ক’ৰোনা সন্ত্রাস আৰু বৈজ্ঞানিক মানসিকতাৰ প্রশ্ন
- পাৰভিন চুলতানা
‘ক’ৰোনা এটি ভাইৰাছ নহয়, ই এটি অৱতাৰহে– যি অৱতাৰৰ আগমন নিৰীহ জীৱ–জন্তুৰ ৰক্ষার্থে হৈছে’৷ –এই ভাষ্য অখিল ভাৰতীয় হিন্দুু মহাসভাৰ সভাপতি স্বামী চক্রপাণিৰ ৷ তেওঁৰ মতে এই ক’ৰোনা সন্ত্রাস চীন দেশৰ মানুহবোৰৰ বাবে এটা ভাবুকি– তেওঁলোক যেন মাছ–মাংস খোৱা বাদ দি নিৰামিষভোজী খাদ্যাভ্যাস গঢ়ি তোলে৷ তেওঁ ততাতৈয়াকৈ চীনৰ ৰাষ্ট্রপতি জি ঝিনপিঙক ইয়াৰ সমাধানো জনাই দিলে৷ ক’ৰোনাৰ এটি মূর্তি বনাই তেওঁৰ পৰা ক্ষমা ভিক্ষা খুজিবলৈ পৰামর্শ দিলে৷ কেৱল সেয়াই নহয় স্বামী চক্রপাণিৰ দৰে একাংশ লোকৰ মতে গো–মূত্র সেৱন কৰিলে হেনো ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পোৱা যায়৷ আনকি স্বামী চক্রপাণিৰ নেতৃত্বত গো–মূত্র সেৱন পার্টীও অনুষ্ঠিত হয়৷ দেশৰ বিভিন্ন ঠাইত একাংশ লোক গো–মূত্র সেৱন কৰি অসুস্থ হোৱাৰ খবৰো আহিছে৷ পিছে ক’ৰোনাৰ বিষয়ে এনে অদ্ভুত কথা কোৱা মানুহ স্বামী চক্রপাণিৰ দৰে লোক অকলে নহয়৷ ঊইঘুৰ মুছলমানৰ ওপৰত চীনৰ চৰকাৰে কৰা অত্যাচাৰৰ ফলত ক’ৰোনা হেনো আল্লাহৰ ‘গজৱ’ হিচাপে দেখা দিছে বুলি একাংশ মুছলমান মৌলবাদী লোকে কৈছিল ৷
ভাৰতবর্ষত শিক্ষিতৰ হাৰ, স্বাক্ষৰতাৰ হাৰ দিনক দিনে বাঢ়ি গৈ আছে যদিও এতিয়াও অন্ধবিশ্বাস, কু–সংস্কাৰৰ প্রভাৱ একেবাৰে নিঃশেষ হোৱা নাই৷ যি সময়ত পৃথিৱীৰ উন্নত আগশাৰীৰ দেশবোৰে ক’ৰোনাৰ সন্ত্রাসত চিন্তিত আৰু মৃতকৰ সংখ্যা কেনেকৈ নিয়ন্ত্রণ কৰা যায় তাক লৈ ব্যস্ত, সেই একে সময়তে আমাৰ দেশৰ কিছু মানুহে এই মহামাৰীৰ ক্ষেত্রতো অন্ধবিশ্বাস কু–সংস্কাৰৰ উপৰি ভুৱা বাতৰি বিয়পোৱাত ব্যস্ত হৈ পৰিছে৷ এনে ঘটনাক গুৰুত্ব সহকাৰে এই কাৰণে লোৱা উচিত যে এয়া কেৱল চৰকাৰৰ কোনো নীতিক সমর্থন কৰা বা বিৰোধ কৰাৰ প্রশ্ণ নহয় এই কথাবোৰৰ লগত মানুহৰ জীৱন আৰু মৃত্যু জডিত হৈ আছে৷ এই মহামাৰীৰ মাজতো আমাৰ মানুহবোৰৰ মাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱ পৰিষ্কাৰভাৱে প্রতিফলিত হৈ উঠিছে ৷
ক’ৰোনাৰ সন্ত্রাসক লৈ ভাৰত চৰকাৰে কি ধৰণৰ পদক্ষেপ ল’ব সেইটো মার্চ মাহৰ তৃতীয় সপ্তাহত স্পষ্ট হৈ উঠিছিল৷ বিভিন্ন দেশৰ অভিজ্ঞতাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছিল যে ক’ভিড–১৯ ক’ৰোনা ভাইৰাছৰ এক নতুন মিউটেচন আৰু ইয়াৰ বিষয়ে বিজ্ঞানীসকলেও সকলো কথা জানিব পৰা নাই৷ বিভিন্ন দেশত এই বেমাৰৰ লক্ষণ, চিকিৎসাৰ বিষয়ে জানিবলৈ বৈজ্ঞানিক সমাজে অবিৰামভাৱে চেষ্টা চলাই গৈছে৷ কিন্তু এতিয়াও ইয়াৰ ঔষধ বা ‘ভেকচিন’ ওলোৱা নাই৷ এনেক্ষেত্রত প্রত্যেককনে দেশে নিজৰ নাগৰিকক প্রতিষেধকমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ উপদেশ দিছে৷ এইক্ষেত্রত ভাৰতেও একে ধৰণৰ সিদ্ধান্ত লৈছে আৰু সংক্রমণৰ হাৰ নিয়ন্ত্রণ কৰিবলৈ সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰখাৰ উপদেশ দিছে ৷
সেইমর্মে ভাৰতৰ প্রধানমন্ত্রীয়ে যোৱা ২২ মার্চৰ দিনাখন জনতা কার্ফিউ পালন কৰিবলৈ ভাৰতবাসীক আহ্বান জনাইছিল৷ কোৱাবাহুল্য যে ভাৰতৰ দৰে দেশ এখনত য’ত ১৩০ কোটি মানুহ বসবাস কৰে, এনেকুৱা কার্ফিউ সফল কৰি তোলা কঠিন৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই প্রায় গোটেই দেশে এই কার্ফিউ পালন কৰিছিল৷ প্রধানমন্ত্রীয়ে আৰু এটা উপদেশ দিছিল যে দিনটো কার্ফিউ পালন কৰি সন্ধিয়া পাঁচ বজাত সকলোৱে নিজৰ ঘৰৰ বেলকনী বা বাৰাণ্ডাত ওলাই আহি ক’ৰোনাৰ সৈতে অবিৰামভাৱে যুঁজ দিয়া ডাক্তৰ, নার্ছ আৰু সকলো স্বাস্থ্যকর্মীৰ প্রতি ধন্যবাদ জ্ঞাপন কৰি পাঁচ মিনিট তেওঁলোকৰ কামক সন্মান জনাই হাত চাপৰি দিবলৈ কৈছিল৷ এনে প্রচেষ্টা ভাৰতৰ বাহিৰতো কিছু দেশত হাতত লোৱা হৈছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে প্রধানমন্ত্রীৰ এই ধুনীয়া মানৱীয় আহ্বানৰ বিকৃত বিশ্লেষণ লগে লগেই আৰম্ভ হৈ পৰিল৷ আজিকালি বিজ্ঞান প্রযুক্তিৰ উন্নত উপহাৰ স্মার্টফোন সকলোৰে হাতে হাতে আৰু এই স্মার্টফোনৰ জৰিয়তে এই অপব্যাখ্যাবোৰ বিয়পোৱা হ’ল৷ বহুতৰে মতে প্রধানমন্ত্রীয়ে ১৪ ঘণ্টীয়া জনতা কার্ফিউ দিয়াৰ কাৰণ হ’ল যে ক’ৰোনা ভাইৰাছ মানুহৰ গাৰ বাহিৰত মাত্র ১২ ঘণ্টাহে জীয়াই থাকে আৰু ১৪ ঘণ্টা মানুহ ঘৰৰ ভিতৰত থাকিলে এই ভাইৰাছৰ সংক্রমণৰ চেইনডাল ভাঙি যাব৷ বহুতে আকৌ ক’লে যে পাঁচ বজাত তালি, শংখ, ঘণ্টা, বজোৱাৰ কিছু বৈজ্ঞানিক কাৰণো আছে– যেন ডাক্তৰক সহমর্মিতা দেখুওৱা মানৱীয় কাৰণ যথেষ্ট নহয়৷ তেওঁলোকৰ seudo Science] মতে এই ধ্বনিয়ে যি ‘ভাইব্রেচন’ৰ সৃষ্টি কৰিব সেই ‘ভাইব্রেচনে’ ক’ৰোনাৰ দৰে বীজাণুক নষ্ট কৰি পেলাব ৷
বিজ্ঞান জগতত, চিকিৎসা বিজ্ঞানত ‘ছাউণ্ডথেৰাপী’ৰ ব্যৱহাৰ নহয় বুলি ক’ব নোৱাৰি কিন্তু ক’ৰোনা ভাইৰাছক প্রতিহত কৰাৰ ক্ষেত্রত ইয়াৰ কোনো ভূমিকা আছে বুলি এতিয়াও প্রমাণ পোৱা নাই৷ এনে ভুৱা বিশ্লেষণ কেৱল ৱাট্ছএপ আৰু ছ’চিয়েল মিডিয়ালৈ সীমিত থাকিলে চিন্তাৰ কাৰণ নাছিল৷ কিন্তু এই ‘থিয়ৰী’বোৰক সঁচা বুলি ভাবি লৈ ঠিক পাঁচ বজাত ভাৰতৰ বিভিন্ন ঠাইত ৰাস্তা–ঘাটত মানুহ শংখ ঘণ্টালৈ ওলাই আহি সমদল কৰিলে৷ আনকি নাচি বাগি থালী পিটি পিটি ক’ৰোনা যেন নাইকিয়া হোৱাৰ উৎসৱে পাতিলে৷ অসমৰ বিভিন্ন ঠাইতো এনেকৈয়ে মানুহ ওলাই আহি হুলস্থূল কৰা পৰিলক্ষিত হ’ল৷ এনে ঘটনাই প্রতিফলিত কৰিলে যে এতিয়াও আমাৰ মাজত ভুৱা ধাৰণা কিছুৰ শিপা কিমান গভীৰলৈকে আছে৷ ছ’চিয়েল ডিষ্টেনছিঙৰ প্রয়োজনীয়তাৰ বিষয়ে যে আমাৰ মানুহৰ মাজত সচেতনতা ইমান কম সেয়া চিন্তাজনক৷ বিশেষকৈ এনে ঘটনাত অংশগ্রহণ কৰাসকল কেৱল দৰিদ্র বা অশিক্ষিত নাছিল চহৰাঞ্চলৰ বহুকেইজন শিক্ষিত মানুহো এনে কার্যত অংশগ্রহণ কৰিলে৷ জনতা কার্ফিউ পালনেৰে দিনটোৰ প্রচেষ্টাক যেন একপ্রকাৰে অসাৰ কৰি পেলালে সন্ধিয়াৰ এই ভুলটোৱে আৰু এইটোকলৈ প্রধানমন্ত্রী নিজেই দুখ প্রকাশ কৰিলে ৷
উল্লেখ্য যে এনে ভুৱা বাতৰি প্রচাৰৰ ক্ষেত্রত বলীউডৰ প্রভাৱশালী তাৰকাও এটি ভূমিকা পালন কৰে৷ জনপ্রিয় তাৰকা অমিতাভ বচ্চনে তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা ভাইব্রেচনৰ প্রভাৱৰ বিষয়ে পোস্ট কৰে৷ পিছত বহুকেইজন ‘টুইটাৰ ইউজাৰে’ এই পোষ্টটো ৰিপোর্ট কৰাৰ পিছত পোষ্টটো ডীলিট কৰা হয়৷ এইক্ষেত্রত ৰাজনৈতিক নেতাবোৰো পিছপৰি নাথাকে৷ কেন্দ্রীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ ৰাজ্যিক মন্ত্রী ৰামদাস আঠাৱালে এটা সমদলত অংশগ্রহণ কৰি ‘গ’ ক’ৰোনা গ’’ৰ শ্লোগান দি হঁাহিয়াতৰ পাত্র হৈছিল৷ এনে জটিল সন্ধিক্ষণত প্রয়োজন আছিল সকলোৰে অলপ দায়বদ্ধতাৰে কাম–কাজ কৰা৷ কিন্তু তেনে নকৰি সমাজৰ আগশাৰীৰ বহুত মানুহে নিজৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিলে৷ নিজৰ বিজ্ঞান মনস্কবিৰোধীৰ পৰিচয় দিলে এনে কার্যৰ দ্বাৰা ৷
ইটালী, স্পেইন, চীন দেশে প্রায় এমাহতকৈ বেছি সময়ৰ পৰা এই যুদ্ধখন চলাই লৈ গৈছে৷ দেশবোৰত এটা কথা স্পষ্ট হৈ পৰিছে যে এই মহামাৰীৰ প্রভাৱ বহুমাত্রিক৷ এয়া কেৱল এটা স্বাস্থ্যজনিত সমস্যা নহয়, বৰঞ্চ ইয়াৰ অর্থনৈতিক, সামাজিক, মনস্তাত্ত্বিক প্রভাৱো বহুত৷ মৃত্যুৰ সময়তো নিজৰ পৰিয়াল পৰিজনক চাব নোৱাৰাৰ বেদনা আমি অনুভৱ নকৰাসকলে বুজিব নোৱাৰিম৷ এনেক্ষেত্রত ক’ৰোনাৰ সন্ত্রাস চলি থকা দেশবোৰত হতাশা, নিৰাশা, একাকিত্বৰ সমস্যাই দেখা দিছে৷ আমাৰ প্রধানমন্ত্রীও এই সন্ধিক্ষণত কোনেও যেন নিজকে এই যুঁজত অকলশৰীয়া বুলি নাভাবে সেই আশাৰে আহ্বান জনাইছে যে ৫ এপ্রিলত ৰাতি ৯ বজাত ৯ মিনিটৰ বাবে সকলোৱে যেন ঘৰৰ লাইট বন্ধ কৰি মম–বাতি বা টর্চ লাইট জ্বলাই ‘ছলিডেৰিটী’ দেখুওৱাৰ কথা কৈছে৷ কিন্তু আকৌ এই আহ্বানৰ আঁত ধৰি কিছু অদ্ভুত থিয়ৰী ভাইৰেল হ’ব ধৰে যে কেনেকৈ ৯ মিনিট ইমান মমবাতি জ্বলালে পৃথিৱীৰ তাপমান বাঢ়ি যাব আৰু বর্ধিত তাপমানত ক’ৰোনা ভাইৰাছ নষ্ট হৈ যাব৷ আমি এবাৰো ভাবি চাইছোঁ নেকি যে এইবোৰ কথাত বিশ্বাস কৰি কোনো আক্রান্ত ব্যক্তিয়ে যদি কোনো ভুল পদক্ষেপ গ্রহণ কৰে ?
এনে ভুৱা বাতৰিৰ বৃহৎ প্রচলনৰ মূলতে কি? কিয় আমি এনে কথাবোৰ কোনো কৌতূহল অবিহনে কোনো প্রশ্ন নকৰাকৈয়ে মানি লওঁ? আমাৰ সংবিধানত সন্নিবিষ্ট মৌলিক কর্তব্যত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাও উল্লেখ আছে৷ তেনে অৱস্থাত কিয় আমি কিছু স্ব–ঘোষিত ধর্মগুৰু, ভুৱা ডাক্তৰ, কবিৰাজৰ পাল্লাত পৰি এনে ব্যৱহাৰ কৰো য’ত সভ্য সমাজে লজ্জাবোধ কৰে? প্রথমতে ক’ৰোনা ভাইৰাছৰ পৰা বাচিবলৈ বাৰে বাৰে হাত ধুবলৈ উপদেশ দিয়াত বহুতে কৈছিল যে যিহেতু মুছলমান মানুহে দিনত পাঁচ বাৰকৈ নামাজ পঢ়ে আৰু ৱাজু কৰে, তেওঁলোকৰ এই বেমাৰ নহ’ব৷ কিন্তু কেৱল পানীৰে ধুলে যে কোনো লাভ নাই সেই কথাও শীঘ্রে স্পষ্ট হৈ গ’ল ৷
সংকটৰ সময়ত আমাৰ এনে মানসিকতাই পৰিস্থিতিৰ অধিক অৱনতিহে ঘটাব৷ আমাৰ দেশত জীৱিকা আৰু স্ব–গৰিমাৰ বাবে ল’ৰা–ছোৱালীক একপ্রকাৰে জোৰকৈ বিজ্ঞানত নাম লগাই দিয়া হয়৷ লক্ষ্য এটাই – ডাক্তৰ বা ইঞ্জিনীয়াৰ হৈ অর্থনৈতিকভাৱে স্বাৱলম্বী হৈ উঠা৷ কিন্তু এনে মানসিকতাই আমাৰ দৃষ্টিকোণৰ কোনো পৰিৱর্তন নঘটায়৷ প্রমাণ অবিহনে কোনো এটা বস্তুৰ সত্যতা মানি লোৱা অনুচিত– সেইটো আমি নিশিকো৷ ওলোটাকৈ আমাৰ পৰিয়াল, বিদ্যালয়, ধর্মীয় অনুষ্ঠানবোৰেও আমাক প্রশ্ণ কৰাৰ পৰা বিৰত থাকিবলৈহে পৰামর্শ দিয়ে৷ তেওঁলোকৰ মতে য’ত বিশ্বাস আছে, তাত সন্দেহৰ হেনো কোনো ঠাই নাই ৷
বিদ্যালয়বোৰত বিজ্ঞান হাতে–কামে শিকোৱা নহয়৷ বিজ্ঞান আমাৰ দৈনন্দিন জীৱনৰ যে অবিচ্ছেদ্য অংগ সেই কথা আমাক মনত পেলাই দিয়া নহয়৷ জোৰ দিয়া হয় পৰীক্ষাত আহিব লগা প্রশ্ণবোৰ মুখস্থ কৰি ভাল নম্বৰ লাভ কৰাত৷ হয়তো এইবাবে বহু ডাক্তৰে, বিজ্ঞানৰ শিক্ষকেও কু–সংস্কাৰ মানি চলে৷ বিজ্ঞান আজিও আমাৰ বাবে কিছু বিষয় যেনে পদার্থ বিজ্ঞান, জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞানৰ সমষ্টি, কিন্তু এতিয়াও বিজ্ঞান জীৱন ধাৰণৰ এক প্রথা হৈ উঠা নাই৷ কিন্তু এই ভাৰততে বিজ্ঞানৰ উপলব্ধি বহুত৷ বিজ্ঞানৰ উন্নয়নৰ ফলতে আজি আমি বহু বেমাৰক প্রতিহত কৰিব পাৰিছোঁ৷ আজি আমাৰ মানুহৰ মৃত্যুৰ হাৰ বহুখিনি কমি গৈছে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত ৷
আজি এনে মহামাৰীৰ সন্মুখীন হৈ আমি আত্মমন্থন কৰা উচিত আমাৰ দেশৰ স্বাস্থ্য ব্যৱস্থা এই সংকটৰ মোকাবিলা কৰিব পৰাকৈ কিমানখিনি প্রস্তুত৷ এটা কথা স্পষ্ট হৈ পৰিছে যে যিবোৰ দেশে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাত বেছিকৈ বিনিয়োগ কৰি সেই ব্যৱস্থাক টনকিয়াল কৰি তুলিছে যেনে চীন, তাইৱান, ভিয়েটনাম, ছিংগাপুৰ, কিউবা– পৃথিৱীৰ বহুত ধনী ইউৰোপীয় দেশতকৈ এই সংক্রমণক নিয়ন্ত্রণ কৰাত ভাল ফল দেখুৱাইছে৷ আমি নিজৰ স্থিতি বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰি এইবোৰ দেশৰ অভিজ্ঞতাৰ পৰা শিকা উচিত কাৰণ পৰিৱর্তিত পৰিৱেশত এনে মহামাৰীৰ সম্ভাৱনা এটা সদায় থাকে৷ আজিৰ জনগণৰ দায়িত্ব এই সন্ধিক্ষণত চৰকাৰৰ নীতি–নির্দেশনাবোৰ মানি চলা, সহযোগিতা কৰা আৰু চৰকাৰক উচিত প্রশ্ণ কৰি আমাৰ স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰক দায়বদ্ধ কৰা৷ কিন্তু তেনে নকৰি কেৱল চৰকাৰৰ প্রত্যেকটো নির্দেশক সমর্থন কৰাৰ নামত সাধাৰণ মানুহক বিভ্রান্ত কৰি ভুৱা তথ্যৰ প্রচাৰ কৰিলে ৰাইজৰ প্রমাণিত বৈজ্ঞানিক চিকিৎসাৰ ওপৰত বিশ্বাস কমি যাব আৰু বিজ্ঞানসন্মত চৰকাৰী নির্দেশবোৰ কোনেও ভালকৈ পালন নকৰিব৷ হয়তো এই কাৰণেই আজিও বহু ঠাইত মানুহে দায়বদ্ধভাৱে ছ’চিয়েল ডিষ্টেনছিঙৰ নীতিবোৰ পালন কৰা নাই৷ এই সময়ত এনে ঘটনা কেৱল এজন ব্যক্তি নহয় গোটেই দেশৰ প্রতি ভাবুকি হৈ পৰিব৷ গতিকে আহক আমি সকলোৱে সজাগ আৰু সতর্ক হওঁ ৷