নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতিল হ’ব গৰমৰ বন্ধ, দেওবাৰেও খোলা থাকিব স্কুল-কলেজ 

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ আগন্তুক  ৩০ মে’ পৰ্যন্ত যদি দেশত পুনৰ লকডাউন বৃদ্ধি হয় অথবা স্কুল-কলেজ বন্ধ থাকে তেন্তে আগন্তুক সময়ত বহু কষ্ট কৰিব লাগিব শিক্ষক আৰু শিক্ষাৰ্থীসকলে । কিয়নো ৩০ মে পৰ্যন্ত বন্ধ থাকিলে মুঠ ৫২ দিনৰ বন্ধ থকা এই সময়ছোৱা মিলাবৰ বাবে আগন্তুক সময়ত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । বুধবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ।

চলিত শিক্ষাবৰ্ষ যাতে কোনো কাৰণতে যতি নপৰে তাৰ বাবে আগন্তুক সময়ত গৰম বন্ধৰ লগতে অন্যান্য বন্ধসমূহৰ পৰিমাণ হ্ৰাস কৰাৰ কথাও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । বিশেষজ্ঞ সকলে জনোৱা অনুসৰি শনিবাৰে সম্পূৰ্ণ শ্ৰেণীৰ লগতে দেওবাৰেও শ্ৰেণী অব্যাহত ৰাখিবলগীয়া হ’ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই । এইক্ষেত্ৰত শিক্ষকসকলে অধিক কষ্টৰ মাজেৰে নিজৰ সেৱা আগবঢ়োৱাৰ বাবে প্ৰস্তুত বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

ইমানৰ পাচতো মন্ত্ৰীগৰাকীয়ে কয় যে এইসমূহ প্ৰশ্নৰ উত্তৰ প্ৰকৃততে ক’ৰোনাই হে দিব পাৰিব । এই মহামাৰীৰ গতিবিধিয়েহে আগন্তুক সময়ত সকলো নিৰ্ধাৰণ কৰিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই ।

You might also like