নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰো অন্তৰাত্মাক জোকাৰি যাব এগৰাকী মহিলাৰ মহানুভৱতাই

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বকে সন্ত্ৰস্ত কৰাৰ সময়তে বহু লোকে এমুঠি খাদ্যৰ বাবেও যেন হাহাকাৰ কৰিব লগা হৈছে । এইসকল লোকলৈ সাহায্য আৰু অনুদান আগবঢ়াই আজিও মানৱতাৰ কথা কৈ গৈছে অসংখ্যজনে । অৱশ্যে এই অসম মুলুকৰ বাগসা জিলাৰ এগৰাকী বিধৱা মহিলাৰ মহানুভৱতাই সকলোৰে অন্তৰাত্মা জোকাৰি গৈছে । স্বৰ্গীয় বাহাদুৰ কাৰ্কীৰ পত্নী হৰিমায়া কাৰ্কী নামৰ মহিলা গৰাকীৰ সেৱাৰ পৰিমাণক সংখ্যাগতভাৱে তেনেই নগণ্য জ্ঞান কৰিব পাৰি যদিও তেওঁ যি প্ৰতিকূল পৰিৱেশ আৰু পৰিস্থিতিৰে সহাৱস্থান কৰি এই সেৱা আগবঢ়ালে সেয়া কিন্তু আন বহুজনৰ বাবেই অকল্পনীয় ।

এইগৰাকী মহিলাই নিজৰ গাঁওখনৰ অতি দৰিদ্ৰ ১৩ টা পৰিয়ালক চাউল,দাইল,আলু,মিঠাতেল, নিমখ,চয়াবিন,চাবোন আদি সামগ্ৰীৰে সাহায্য প্ৰদান কৰিছে । নিজৰ অৱস্থা স্বচ্ছল নোহোৱা স্বত্বেও কিন্তু ১৩ পৰিয়ালক যি ক্ষুদ্ৰতম সহায় আগবঢ়ালে সেয়া এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । ঋণত এখন ট্ৰেক্টৰ লোৱা স্বামীৰো এবছৰমান পূৰ্বে মৃত্যু হোৱাত দুগৰাকী কন্যাসহ অতি সংগ্ৰামৰ মাজেৰে জীৱন চলাই নিছে এইগৰাকী মহিলাই । কিন্তু এনে প্ৰতিকূল পৰিস্থিতিৰ পাচতো আনৰ পৰা সহায়ৰ আশা কৰাৰ পৰিৱৰ্তে এই চৰম দৈন্যতাৰ সময়ত নিজৰ দুৰৱস্থাৰ চিন্তা এৰি পেটে-ভাতে খাই থকা এই মহিলাগৰাকীয়ে নিজৰ ঘৰত অতি দৰিদ্ৰ ১৩ টা পৰিয়ালৰ মাজত এই সামগ্ৰী বিতৰণ কৰে । স্বামীক সোঁৱৰণ কৰি এই দান দিয়ে মহিলাগৰাকীয়ে ।

You might also like