স্বাস্থ্য কর্মীৰ দৰে কর্তব্যৰত অসম আৰক্ষীয়েও পৰিধান কৰিব পিপিই কীট
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ বঙাইগাঁৱৰ নিকটৱর্তী ছাপাগুৰিত থকা হোটেল চিগনেট পার্কত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ শুকুৰবাৰে নামনি অসমৰ ছয়খন জিলাৰ আৰক্ষী অধীক্ষকৰে ক’ৰোনা ভাইৰাছৰ প্রতিৰোধ আৰু সুৰক্ষা সম্পর্কে গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷
বৈঠকত বিশ্বজুৰি ভয়ংকৰ ৰূপ লোৱা ৰোগবিধৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্রত আৰক্ষীৰ মনোবল বৃদ্ধি আৰু সুৰক্ষাৰ লগতে সতর্কতা ব্যৱস্থা সম্পর্কে আলোচনা কৰা হয়৷ আগন্তুক দিনত সম্ভাব্য পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে আৰক্ষীৰ দায়িত্ব আৰু কর্তব্যৰ বিষয়েও আৰক্ষী সঞ্চালকপ্রধান মহন্তই অৱগত কৰে৷ বৈঠকৰ অন্তত আৰক্ষী সঞ্চালকপ্রধান মহন্তই ক’ৰোনা ভাইৰাছৰ বিপক্ষে যুঁজ দিয়াৰ বাবে আৰক্ষী বিষয়া আৰু জোৱানসকলৰ সুৰক্ষাৰ প্রতি অধিক গুৰুত্ব প্রদান কৰিছে৷
আৰক্ষীৰ সুৰক্ষাত গুৰুত্ব বৃদ্ধি কৰা বুলি উল্লেখ কৰি তেওঁ ছেনিটাইজাৰ, মাস্ক, ছডিয়াম হাইড্র’ ক্ল’ৰাইড, ব্লিছিং পাউদাৰ আদি যোগান ধৰি অহাৰ উপৰি অতি শেহতীয়াভাৱে পিপিই কীট যোগান ধৰা বুলি জানিব দিয়ে৷ তেওঁ কয় যে মাৰাত্মক ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত স্বাস্থ্যকর্মীসকলৰ লগতে আৰক্ষীয়েও সমানে যুঁজ দি আহিবলগীয়া হোৱাৰ বাবে অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ পৰা দুই হাজাৰ পিপিই কীট যোগান ধৰা হৈছে৷ এই পিপিই কীটসমূহ কোন সময়ত পৰিধান কৰি কর্তব্য পালন কৰিব লাগিব এই কথাও ইতিমধ্যে বুজাই দিয়া হৈছে বুলি তেওঁ জানিব দিয়ে৷
ইফালে, লকডাউনৰ ফলত ৰাজ্যখনত অপৰাধজনিত ঘটনা হ্রাস পোৱা বুলি জানিব দি মহন্তই কয় যে আগন্তুক দিনত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলা কৰাৰ বাবে অসম আৰক্ষীক সাজু কৰি তোলা হৈছে৷ লকডাউনৰ পিছৰ পর্যায়ত অর্থনীতিকে ধৰি বিভিন্ন দিশত উদ্ভৱ হোৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপকৰ জৰিয়তে পর্যালোচনা কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷
বৈঠকত বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, বৰপেটা, গোৱালপাৰা, ধুবুৰীৰ আৰক্ষী অধীক্ষক ক্রমে সিংহৰাম মিলি, সুধাকৰ সিং, ৰাকেশ ৰৌশন, ড০ ৰবীন কুমাৰ, সুশান্ত বিশ্ব শর্মা, যুৱৰাজৰ লগতে অষ্টম আৰক্ষী বাহিনীৰ অধিনায়ক অজাগৰণ বসুমতাৰী, পশ্চিম সংমণ্ডলৰ ডি আই জি ৰৌনক আলী হাজৰিকা, বিটিএডিৰ আই জি পি অনুৰাগ আগৰৱালা, ২০ নং আই আৰ বি এন আৰু প্রথম বি টি এফৰ অধিনায়কদ্বয়ো উপস্থিত থাকে৷