নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্কলাভাৰলৈ দুঃখবৰঃ ৰাজ্যত নিষিদ্ধ হ’ল গাহৰি মাংস

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ আজিৰে পৰা অসমত নিষিদ্ধ হ’ল গাহৰি মাংসৰ বেচা-কিনা । ৰাজ্যত ক্ৰমাগতভাৱে গাহৰিৰ আকস্মিক মৃত্যু হোৱা ঘটনা সন্দৰ্ভত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই ।

ৰাজ্যৰ ছখন জিলা ক্ৰমে ধেমাজি , ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, বিশ্বনাথ আৰু যোৰহাটত অস্বাভাৱিক হাৰত বৰ্তমানলৈকে মৃত্যু হৈছে প্ৰায় ১৯৬৪ টা গাহৰিৰ । শিৱসাগৰ জিলা সৰ্বাধিক ১১২৪ টা গাহৰিৰ মৃত্যু হোৱাৰ তথ্যও সংবাদমেলত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, গাহৰিৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । অসম চৰকাৰৰ তৰফৰ পৰা জিলাসমূহলৈ পাঁচজনীয়া চিকিৎসকৰ দল প্ৰেৰণ কৰি নমুনা সংগ্ৰহ কৰা হৈছে গাহৰিৰ । সকলোবোৰ নমুনা পৰীক্ষাৰ বাবে ভূপাললৈ পঠোৱা হৈছে যদিও ফলাফলৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃততে কি কাৰণত মৃত্যু হৈছে এইসমূহ গাহৰিৰ ।

You might also like