নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ ৰাজ্যত পুনৰ বন্ধ হ’ব সুৰাৰ বিপনী । কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাচতেই সুৰাৰ বিপনী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনাইছে এই কথা ।
যোৱা ১৩ এপ্ৰিলৰ দিনা ৰাজ্যৰ সুৰাৰ বিপনী সমূহ খুলি দিয়া হৈছিল যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাচতেই বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । অহা ৩ মে’ লকডাউন পৰ্যন্ত বন্ধ থাকিব ৰাজ্যৰ সকলো সুৰাৰ বিপনী । ইফালে,এই সময়ছোৱাত সকলো ধৰণৰ সুৰাৰ উৎপাদন, বিক্ৰী আৰু বটলিং প্লাণ্টসমূহৰো কামৰ লগতে গুটখাৰ বিক্ৰীও বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ।
উল্লেখ্য যে, বৰ্তমানলৈকে সুৰা বিপনী বন্ধ সন্দৰ্ভত কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা অহা নাই যদিও চৰকাৰে অচিৰেই ঘোষণা কৰিব এই কথা ।