনাৰ ১১ নম্বৰ লাইনত এগৰাকী নিচাসক্ত স্বামীৰ নৃশংস আক্ৰমণত কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হয় দুৰ্ভগীয়া পত্নীয়ে।
অভিযোগ অনুসৰি, ঘৰুৱা বিবাদৰ পৰিণতিতে নিচাসক্ত স্বামীয়ে চলোৱা আক্ৰমণৰ ফলত থিতাতে নিহত হয় পত্নী সুনিতা নাহক। দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক কন্দলৰ বাবেই এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
ঘটনা সম্পৰ্কে খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত শালনা আৰক্ষীৰ এটা দল উপস্থিত হয়। আৰক্ষীয়ে অভিযুক্ত স্বামী শিৱ প্ৰসাদ কোঁৱৰক আটক কৰাৰ লগতে মৃতদেহটো জিম্মাত লয়। আৰক্ষীয়ে শিৱ প্ৰসাদ কোঁৱৰক নিজ জিম্মাত ৰাখি ইতিমধ্যে ঘটনা সন্দৰ্ভত এক জেৰা চলোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।