নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যাহ্ন ভোজন প্ৰসংগঃ চৰাইদেউত দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ এজাহাৰ

মধ্যাহ্ন ভোজন বিতৰণত শিক্ষামন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি । চৰাইদেউ দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ এজাহাৰ দাখিল ।

সোণাৰি, ১১ নৱেম্বৰঃ বেচৰকাৰী প্ৰতিষ্ঠানক চৰকাৰে মধ্যাহ্ন ভোজন যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ সমান্তৰালকৈ সোমবাৰে শিক্ষামন্ত্ৰী, শিক্ষা বিভাগৰ আয়ুক্ত আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে সোণাৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । ইপিনে মধ্যাহ্ন ভোজন যোগানৰ দায়িত্বত থকা বেচৰকাৰী প্ৰতিষ্ঠানটোৰ লগত ৰাজ্য চৰকাৰৰ এক বৃহৎ ধনৰ লেনদেন কৰি ৰান্ধনীসকলক পৰিকল্পিত ভাৱে আঁতৰাই ৰখাৰ এক গুৰুত্বৰ অভিযোগ কৰে সংগঠনটোৱে । এই ক্ষেত্ৰত এক উচিত তদন্তৰো দাবী জনাই সংগঠনটোৰ চৰাইদেউ জিলা সমিতিয়ে ।

You might also like