নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ শিল্পৰে সমৃদ্ধ অসম… সদনত উন্মোচিত চাহ শ্ৰমিকৰ অবৰ্ণনীয় ছবি

• ভৱিষ্যনিধিৰ ধন জমা নিদিয়া ৫২ চাহ বাগিচাৰ বিৰুদ্ধে কৰা হৈছে আইনী ব্যৱস্থা, বাগিচা এলেকাত ১,৮২৫ শিক্ষকেৰে চলিছে ২,৩২৯খন প্ৰাথমিক বিদ্যালয়

চাহ শিল্পৰে অসম সমৃদ্ধ যদিও চাহৰ লগত জড়িত শ্ৰমিকৰ অৱহেলিত ছবিখন প্ৰত্যক্ষ কৰিলে হতচকিত হৈ পৰিব লাগিব ৷ স্বাস্থ্য, শিক্ষা, অনাময়কে ধৰি সকলো ক্ষেত্ৰতে আজিও চৰকাৰৰ পৰা অৱহেলিত হৈ আহিছে চাহ শ্ৰমিকসকল ৷ অসমত চাহ শিল্পই দ্বিশতবৰ্ষ গৰকিলে যদিও চাহ শ্ৰমিকসকল আজিও অৱহেলিত জীৱনেই পাৰ কৰিব লগা হৈ আহিছে৷

সৰ্বদিশতে অৱহেলাৰ অৱৰ্ণনীয় ছবিখন সোমবাৰে সদনৰ মজিয়াত চাহ জনজাতি আৰু আদিবাসী কল্যান বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দাখিল কৰা তথ্যতে উন্মোচিত হৈ পৰে ৷

চলিত বিধানসভাৰ বাজেট অধিবেশনৰ দ্বাদশ দিনা বিধায়ক আব্দুৰ ৰহিম আহমেদে চাহ বাগিচাত চাহ শ্ৰমিকৰ শিক্ষা, স্বাস্থ্যকে ধৰি ভবিষ্যনিধিৰ ধন সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সদনত সদৰি কৰা তথ্য অনুসৰি, Plantation Labour Act, 1951 ৰ অধীনত পঞ্জীয়নভুক্ত অসমৰ মুঠ ৮০৭ খন চাহ বাগিচাত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ বৰ্তমানৰ ভাৰসাম্যহীন ভয়াৱহ ছবি এখন স্পষ্ট হৈ পৰে।

তথ্য অনুসৰি বাগিচাসমূহত প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা তুলনামূলকভাৱে ভাল যদিও উচ্চ শিক্ষা আৰু বিশেষজ্ঞ চিকিৎসকৰ অভাৱ স্পষ্ট। তথ্য অনুসৰি বাগিচাসমূহত বৰ্তমান ২৭২ জন নিয়মীয়া চিকিৎসক আৰু ২৮৩ জন ভিজিটিং চিকিৎসক কৰ্মৰত আছে।

একেদৰে শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে, বাগিচাত মুঠ ২,৩২৯ খন প্ৰাথমিক বিদ্যালয় আছে আৰু ইয়াত কৰ্মৰত শিক্ষকৰ সংখ্যা হৈছে ১,৮২৫ জন। অৰ্থাৎ ৰাজ্যৰ চাহ বাগিচা এলেকাত ১,৮২৫ গৰাকী শিক্ষকেৰে এতিয়াও চলি আছে ২,৩২৯ খন প্ৰাথমিক বিদ্যালয় ৷

আনহাতে মধ্য-ইংৰাজী বিদ্যালয়ৰ সংখ্যা হৈছে ২২৪ খন আৰু শিক্ষক হৈছে ১৯৪ জন। সমান্তৰালকৈ চাহ বাগিছা এলেকাত ১৪৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে ইয়াত শিক্ষক আছে ৯৬ জন।

৬৯ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে শিক্ষক আছে ৫০জন। আনহাতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাগিচাৰ পৰা ৫ কিঃমিঃৰ ভিতৰত ১২০খন মহাবিদ্যালয় আছে। এই মহাবিদ্যালয়সমূহত মুঠ ৩,৬৩৯ জন শিক্ষক নিয়োজিত হৈ থকা বুলি সদনত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উল্লেখ কৰে।

আনহাতে বিভিন্ন শ্ৰমিক সংগঠনে চাহ বাগিছা এলেকাত জনসংখ্যাৰ অনুপাতত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা অতি নগন্য বুলি অভিযোগ কৰি আহিছে ৷ ফলত বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে বহু দূৰলৈ যাবলগীয়া হয় ৷

আনহাতে চাহ শ্ৰমিকৰ ভবিষ্যনিধি সন্দৰ্ভত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আন এক প্ৰশ্নৰ উত্তৰত তথ্য সদৰি কৰি কয় যে, চাহ বাগিচা আৰু কলঘৰৰ কর্তৃপক্ষ সমূহে শ্রমিক আৰু কৰ্মচাৰী সকলৰ দৰমহাৰ পৰা কৰ্তন কৰি ৰখা ১২% আৰু মালিকপক্ষৰ ১২% মুঠ ২৪% শতাংশ ভৱিষ্যনিধি বৰঙণিৰ হিচাপ সাপ্তাহিক, পষেকীয়া অথবা মাহেকীয়া ভিত্তিত ভৱিষ্যনিধিৰ ধন অসম চাহ শ্রমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনত জমা কৰে ৷ যিটো এক নিৰৱচ্ছিন্ন আৰু ধাৰাবাহিক প্রক্রিয়া ৷

যাৰ বাবে ভৱিষ্যনিধি বৰঙণিৰ ধন জমা দিয়া বা নিদিয়াৰ স্থিতি দৈনিক সলনি হৈ থাকে। অসম চাহ শ্রমিক-কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ জৰিয়তে অসম চাহ বাগিচা ভৱিষ্যনিধি তথা বৃত্তিনিধি তথা জমাভিত্তিক বীমা আচঁনি আইনৰ অধীনত পঞ্জীভুক্ত হৈ থকা ১,২৯১ খন চাহ বাগিচা আৰু কলঘৰৰ ভিতৰত ৩১ মার্চ ২০২৬ পর্যন্ত ১৯০ খন চাহ বাগিচা আৰু কলঘৰৰ কৰ্তৃপক্ষই ভৱিষ্যনিধিৰ বৰঙণিৰ ধন জমা দিয়া নাই।

বাগিচা কর্তৃপক্ষই শ্রমিক কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ ধন জমা দিয়াত ব্যর্থ হ’লে ভৱিষ্যনিধি বিভাগে সময়ে সময়ে বকেয়া ধন সমূহ জমা দিবলৈ জননী জাৰি কৰে। এই জাননী লাভ কৰাৰ পিছতো মালিক পক্ষই এই ধন নিৰ্দ্ধাৰিত সময়ত জমা নিদিলে ভৱিষ্যনিধি বিভাগে ভাৰতীয় ন্যায়সংহিতাৰ অধীনত আইনগত ব্যৱস্থা লোৱাৰ উপৰিও Recovery Proceedingৰ যোগেদি বকেয়া ধন আদায় কৰাৰ ব্যৱস্থা কৰে।

অসম চাহ শ্রমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ দ্বাৰা বৰ্তমানলৈকে ভাৰতীয় ন্যায়সংহিতাৰ অধীনত আইন অনুসৰি ৫২ খন চাহ বাগিচা আৰু কলঘৰৰ কৰ্তৃপক্ষৰ বিৰূদ্ধে আইনী ব্যৱস্থা লোৱা হৈছে আৰু ৫৩ খন চাহ বাগিচা আৰু কলঘৰৰ কৰ্তৃপক্ষৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

তদুপৰি ৰিক’ভাৰী প্ৰচিডিঙ ৰ যোগেদি বকেয়া ধন আদায় কৰাৰ বাবে ৪২ খন চাহ বাগিচাৰ সম্পত্তি বাজেয়াপ্ত কৰি ইতিমধ্যে ১০ খন চাহ বাগিচা অনলাইন ৰাজহুৱা নিলাম যোগে বিক্ৰী কৰি বকেয়া ধন আদায় কৰা হৈছে ৷ ১৪ খন চাহ বাগিচাত Receiver নিয়োগ কৰি বাগিচা কেইখনৰ দৈনন্দিন কাম কাজ চলাই থকা হৈছে ৷

একেদৰে ১০ খন চাহ বাগিচা কর্তৃপক্ষক বাগিচা পৰিচালনাৰ দায়িত্ব দি চলাই থকা হৈছে আৰু ৮ খন চাহ বাগিচা কর্তৃপক্ষই বকেয়া ধন আদায় দিয়াৰ বাবে এটাচমেন্ট অৰ্ডাৰ উঠাই লোৱা হৈছে বুলিও সদনত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সদৰি কৰে ৷

ডিজিটেল ডেস্ক, ২৮ জুলাই

You might also like