মেঘালয়ত প্ৰথমগৰাকী ক’ৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ মেঘালয়ত ক’ৰোনাত আক্ৰান্ত হোৱা ৰোগীগৰাকীৰ মৃত্যু হৈছে। বেথানী হাস্পতালৰ ৬৯ বছৰীয়া চিকিৎসকজন কেইদিনমান পূৰ্বে ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। আজি পুৱতিনিশা তেওঁৰ মৃত্যু হয়।
উল্লেখ্য যে মেঘালয়ত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা এইজনেই প্ৰথম ব্যক্তি।
ইপিনে ক’ৰোনাত আক্ৰান্ত চিকিৎসকজনৰ মৃত্যুৰ পাছতেই প্ৰশাসনৰ তৰফৰ পৰা বেথানী হাস্পতালখন সম্পূৰ্ণৰূপে ছীল কৰা হৈছে । লগতে হাস্পতালখনৰ চিকিৎসকসকলক কোৱাৰেণ্টাইনত ৰখা হৈছে ।