ছাৰ্জিল ইমামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১৮ এপ্ৰিলঃ দিল্লী আৰক্ষীয়ে শনিবাৰে ছাৰ্জিল ইমামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে। ছাৰ্জিল ১৩ ডিচেম্বৰ ২০১৯ত জামিয়াত উচতনিমূলক ভাষণৰ লগতে হিংসা বিয়পোৱাত অভিযুক্ত। ছাৰ্জিলৰ বিৰুদ্ধে আই পি চি ১২৪ এ আৰু ১৫৩ এ ৰ অধীনত গোচৰ ৰুজু হৈ
আছিল। ছাৰ্জিলে ১৩ ডিচেম্বৰত ভাষণ দিছিল আৰু ১৫ ডিচেম্বৰত জামিয়া অঞ্চলত সংঘৰ্ষ হৈছিল। ছাৰ্জিলৰ এটা ভিডিঅ ভাইৰেল হৈছিল আৰু তাত এটা বিশেষ সম্প্ৰদায়ক উত্তেজিত কৰিছিল।