নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্রতিৰোধৰ ব্যৱস্থাক লৈ চৰকাৰক প্রশংসা আৰএছএছ মুৰব্বীৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে সমগ্র দেশবাসীয়ে যুদ্ধ অব্যাহত ৰখাৰ সময়তে দেওবাৰে লকডাউনৰ নীতি–নিয়ম মানি চলিবলৈ আহ্বান জনাইছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতে৷ অক্ষয় তৃতীয়া উপলক্ষে ‘বর্তমানৰ পৰিস্থিতি আৰু আমাৰ ভূমিকা’ শীর্ষক বিষয়ত নাগপুৰৰ পৰা অনলাইনযোগে সম্বোধন কৰি তেওঁ কয় যে সমগ্র বিশ্বই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে৷ স্বেচ্ছাসেৱকসকলে অনুভৱ কৰিব পাৰে যে সংঘৰ শাখাসমূহ বন্ধ হৈ পৰিছে, কার্যসূচীসমূহ বাতিল হৈছে অথবা কর্মপদ্ধতি স্তব্ধ হৈছে৷ কিন্তু সেয়া সত্য নহয়৷ সংঘৰ কাম–কাজ অব্যাহত আছে, মাত্র ইয়াৰ পদ্ধতিহে সলনি হৈছে৷ ঘৰত থাকি সুৰক্ষিত থকাটোৱেই বর্তমান সর্বোকৃষ্ট উপায় বুলি উল্লেখ কৰি তেওঁ কয়, ক’ৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ ঘৰত থাকক৷ লকডাউনৰ মাজতো সংঘৰ কাম–কাজ চলি আছে আৰু সমাজে ইয়াক দেখা পাইছে৷

বিশ্বৰ যন্ত্রণা হ্রাস কৰাটো সংঘৰ দায়িত্ব৷ আনক কোৱাৰ আগতে স্বাস্থ্য সম্পর্কীয় বিধিসমূহ আপোনালোকে মানি চলক৷ ক’ৰোনা ভাইৰাছক লৈ আতংকিত নহ’ব৷ ভয়ে সংকট অধিক বৃদ্ধি কৰে৷ আমি এই কাৰণে কাম কৰি আছোঁ কাৰণ আমি দেশক ভাল পাওঁ৷ সেৱা কৰাৰ সময়ত আমি অধিক সতর্ক হ’ব লাগিব৷’ ইপিনে, নিজৰ ভাষণ প্রসংগতে আৰএছএছৰ মুৰব্বীগৰাকীয়ে দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাতৰ ঘটনাৰাজিৰ প্রসংগ উত্থাপন কৰে৷ এই সন্দর্ভত তেওঁ কয়– ‘যদি কোনো ব্যক্তিয়ে ক্রোধ অথবা ভয়ৰ বাবে কিবা ভুল কাম কৰে তাৰ বাবে সম্পূর্ণ সম্প্রদায়টোক ইয়াৰ সৈতে জড়িত কৰি তেওঁলোকৰ পৰা আঁতৰি অহাটো উচিত নহয়৷ আনক উচটাই নিজৰ ন্যস্ত স্বার্থ পূৰণ কৰিব বিচৰা ব্যক্তি এই সমাজতে আছে৷’ ঘৰত থাকিয়েই ক’ৰোনাৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখন জয়ী হ’ব লাগিব বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে আপোনালোক ঘৰত থাকক আৰু ভগৱানৰ ওচৰত প্রার্থনা কৰক৷ সমাজৰ আর্তজনক এই সময়ত সাধ্যানুসাৰে সহায় কৰিব লাগিব৷ কিয়নো এয়া আমাৰ দেশৰ সৈতে জড়িত কথা৷ সহযোগিতাৰ মনোভাবেৰে আমি আগবাঢ়িব লাগিব৷ বিৰোধিতাৰে নহয়৷ যিসকলে ৰাজনীতি কৰিব বিচাৰে তেওঁলোক কৰি থাকক৷

আনহাতে, ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ ভাৰতবিৰোধী মানসিকতাৰ শক্তিয়ে সুযোগ ল’ব পাৰে বুলি উল্লেখ কৰি ভাগৱতে কয়, ‘আমি ধৈর্য আৰু সুস্থিৰতা বজাই ৰাখিব লাগিব৷ আমাৰ মাজত কোনো ভয় অথবা ক্রোধ থাকিব নালাগিব৷ কিয়নো ভাৰতবিৰোধী মানসিকতাৰ ব্যক্তিয়ে ইয়াৰ সুযোগ গ্রহণ কৰিব পাৰে৷ ভাৰতত বসবাস কৰা প্রতিগৰাকী ব্যক্তি ভাৰত মাতৃৰ সন্তান৷ আমি সকলো ভাই–ভাই৷ এই কথা প্রতিগৰাকী নাগৰিকক সমাজৰ নেতাসকলে জনোৱাটো উচিত৷ সমাজৰ সর্বাংগীণ বিকাশ আমাৰ লক্ষ্য৷ যেতিয়ালৈকে এই লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে আমি সেৱাৰ মনোভাবেৰে কাম কৰি যাব লাগে৷ কোনোধৰণৰ ভেদ–ভাব মনত নৰখাকৈ সকলোকে সেৱা কৰা উচিত৷ সেৱাৰ ক্ষেত্রত আপোন–পৰ ভেদ–ভাব লাখিব নালাগে৷ মহাৰাষ্ট্রৰ পালঘৰত দুগৰাকী সন্ন্যাসীক হত্যা কৰা ঘটনাৰ প্রসংগ উত্থাপন কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে সমাজত হিংসাৰ কোনো স্থান নাই৷

আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ কৰাটো প্রশাসনৰ দায়িত্ব৷ গণপ্রহাৰৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা সন্ন্যাসী দুগৰাকীক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেৰে অহা ২৮ এপ্রিলত বিশেষ কার্যসূচী গ্রহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়– ‘মানৱ জাতিৰ ভালৰ বাবে প্রার্থনা কৰা সন্ন্যাসীক পালঘৰত নির্মমভাৱে হত্যা কৰা হ’ল৷ সেই সময়ত আৰক্ষীয়ে কি কৰি আছিল৷ এনে ধৰণৰ ঘটনা সংঘটিত হোৱাটো উচিত নহয়৷’ ইপিনে, ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত চৰকাৰৰ ভূমিকাৰ শলাগ লৈ তেওঁ দেশক স্বনির্ভৰশীল কৰাৰ বাবে এটা নতুন বিকাশৰ আর্হি গ্রহণ কৰিবলৈও আহ্বান জনায়৷ একে সময়তে সম্ভৱ সকলো ক্ষেত্রতে থলুৱা সামগ্রী ব্যৱহাৰ কৰিবলৈও দেশবাসীক মোহন ভাগৱতে আহ্বান জনায়৷

You might also like