১৮ মহীয়া সন্তানক ঘৰত এৰি মহাৰাষ্ট্রত আবদ্ধ বোর্কাৰ দম্পতী
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ এটি ১৮ মহীয়া মৰমলগা কন্যা সন্তান৷ পখিলা খেদি ফুৰিব পৰা তাইৰ বয়স হোৱাই নাই৷ মা, দেউতা বুলি থুনুক–থানাককৈ দুই এটা শব্দ মুখেৰে ওলাইছে মাত্র৷ খোজটো থৰকবৰক৷ কিন্তু এই কণমানি শিশুটোৱে আজি বহুদিন মাকৰ বুকুৰ উম পোৱা নাই৷ নাই পোৱা দেউতাকৰ মৰম–আদৰ৷ কাৰণ মা বুলি মাতিবলৈও মাক এতিয়া কাষত নাই৷ মুখেৰে একো ক’ব নোৱাৰিলেও তাই বাট চাইছে মাক–দেউতাকলৈ৷পদূলিমুখলৈ নীৰৱে চাই ৰৈছে৷ কিন্তু কোনো খবৰ অহা নাই৷ সঁচাকৈয়ে অন্তৰ চুই যোৱা এক জীয়া কাহিনী৷ ডেৰবছৰীয়া সন্তান আছে অসমত আৰু পিতৃ–মাতৃ আবদ্ধ হৈ আছে সুদূৰ মহাৰাষ্ট্রত৷ এদিন–দুদিন নহয় আজি ডেৰমাহে পৃথকে আছে অবুজ সন্তান আৰু পিতৃ–মাতৃ৷ আৰু বা কিমান দিনলৈ থাকিব লাগে তাৰো নিশ্চয়তা নাই৷ ক’ভিড–১৯ৰ প্রতিৰোধৰ বাবে দেশত হঠাৎ বলৱৎ হোৱা লকডাউনৰ পৰিপ্রেক্ষিতত আজি পিতৃ–মাতৃৰ পৰা বহু নিলগত থাকিবলগীয়া হৈছে কণমানি শিশুটি৷ অৱশ্যে সন্তানটি সুৰক্ষিত হৈ আছে ককা–আইতাকৰ মৰম–চেনেহৰ মাজত৷ ক্রমাৎ অভ্যস্ত হৈছে ককা–আইতাকৰ লগত থাকিবলৈ৷ কিন্তু পিতৃ–মাতৃয়ে জানো পাহৰিব পাৰে নিজৰ সন্তানৰ কথা নিজৰ একমাত্র কোলাৰ কেঁচুৱাটি এৰি মহাৰাষ্ট্রত তেওঁলোক কি পৰিস্থিতিৰ সন্মুখীন হৈছে তাক ভাষাৰে বর্ণনা কৰাটো কঠিন৷ লকডাউনৰ বাবে এই ঘটনাৰ মুখামুখি বোর্কাৰ এক দম্পতী৷ উল্লেখ্য যে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ তথা চাংসাৰিৰ নিকটৱর্তী বোর্কাৰ অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া উত্তম ডেকাৰ পুত্র সৌৰভ ডেকা কর্মসূত্রে আছিল গোৱাত৷ লগত আছিল পত্নী আৰু সন্তানো৷ ভনীয়েকৰ বিবাহ উপলক্ষে ফেব্রুৱাৰীত তেওঁলোক আহিছিল ঘৰলৈ৷ ইপিনে, কন্যাক বিয়া দিয়াৰ পাছত উত্তম ডেকাই ঘৰখনত অকলশৰীয়া অনুভৱ কৰি পুত্র–বোৱাৰীক গোৱালৈ আৰু উভতি নাযাবলৈ কৈছিল৷ পিতৃ–মাতৃৰ কথাত সন্মত হৈছিল বোৱাৰীও৷ কিন্তু ভাৰাঘৰত থকা বস্তু–বাহিনীবোৰ লৈ অহাৰ মানসেৰে দুয়ো উৰা মাৰিছিল গোৱালৈ৷ যিহেতু তেওঁলোক দুই–এদিনতে অসমলৈ উভতিব, গতিকে কষ্ট বুলি ভাবিয়ে মাক–দেউতাক তথা ককাক আইতাৰ লগত সন্তানটি এৰি থৈ গৈছিল তেওঁলোকে৷ কিন্তু বিধিৰ বিপাক৷ ২১ মার্চৰ পুৱা তেওঁলোকৰ বাবে বুকিং আছিল গুৱাহাটী অভিমুখী ট্রেইন৷ সেইমতে ২০ মার্চৰ নিশাই উপস্থিত হৈছিল মহাৰাষ্ট্রৰ এলটিটি ৰে’ল ষ্টেচনত৷ গোৱাৰ পৰা এলটিটি ষ্টেচনলৈ সময় লাগে প্রায় এটা দিন৷ ইপিনে, নির্ধাৰিত সময়ৰ পৰিৱর্তে সন্ধিয়াৰ ভাগতহে ট্রেইন এৰিব বুলি ঘোষণা কৰা হ’ল৷ নিশা আকৌ শেষ মুহূর্তত বাতিলৰ ঘোষণা৷ এইবাৰ কোৱা হ’ল ২২ মার্চত সন্ধিয়া গুৱাহাটীলৈ যাত্রা কৰিব কর্মভূমি এক্সপ্রেছ৷ সেইমতে বুক কৰা হ’ল টিকট৷ এইবাৰো বাতিল ট্রেইন৷ এনেদৰেই ঘৰলৈ অহাৰ হেঁপাহত ষ্টেচনতে পাৰ কৰিলে দুটা দিন৷ তাৰ পাছত ২৪ মার্চত লকডাউন বলৱৎ হোৱাত সন্ধিয়া তেওঁলোকক ষ্টেচনৰ পৰা বলপূর্বক উলিয়াই দিয়া হ’ল৷ এতিয়া তেওঁলোক যাব ক’লৈ৷ তাতে পেটত আছে ভোক৷ দুদিন খাবলৈ পোৱা নাই৷ লগত কেইবাটাও বেগ–ট্রাংক৷ দম্পতীৰ মনৰ অৱস্থা বুজি সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ষ্টেচনত কাম কৰা এজন কুলী৷ লৈ গ’ল কুলীজনৰ ঘৰলৈ৷ বহু অসুবিধাৰ মাজত এটা তেনেই সাধাৰণ ঘৰত পৰিয়ালসহ জীৱন নির্বাহ কৰা কুলীজনে আশ্রয় দিলে বোর্কাৰ দম্পতীক৷ কিন্তু লকডাউনত সকলো স্তব্ধ হৈ পৰাত অসমৰ পৰিয়ালটোক আশ্রয় দি বাৰুকৈয়ে বিপদত পৰিল কুলীজন৷ অনাহাৰ–নিদ্রাৰে দিনবোৰ পাৰ হ’বলৈ ধৰাত বাৰে বাৰে কোৱা হ’ল ঘৰ এৰি দিবলৈ৷ নিৰুপায় হ’ল দম্পতী৷ অৱশ্যে এসপ্তাহ পাছত এক খবৰৰ ভিত্তিত তেওঁলোকক লৈ যোৱা হ’ল মুম্বাইস্থিত অসম ভৱনলৈ৷ কমিছনাৰ দেৱাশিস শর্মাই অসম ভৱনত দম্পতীক থকাৰ সুবিধা কৰি দিয়ে৷ বর্তমান তেওঁলোক অসম ভৱনতে আবদ্ধ হৈ আছে৷ সৌৰভ ডেকাই জনোৱা মতে, অসম ভৱনত থকাটো বিনামূলীয়া যদিও ভাত এসাঁজত দিবলগীয়া হয় ৫০ টকা৷ এনে অৱস্থাত ধনৰ সংকটতো পৰিছে তেওঁলোক৷ আনহাতে, অসম ভৱনত ৰাজ্যখনৰ প্রায় ডেৰশ লোক আবদ্ধ হৈ আছে৷ ইয়াৰ অধিকসংখ্যকেই কর্কট ৰোগৰ চিকিৎসাৰ বাবে যোৱা ব্যক্তি বুলি জানিব পৰা গৈছে৷