সম্পাদকীয় : মুখ ঢকা সমাজ
নীট কাণ্ডৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে ২৫ জুলাইত পদত্যাগ কৰাৰ পিছতে নতুন দিল্লীত ক’কৰোচ জনতা পার্টীৰ বিদ্রোহ শাম কাটিছে৷ যোৱা ৩ মে’ত নেচনেল টেষ্টিং এজেঞ্চীয়ে আয়োজন কৰা চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমৰ প্রৱেশ পৰীক্ষা নীট–ইউজিত দেশৰ ২২ লাখ ছাত্র–ছাত্রীয়ে ভাগ লৈছিল৷ পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্রায় ডেৰ মাহ পূর্বে নীটৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ এই বিষয়ত উত্থাপিত অভিযোগসমূহ প্রাথমিক পর্যায়ৰ তদন্তত প্রমাণ হোৱাৰ পিছত ১২ মে’ত নীট পৰীক্ষা বাতিল কৰা হয়৷ পৰৱর্তী সময়ত নেচনেল টেষ্টিং এজেঞ্চীয়ে ২১ জুনত তৎপৰতাৰে নীট পৰীক্ষা অনুষ্ঠিত কৰি চলিত মাহত ফলাফলো ঘোষণা কৰে৷
নীট পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল ঘটনাৰ পিছতে লাডাখত পৰিৱেশ কর্মী সোণম ৱাংচুক আৰু ক’কৰোচ জনতা পার্টীয়ে চলোৱা বিদ্রোহৰ বাবে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰে৷ কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকীৰ পদত্যাগৰ লগে লগে বিজয় উৎসৱ পালন কৰি ক’কৰোচ জনতা পার্টীয়ে বিদ্রোহৰ যৱনিকা পেলায়৷ ক’কৰোচ জনতা পার্টীৰ ৩৬ দিনীয়া বিদ্রোহক কেন্দ্র কৰি ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত উদ্ভৱ হোৱা আন্দোলনমুখৰ পৰিস্থিতিয়ে দেশৰ আইন–শৃংখলা পৰিস্থিতিৰ প্রতিও গভীৰ ভাবুকিৰ সৃষ্টি কৰিছিল৷ এনে প্রতিবাদক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এলানি কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ স্পষ্ট বার্তা দিয়াৰ পিছতো তিনি সপ্তাহজোৰা অনশন কার্যসূচী সোণম ৱাংচুকে প্রত্যাহাৰ কৰাৰ পিছতো ক’কৰোচ জনতা পার্টীৰো আন্দোলন কিছু পৰিমাণে স্তিমিত হৈছিল৷ কিন্তু নীট কাণ্ডৰ নামত ৰাজধানী নতুন দিল্লীত চলি থকা ক’কৰোচ জনতা পার্টীৰ আন্দোলনৰ স’তে জড়িত হৈছিল কংগ্রেছ, বাঁওপন্থী দলকে ধৰি একাংশ চৰকাৰবিৰোধী সংগঠন৷ এই ৰাজনৈতিক চক্রটোৱে কোনো পৰিস্থিতিতে বিচৰা নাছিল ক’কৰোচ জনতা পার্টীৰ আন্দোলন শেষ হওক৷ ক’কৰোচ জনতা পার্টীৰ কান্ধত বন্দুক থৈ এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ ৰাজনৈতিক চক্রটোৱে অহৰহ চক্রান্ত চলাইছিল৷
জেন জিৰ নামত চলোৱা এই বিদ্রোহৰ সময়ছোৱাত যিবোৰ ঘটনা পোহৰলৈ আহিছে সেয়া দেশৰ কোনো সভ্য সমাজে গ্রহণ কৰিব নোৱাৰে৷ প্রকৃততে ক’কৰোচ জনতা পার্টীৰ নেতা অভিজিত দীপকেৰ ভূমিকাক লৈও দেশৰ বিবেকৱান লোকসকল ক্ষুণ্ণ হৈছে৷ নীট কাণ্ডক লৈ ২৬ দিনজোৰা অনশন কৰি আন্দোলনক নতুন ৰূপ দিয়া সোণম ৱাংচুকৰ অৱদানক ক’কৰোচ জনতা পার্টীৰ নেতা অভিজিত দীপকেই সম্পূর্ণ উপেক্ষা কৰিলে৷ আনকি বিদ্রোহস্থলীত অভিজিত দীপকেই গান্ধীবাদী নেতা আন্না হাজাৰেক লক্ষ্য কৰি যি বক্তব্য দিছে তাৰ দ্বাৰা হাজাৰেই নহয়, দেশৰ জ্যেষ্ঠ নাগৰিকসকলক অপমান কৰা হৈছে৷ আমাৰ দেশখনক বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশৰূপে প্রতিষ্ঠা কৰাৰ ক্ষেত্রত দেশৰ সকলো শ্রেণীৰ নাগৰিকৰ বিশেষ অৱদান আছে৷ দেশ গঠন প্রক্রিয়াত জ্যেষ্ঠ নাগৰিকসকলক উপেক্ষা কৰিলে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব৷ বেদ–উপনিষদৰ পৰা ভাৰতীয় সভ্যতা–সংস্কৃতিয়ে নিজস্ব ৰূপ ধাৰণ কৰি আমাৰ সমাজখনক আগুৱাই নিছে৷ এতিয়া সকলোবোৰ উপেক্ষা কৰি জেন জিক উচটাই খন্তেকীয়া আৱেগৰ সৃষ্টি কৰি অস্থিৰতা বিৰাজ কৰাটো সহজ৷ কিন্তু তেনে অস্থিৰতাই আমাৰ সমাজখনক, আমাৰ দেশখনক কোনো কাৰণতে প্রগতিৰ ঈপ্সিত লক্ষ্যত উপনীত কৰাব নোৱাৰে৷ চুবুৰীয়া নেপাল, বাংলাদেশ আৰু শ্রীলংকাৰ এনে বিদ্রোহৰ পৰিণতি কি হৈছে, সেয়া এতিয়া সকলোৰে চকুৰ আগত৷
নীট কাণ্ডৰ বাবে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগ আৰু ক’কৰোচ জনতা পার্টীৰ বিদ্রোহে দেশৰ পৰীক্ষা ব্যৱস্থাক আমূল পৰিৱর্তন কৰি এক নিকা ব্যৱস্থা গঢ়ি তুলিলে সকলোৰে বাবে মংগল হ’ব৷ কিন্তু এনে ব্যৱস্থা মাথোঁ কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকীৰ ওপৰতে ন্যস্ত থাকিলে ইয়াৰ ফলপ্রসূ সমাধান নোলায়৷ ক’কৰোচ জনতা পার্টীয়ে আৰম্ভণিৰে পৰা নীট কাণ্ডৰ বাবে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগ দাবী কৰি আহিছে৷ নীট পৰীক্ষা অনুষ্ঠিত কৰা নেচনেল টেষ্টিং এজেঞ্চীৰ অধ্যক্ষ ড০ প্রদীপ কুমাৰ যোশীৰ পদত্যাগ কোনোদিনে বিচৰা নাছিল৷
নেচনেল টেষ্টিং এজেঞ্চী এটি স্বতন্ত্র শৈক্ষিক সংস্থা৷ এই সংস্থাটোৱে মাথোঁ নীট–ইউজি পৰীক্ষাই নহয়, উচ্চ শিক্ষাৰ নামভর্তিকে ধৰি নিয়োগৰ বাবে প্রয়োজনীয় অর্হতাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰে৷ নীটৰ অধ্যক্ষ ড০ যোশী এগৰাকী প্রসিদ্ধ শিক্ষাবিদ৷ ইউপিএছচিৰো অধ্যক্ষৰ দায়িত্বত থকা অৱসৰপ্রাপ্ত অধ্যাপকজনে মধ্যপ্রদেশ লোকসেৱা আয়োগৰ অধ্যক্ষ পদত কার্যনির্বাহ কৰিছিল৷ কিন্তু নীট কাণ্ডৰ বাবে যদিহে প্রথমে জগৰীয়া কৰিবলগীয়া হয় তেন্তে ড০ যোশীয়ে কোনো কাৰণতে ৰেহাই পাব নোৱাৰে৷ কিন্তু যিসকলে ৰাজধানী নতুন দিল্লীত প্রতিবাদেৰে চৰকাৰ ওফৰাই দিয়াৰ বাবে দিনে–নিশাই প্রতিবাদ কৰিছিল তেওঁলোকৰ মুখত কেতিয়াও ড০ যোশীৰ নাম উচ্চাৰণ হোৱা নাছিল৷ মাথোঁ নীটৰ প্রশ্ণকাকতেই নহয়, দেশৰ আৰু ৰাজ্যসমূহৰ বিভিন্ন পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱাৰ ঘটনা বহু বছৰ ধৰি চলি আহিছে৷ এই সন্দর্ভত পৰীক্ষা বাতিলৰ ঘটনাও ঘটিছে৷ বিভিন্ন গোচৰ পঞ্জীভুক্ত হৈ অভিযুক্তসকলক গ্রেপ্তাৰ কৰাও হৈছে৷ প্রকৃততে পৰীক্ষা অনুষ্ঠিত কৰা সামগ্রিক ব্যৱস্থাটোৰ লগতে আমাৰ সমাজখনৰ সততা অবিহনে এইক্ষেত্রত নিকা ব্যৱস্থা প্রৱর্তন কৰাটো সহজসাধ্য নহয়৷ নীট পৰীক্ষাৰ স’তে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান প্রত্যক্ষভাৱে জড়িত নহয় যদিও নৈতিক দায়িত্ব গ্রহণ কৰি পদত্যাগ কৰাটো শুভ লক্ষণ৷
যিকোনো এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ অন্তৰালত এটি বিশেষ গোট জড়িত হৈ থাকে৷ পৰীক্ষাৰ প্রশ্ণকাকত প্রস্তুত, প্রশ্ণকাকত প্রকাশ, পৰীক্ষা কেন্দ্র নির্বাচন, পৰীক্ষা পৰিচালনা, পৰীক্ষা বহী সংগ্রহ আৰু মূল্যায়ন প্রক্রিয়াৰ স’তে সুকীয়া সুকীয়া দায়িত্বত একাংশ বিষয়া–কর্মচাৰী নিয়োজিত হৈ থাকে৷ এই লোকসকলৰ সততা আৰু একনিষ্ঠতাৰ ওপৰতে যিকোনো পৰীক্ষাৰ সফলতা নির্ভৰ কৰে৷ কিন্তু শেহতীয়াকৈ পৰীক্ষা ব্যৱস্থাৰ স’তে জড়িত একাংশ লোকৰ সততাৰ ওপৰত প্রশ্ণ উত্থাপন হৈছে৷ একাংশ প্রতিষ্ঠিত কোচিং চেণ্টাৰ অথবা শিক্ষানুষ্ঠানে এই চক্রটোৰ সৈতে মিতিৰালি কৰি পৰীক্ষাত সফলতা দেখুওৱাৰ অভিযোগো উঠিছে৷
আনকি একাংশ ধনৱান পৰিয়ালৰ ছাত্র–ছাত্রীয়ে এনে চক্রৰ সহায় লৈ অশুভ পন্থাৰে সফলতা অর্জন কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নীট পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ অন্তৰালত আছে দেশৰ একাংশ নামী–দামী কোচিং চেণ্টাৰ আৰু বিত্তৱান লোক৷ এই চক্রটোৱে সমগ্র পৰীক্ষা ব্যৱস্থাটোৰ মাজত সোমাই সমগ্র ব্যৱস্থাটোকেই কলুষিত কৰিছে৷ কিয়নো যিসকলে নীট পৰীক্ষাৰ প্রশ্ণকাকত অশুভ পন্থাৰে বাহিৰলৈ উলিয়াই দিছে, যিসকল ছাত্র–ছাত্রী আৰু অভিভাৱকে এনে প্রশ্ণকাকত লাভ কৰি সহজ পথেৰে আগুৱাই যোৱাৰ দৌৰত চামিল হৈছে সেইসকলে আমাৰ সমাজৰে অংশ৷ হয়তো এইসকল লোকৰ একাংশই আমাৰ সমাজখনক নেতৃত্বও দিছে৷ এতিয়া আমি সকলো দেখিও, সকলো শুনিও মুখ–কাণ বন্ধ কৰি আছোঁ৷ নিকা পৰীক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ আমাৰ সমাজখনো সমানেই নিকা হ’ব লাগিব৷