বিশ্বকাপত যুৱৰাজৰ সলনি ৰাইনাক দলত বিচাৰিছিল ধোনীয়ে
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ সুদীর্ঘ ২৮ বছৰৰ অপেক্ষাৰ অন্ত পেলাই ২০১১ত ভাৰতে আইচিচি এদিনীয়া বিশ্বকাপ জয় কৰাত মুখ্য ভূমিকা লৈছিল তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙে৷ বেটে–বলে চমকপ্রদ প্রদর্শনেৰে তেওঁ প্রতিযোগিতাৰ শ্রেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল৷ অথচ তেওঁকেই দলত অন্তর্ভুক্ত কৰিব বিচৰা নাছিল তেতিয়াৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ বাঁওহতীয়া ষ্ট্রাইলিছ বেটছমেনগৰাকীৰ পৰিৱর্তে ধোনীৰ পছন্দৰ খেলুৱৈ সুৰেশ ৰাইনাক অধিক সমর্থন আগবঢ়াইছিল অধিনায়ক তথা উইকেটৰক্ষকগৰাকীয়্৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে যুৱৰাজ সিঙে৷
এক সাক্ষাৎকাৰত তেওঁ কয় যে সুৰেশ ৰাইনাক সেই সময়ত ধোনীয়ে খুব পছন্দ কৰিছিল৷ তেওঁৰ প্রতি ধোনীৰ অগাধ আস্থা আছিল৷ সেই সময়ছোৱাত ইউছুফ পাঠান আৰু মই বেটে–বলে সমানে উন্নত প্রদর্শন দাঙি ধৰিছিলো৷ ইয়াৰ বিপৰীতে ৰাইনাই খুব ভাল খেলিব পৰা নাছিল৷ দলত তেতিয়া এগৰাকী বাঁওহতীয়া স্পিনাৰৰ প্রয়োজন হৈছিল৷ একে সময়তে মই নিয়মীয়াকৈ উইকেট দখল কৰি উক্ত স্থানৰ বাবে প্রবল দাবীদাৰ হৈ উঠিছিলো৷ সেয়ে অধিনায়কে মোক দলত ল’বলৈ বাধ্য হৈছিল৷ ইফালে তেওঁৰ প্রতিভা বিকাশত আৰু কেৰিয়াৰৰ উত্থানত প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ যথেষ্ট ভূমিকা আছিল বুলি স্বীকাৰ কৰে ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ নায়ক যুৱৰাজ সিঙে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও যুৱৰাজে ধোনীৰ নেতৃত্বৰ ওপৰত অভিযোগ উঠিছিল৷