আজি চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ল লখিমপুৰৰ বাবুল আলীক
নিয়মীয়া বাৰ্তা ২০ এপ্ৰিলঃ অসমত আজি আৰু দুজন ক’ৰোনা আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। স্বাস্থ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত দুয়োজনকে গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয়। অৱশ্যে এতিয়া দুয়োজন নীতি অনুসৰি হোম কেৱাৰেণ্টাইনত থাকিব সম্পূৰ্ণ সুস্থ হৈ উঠা ক’ৰোনা আক্ৰান্ত দুজন হৈছে লখিমপুৰৰ বাবুল আলী আৰু মৰিগাঁৱৰ হজৰত আলী। উল্লেখ্য যে লখিমপুৰৰ বাবুল আলী তেলাহী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আনহাতে সোণাপুৰ অসামৰিক চিকিৎসালয়ত হজৰত আলী চিকিৎসাধীন হৈ আছিল। দুয়োজন ৰে শেহতীয়া কেইবাটাও পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছত চিকিৎসালয়ৰ মুকলি কৰি দিয়া হৈছে। এতিয়া লৈকে অসমত মুঠ ১৯ জন ক’ৰোনা আক্ৰান্ত সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি গৈছে।