নগাঁও–কাছাৰ কাগজ কলৰ কর্মচাৰীলৈ সকাহঃ ভৱিষ্যনিধিৰ ৪২ কোটি মোকলাই দিয়াৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ নগাঁও আৰু কাছাৰ কাগজ কলৰ কর্মচাৰীসকলৰ বাবে সকাহ৷ সম্প্রতি বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কর্প’ৰেচন লিমিটেডৰ অধীনস্থ দুয়োটা কাগজ কলৰ কর্মচাৰীসকলৰ ভৱিষ্যনিধিৰ ২০ শতাংশ ধন মুকলি কৰি দিবলৈ নির্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে৷
কালি ভিডিঅ’ কনফাৰেঞ্চিংযোগে গ্রহণ কৰা শুনানিৰ সময়ত ন্যায়াধীশ নাজমি ৱাজিৰিৰ এজনীয়া খণ্ড বিচাৰপীঠে হিন্দুস্তান পেপাৰ কর্প’ৰেচন লিমিটেড আৰু ই পি এফ অ’ কর্তৃপক্ষক এই নির্দেশ দিয়ে৷ দিল্লী উচ্চ ন্যায়ালয়ৰ এই নির্দেশমর্মে কাগজ কল দুটাৰ কর্মচাৰীসকলক এসপ্তাহৰ ভিতৰত ভৱিষ্যনিধিৰ ২০ শতাংশ অর্থাৎ ৪২ কোটি টকা অহা এসপ্তাহৰ ভিতৰত মুকলি কৰি দিব লাগিব৷
একেটা নির্দেশতে হিন্দুস্তান পেপাৰ কর্প’ৰেচন মিলিটেডৰ লিকুইডেটৰ আৰু ই পি এফ অ’ক কর্মচাৰীসকলৰ ভৱিষ্যনিধিত জমা থকা প্রায় ১৬০ কোটি টকা শীঘ্রে মোকলাই দিবলৈও কোৱা হৈছে৷ উল্লেখ্য যে কাছাৰ পেপাৰ প্রজেক্ট ৱর্কার্ছ ইউনিয়নে অধিবক্তা সিদ্ধার্থ সীমৰ জৰিয়তে ইতিপূর্বে দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল৷ এই আবেদনখনৰ শুনানি গ্রহণ কৰিয়েই যোৱা জানুৱাৰী মাহত আদালতে কাগজ কল দুটাৰ কর্মচাৰীসকলক চৰকাৰী আৱাস খালী নকৰিবলৈ নির্দেশ দিছিল৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ হিন্দুস্তান পেপাৰ কর্প’ৰেচন লিমিটেডৰ অধীনস্থ কাগজ কল দুটা ২০১৮ চনতে লিকুইডেচন প্রক্রিয়াত চামিল কৰা হৈছিল৷ দুয়োটা কাগজ কলৰে কর্মচাৰীসকলে ২০১৭ চনৰ পৰা ৩৯ মাহ ধৰি দৰমহাকে ধৰি অন্যান্য প্রাপ্যৰ পৰা বঞ্চিত হৈ আছে৷ আর্থিক সংকটত ইতিমধ্যে ৬০জনকৈ কর্মচাৰীয়ে মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ এনে প্রেক্ষাপটত দিল্লী উচ্চ ন্যায়ালয়ৰ উক্ত নির্দেশ বিবেচিত হৈছে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে৷