অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে বানপীড়িত লোকসকলৰ কাষত থিয় দিছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট। সংস্থাটোৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক (CMD) ৰিণিকি ভূঞা শৰ্মাই বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাবে ১ কোটি টকাৰ বিশেষ সাহায্য ঘোষণা কৰিছে।
ঘোষণা অনুসৰি, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানত ক্ষতিগ্ৰস্ত ৫০খন বিদ্যালয়ৰ মেৰামতিৰ বাবে ২ লাখকৈ মুঠ ১ কোটি টকা ব্যয় কৰা হ’ব।
উল্লেখযোগ্য যে, অসমীয়া ছবি ‘ককাদেউতা নাতি’ আৰু ‘হাতী-২’-ৰ উপাৰ্জনৰ পৰা এই সাহায্য আগবঢ়োৱা হ’ব। বানৰ ফলত ক্ষতিগ্ৰস্ত শিক্ষা ব্যৱস্থাক পুনৰ স্বাভাৱিক কৰি তোলা আৰু ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়মুখী কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।
এই ঘোষণাৰ জৰিয়তে দুৰ্যোগৰ সময়ত সমাজৰ প্ৰতি কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে।
ডিজিটেল ডেস্ক, ২৭ জুলাই