নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ লকডাউনৰ সময়ছোৱাত ছাত্র–ছাত্রীসকলক হোৱাট্ছএপযোগে পাঠদান কার্যসূচী অব্যাহত ৰাখিবলৈ শিক্ষা বিভাগে দিয়া নির্দেশক কেন্দ্র কৰিয়ে সৃষ্টি হৈছে বিতর্ক ৷ আনকি প্রাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষা বিভাগৰ এনে নির্দেশক লৈ প্রতিক্রিয়া প্রকাশ কৰাই নহয়, মানসিকভাৱে হাৰাশাস্তি নিদিবলৈও স্পষ্ট কৰি দিছে ৷ অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে সর্বশিক্ষা সঞ্চালকলৈ এখন স্মাৰক–পত্র প্রদান কৰি শিক্ষকসকলক প্রতিবাদী নসজাবলৈ স্পষ্ট কৰি দিছে ৷ এই সন্দর্ভত শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্র বৰা আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে এক বিবৃতিযোগে উল্লেখ কৰে যে ক’ৰোনা ভাইৰাছ মহামাৰীয়ে যি মানসিক হাৰাশাস্তি দিছে, সমান্তৰালভাৱে সর্বশিক্ষা মিছনৰ বিষয়াসকলেও অসমত শিক্ষক সমাজক মানসিক হাৰাশাস্তি প্রদান কৰিছে ৷
যোৱা ৬ এপ্রিলৰ পৰা ১৭ এপ্রিলৰ ভিতৰত ছাত্র–ছাত্রীক পাঠদান সম্পর্কত শিক্ষকসকলক ৭টা ভিন্ন হোৱাট্ছএপ নির্দেশনা প্রেৰণ কৰা হৈছে ৷ যিবোৰ নির্দেশনাৰ জৰিয়তে শৈক্ষিক প্রতিষ্ঠান বন্ধৰ বাবে যেন ক’ৰোনা ভাইৰাছ নহয়, শিক্ষকসকলেহে দায়ী ৷ তেনে ধৰণে প্রতিফলিত কৰিছে ৷ শেহতীয়াকৈ মিছন সঞ্চালকৰ নামত প্রকাশিত এটা হোৱাট্ছএপ বার্তাৰ আলম লৈ একাংশ জিলাৰ ডি পি অ’ টি টিসকলে দৰমহা বন্ধৰ ভাবুকি প্রদান কৰিছে ৷ ছাত্র–ছাত্রীৰ শৈক্ষিক খতিয়ানৰ ডায়েৰী প্রস্তুত কৰি তাৰ প্রতিবেদন দৰমহা বিলৰ লগত জমা নিদিলে দৰমহা দিয়া নহ’ব বুলিও ভাবুকি দিয়া হৈছে ৷ এনেধৰণৰ ভাবুকিত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে শিক্ষকসকল ৷ সন্মিলনীৰ সভাপতি–সম্পাদকদ্বয়ে কয় যে ছাত্র–ছাত্রীসকলৰ প্রতি দায়বদ্ধতা প্রকাশ কৰিয়েই মিছনৰ আদেশ মতেই পূর্বৰে পৰা শিক্ষকসকলে মনৰ খবৰ লওঁ আহক নামেৰে এক অভিযান যোৱা ২৮ মার্চতে আৰম্ভ কৰিছিল ৷ যাৰ অংশস্বৰূপে প্রতিদিনে শিক্ষকসকলে ছাত্র–ছাত্রীৰ লগত যোগাযোগ কৰি শৈক্ষিক দিশৰ লগতে অন্যান্য খবৰ সংগ্রহ কৰি আহিছে ৷ ইয়াৰ পাছতো মিছন সঞ্চালকালয়ে শিক্ষকসকলক ছাত্র–ছাত্রীসকলৰ পাঠদানৰ ক্ষেত্রত প্রদান কৰা ভাবুকিয়ে মনোবল হ্রাস কৰিছে শিক্ষকসকলৰ ৷
মিছনৰ তৰফৰ পৰা প্রকাশিত ধৰণে ৰাজ্যৰ প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ মাজত হোৱাট্ছএপ ক্লাছ কৰাটো সম্ভৱ নহয়৷ যিহেতু ৮০ শতাংশ ছাত্র–ছাত্রীৰে হোৱাট্ছএপ ব্যৱস্থা নাই আৰু বেছিভাগেই ইয়াৰ ব্যৱহাৰত শিশুসকল আৰু অভিভাৱকসকল অভ্যস্ত নহয়৷ গতিকে এই এই ব্যৱস্থাত অধিকাংশ শিশু বঞ্চিত হোৱাৰ তথ্য আগতীয়াকৈ লাভ কৰিছে মিছন সঞ্চালকালয়ে ৷ এই বিষয়ত গুৰুত্ব নিদি শিক্ষকক ডায়েৰী প্রস্তুত কৰা, ডায়েৰীৰ প্রতিবেদন দৰমহাৰ বিলৰ লগত বিচৰা নির্দেশ হঠকাৰী বুলি বিবেচিত হৈছে ৷ প্রাথমিক শিক্ষক সন্মিলনীয়ে এইক্ষেত্রত এলানি পৰামর্শ মিছন সঞ্চালকক প্রদান কৰিছে ৷ সেই পৰামর্শসমূহ হ’ল– ছাত্র–ছাত্রীসকলৰ পাঠদান সঠিকভাৱে আগুৱাই নিবলৈ গৰমৰ বন্ধ স্থগিত কৰা হওক, বানপানীৰ সময়ত যাতে বিদ্যালয়সমূহক শিবিৰ ৰূপে ৰূপান্তৰ কৰিব লগা নহয় তাৰ ব্যৱস্থা লোৱা, লোকপিয়লৰ কামৰ পৰা শিক্ষকসকলক ৰেহাই দিয়া, অনাশৈক্ষিক কাম যেনে বি এল অ’, এন আৰ চি, শিক্ষা বিভাগৰ বিভিন্ন পর্যায়ত কার্যালয়ত কাম কৰা আদিৰ পৰা শিক্ষকক ৰেহাই দিয়া আৰু বন্ধৰ সংখ্যা সীমিত কৰা ৷ সন্মিলনীৰ নেতৃত্বয়ে ইয়াকো স্পষ্ট কৰি দিয়ে যে হাৰাশাস্তিৰে যদি শিক্ষকসকলক মানসিকভাৱে বিপর্যস্ত কৰে, তেন্তে যিকোনো প্রতিবাদৰ বাবে মিছন সঞ্চালকালয় দায়ী হ’ব ৷