ক’ৰোনাই দুর্ভিক্ষত পেলাব ১৩ কোটি লোকক
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ মহামাৰীয়ে চলিত বর্ষৰ শেষলৈকে বিশ্বত অতিৰিক্ত ১৩০ নিযুত লোকক দুর্ভিক্ষৰ কবলত পেলাব৷ বিশ্ব খাদ্য আঁচনি (ডব্লিউএফপি)ৰ মুৰব্বী ডেভিদ বীছলীয়ে শেহতীয়াকৈ এই সতর্কবাণী কৰিছে৷ ইতিমধ্যে বিশ্বৰ কেইবাখনো সমৃদ্ধিশালী দেশৰ শীর্ষ নেতাৰ সৈতে হোৱা টেলিফোনিক বার্তালাপত ডব্লিউএফপিৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰিছে যে ক’ৰোনা ভাইৰাছ মহামাৰীয়ে সংঘর্ষজর্জৰ দেশসমূহত অধিক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব৷ উন্নত দেশসমূহলৈ ৰাষ্ট্রসংঘৰ সংস্থা ডব্লিউএফপিলৈ দিবলগীয়া সাহায্য পুঁজি বন্ধ কৰিলে অতিৰিক্তভাৱে ১৩ কোটি বা ১৩০ নিযুত লোক দুর্ভিক্ষৰ কবলত পৰিব৷ ক’ৰোনা মহামাৰীৰ সমান্তৰালকৈ দুর্ভিক্ষৰ বাবেই বহু লোকে প্রাণ হেৰুৱাব লাগিব পৃথিৱীত৷ গতিকে ডব্লিউএফপিলৈ সাহায্য বৃদ্ধি কৰিব লাগিব উন্নত দেশসমূহে৷ অন্যথা বিশ্বজুৰি সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰাটো কঠিন হৈ পৰিব সকলোৰে বাবে৷