নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে কালৰূপ ধাৰণ কৰাৰ সময়তে মঙলবাৰে পুনৰ দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰথম পৰ্যায়ৰ ২১ দিনীয়া লকডাউনৰ অন্ত পৰাৰ দিনটোতে মঙলবাৰে পুনৰ ১৯ দিনৰ বাবে অৰ্থাৎ আগন্তুক ৩ মে’ পৰ্যন্ত লকডাউন বৃদ্ধিৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
ক’ৰোনাৰ এই সংহাৰী ৰূপৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ অন্য কোনো উপায় নাই বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আগতকৈ অত্যন্ত সতৰ্কতাৰে এই লকডাউন পালন কৰিবলৈ আহ্বান জনায় মোদীয়ে । দ্বিতীয় দফাৰ এই লকডাউনত চৰ্ত সাপেক্ষে বাহিৰলৈ যোৱাৰ অনুমতি আছে যদিও চৰ্ত মানি নচলিলে প্ৰত্যাহাৰ কৰা হ’ব অনুমতি ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত লকডাউনৰ সময়ৰ আৰ্থিক ক্ষতিৰ প্ৰসংগ উল্লেখ কৰি কয় যে ভাৰতবাসীৰ জীৱনৰ মূল্যতকৈ লকডাউনৰ সময়ৰ আৰ্থিক ক্ষতি কোনোগুণে উচ্চ নহয় । উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিল পৰ্যন্ত ঘোষণা কৰা হৈছিল ২১ দিনীয়া লকডাউন । আজি অন্ত পৰিব লগা ২১ দিনীয়া লকডাউনৰ সময়তে পুনৰ দেশজুৰি ৩ মে’লৈকে বৃদ্ধি কৰা হয় লকডাউন ।