নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত পিষ্টল দেখুৱাই ডকাইতিৰ চেষ্টা দুৰ্বৃত্তৰ

ডিজিটেল ডেস্ক, ৰঙিয়া, ২৮ জুলাই : ৰঙিয়া চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ অপচেষ্টাৰ ঘটনা। এখন ব্যৱসায়িক প্ৰতিষ্ঠানত পিষ্টল দেখুৱাই ধন লুট কৰিবলৈ চেষ্টা চলোৱা এজন পিষ্টলধাৰী যুৱকক দোকানৰ গৰাকীয়ে অসীম সাহস আৰু উপস্থিত বুদ্ধিৰে প্ৰতিহত কৰে। দোকানৰ গৰাকীৰ সাহসী পদক্ষেপৰ বাবেই ডকাইতৰ সমগ্ৰ পৰিকল্পনা ব্যৰ্থ হয় আৰু যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।

প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত ‘সঞ্জয় ষ্ট’ৰ’ নামৰ প্ৰতিষ্ঠানখনত এজন অজ্ঞাত যুৱকে হঠাত সোমাই পিষ্টল উলিয়াই দোকানৰ গৰাকী সন্দীপ আগৰৱালক লক্ষ্য কৰি ধমক দিয়ে আৰু বেগত ধন ভৰাই দিবলৈ আদেশ দিয়ে। অজ্ঞাত দুৰ্বৃত্তটোৱে ওপৰলৈ লক্ষ্য কৰি এটা গুলী ফুটাবলৈ চেষ্টা চলায় যদিও সৌভাগ্যক্ৰমে পিষ্টলৰ পৰা গুলী নোলাল।

ঘটনাটোৱে মুহূৰ্তৰ বাবে তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল যদিও অকণমানো ভয় নাখাই সন্দীপ আগৰৱালে প্ৰত্যুৎপন্নমতিতাৰে দুৰ্বৃত্তটোক খেদি যায়। দোকানৰ গৰাকীৰ সাহস দেখি হতচকিত হৈ পৰে দুৰ্বৃত্তটো। পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা বুলি অনুভৱ কৰি পিষ্টলধাৰী যুৱকজনে লগে লগে ঘটনাস্থলীৰ পৰা দৌৰি পলাই যায়।

সমগ্ৰ ডকাইতিৰ অপচেষ্টা আৰু যুৱকজনৰ পলায়নৰ দৃশ্য প্ৰতিষ্ঠানখনৰ চি চি টিভি কেমেৰাত স্পষ্টকৈ বন্দী হৈছে। ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষীয়ে ইতিমধ্যে চি চি টিভি ফুটেজ সংগ্ৰহ কৰিছে আৰু উক্ত ফুটেজৰ আধাৰত পিষ্টলধাৰী যুৱকজনক চিনাক্ত কৰি আটক কৰাৰ বাবে ব্যাপক অভিযান আৰম্ভ কৰিছে।

You might also like