নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষতিগ্রস্ত হ’ব দেশৰ ৪ কোটি প্রব্রজিত শ্রমিক

ক’ভিড–১৯ৰ বাবে লকডাউন, প্রব্রজনক লৈ বিশ্ব বেংকৰ প্রতিবেদন

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ শৃংখল ভংগৰ বাবে ভাৰতত অব্যাহত লকডাউনৰ ফলত দেশখনত প্রায় ৪ কোটি প্রব্রজিত শ্রমিকৰ ওপৰত নেতিবাচক প্রভাৱ পৰিব৷ বিশ্ব বেংকৰ ‘ক’ভিড–১৯ ক্রাইছিছ থ্র’ এ মাইগ্রেচন লেনছ’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা মতে আন্তর্জাতিক প্রব্রজনকাৰীৰ তুলনাত দেশসমূহৰ আঢ়ৈ গুণ প্রব্রজিত শ্রমিক আছে৷ লকডাউনৰ ফলত প্রায় ৪ কোটি এনে শ্রমিকৰ জীৱিকাৰ প্রতি ভাবুকি আহিব৷ প্রতিবেদনত উল্লেখ কৰা মতে লকডাউনৰ সময়তে ৫০ হাজাৰ–৬০ হাজাৰ প্রব্রজিত শ্রমিকে চহৰ অঞ্চলৰ পৰা গ্রামাঞ্চললৈ উভতি গৈছে৷ এনে শ্রমিকৰ কর্ম সংস্থাপনৰ প্রতি ভাবুকি অহাৰ বিপৰীতে চহৰ অঞ্চলত কাম কৰা বিভিন্ন ৰাজ্যৰ পৰা আহি থিতাপি লোৱা কর্মৰত প্রব্রজিত শ্রমিকে লকডাউনৰ ফলত সংস্থাপন হেৰুৱাব৷ তথ্য মতে ভাৰতত প্রায় ৪ কোটি প্রব্রজিত শ্রমিকৰ সংস্থাপন হেৰুওৱাৰ শংকা ঘনীভূত হৈছে৷ চৰকাৰে প্রব্রজিত শ্রমিকৰ স্বাস্থ্য সেৱাকে ধৰি নগদ ধন হস্তান্তৰকৰণ আৰু বিভিন্ন সামাজিক কার্যসূচী গ্রহণ কৰিছে যদিও সেই পদক্ষেপে শ্রমিকসকলক সকাহ দিবনে নাই সেয়া তাৎপর্যপূর্ণ বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে দক্ষিণ এছিয়া অঞ্চলত দেশৰ অভ্যন্তৰৰ লগতে আন্তর্জাতিক প্রব্রজিত শ্রমিকৰ ওপৰতো প্রচণ্ড নেতিবাচক প্রভাৱ পৰিব৷

You might also like