গোলাঘাটত ডিমাপুৰ অভিমুখী ট্রাকত গণলুট
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: লকডাউনৰ মাজতে নাগালেণ্ড ডিমাপুৰৰ খাদ্য নিগমৰ ভঁৰালৰ পৰা টুৱেনচাঙৰ খাদ্য নিগমলৈ চাউল কঢ়িয়াই নিয়া ট্রাকৰ পৰা গোলাঘাটত বস্তাই বস্তাই চাউল লুট হয়৷ শনিবাৰে পুৱতিনিশা প্রায় ৪ বজাত এ এছ–১৮ চি–৪২৭২ নম্বৰৰ চাউল কঢ়িয়াই অনা মালবাহী ট্রাকখন গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ সমীপৰ আলিছিগাত যান্ত্রিক বিজুতি ঘটি হাবিৰ মাজত সোমাই পৰে৷ নিশাই আৰম্ভ হয় ট্রাকখনৰ চাউলৰ বস্তা লুটপাতৰ ঘটনা৷ ট্রাকখনৰ ২৭০ বস্তা চাউলৰ ভিতৰতে লুট কৰি নিয়ে ২৪২ বস্তা চাউল৷
সমগ্র্র ঘটনাটোৰ সন্দর্ভত গোলাঘাটৰ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি গোলাঘাট জিলাৰ টেঙানীৰ টেঙানী, ঔগুৰি, নিকৰি আদি গাঁৱত অভিযান চলায়৷ আৰক্ষীয়ে ঔগুৰি, নিকৰি গাঁৱৰ পৰা ৪০ বস্তা চাউল ইতিমধ্যে উদ্ধাৰ কৰিছে৷ গাঁৱৰ বহু পৰিয়ালৰ ঘৰৰ পৰা চাউলৰ বস্তা উদ্ধাৰ কৰা হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে বহু পৰিয়ালৰ ঘৰত বিছনাৰ তলত পৰা, কাৰোবাৰ ঘৰত পানীৰ টেংকিত উদ্ধাৰ হয় চুৰি কৰি নিয়া চাউলৰ বস্তা৷ ওপত তুঁহগুৰি ছটিয়াই পানীৰ টেংকিত চাউল ভৰায়ো লুকুৱাই ৰখা বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে৷
আৰক্ষীয়ে উল্লেখ কৰা মতে শনিবাৰে নিশা ট্রাকখন দুর্ঘটনাগ্রস্ত হোৱাৰ খবৰ পায়েই ধনশিৰি নদীৰ সিপাৰে থকা টেঙানীৰ গাঁওকেইখনৰ পৰা আহি পিঠি–মূৰত চাউলৰ বস্তা চুৰি কৰাত ব্যস্ত হৈ পৰে গাঁৱৰ একাংশ লোক৷ নদী পাৰ কৰাৰ পিছত মটৰচাইকেল, গাড়ীৰে কঢ়িয়াই নিজৰ নিজৰ ঘৰলৈ লৈ যায় ২৫২টা বস্তা৷ চাউলৰ কেইবাটাও বস্তা নদীতো পৰা বুলি প্রকাশ৷ চুৰি চাউল উদ্ধাৰ কৰিবলৈ গাঁওকেইখনত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত গাঁৱৰ একাংশ পুৰুষে পলায়ন কৰে৷ বর্তমানলৈকে গোলাঘাট আৰক্ষীয়ে চুৰি চাউলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু তিনিজন লোকক এই সংক্রান্তত গ্রেপ্তাৰ কৰিছে৷ চুৰি চাউল উদ্ধাৰ হোৱা প্রতিঘৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে৷