নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন মানিবলৈ কোৱাটোৱেই ভুল হ’ল আৰক্ষীৰঃ আঘাতপ্ৰাপ্ত ২ আৰক্ষী

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ লকডাউন চলি থকাৰ পাচতে পশ্চিমবংগৰ হাওৰাৰ টিক্কিয়াপাৰাত সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতি । লকডাউন চলি থকাৰ মাজতে একাংশ লোকে লকডাউন ভংগ কৰি বাহিৰলৈ ওলাই অহাৰ পাচতেই আৰক্ষীয়ে বাধা দিয়ে লোকসকলক ।

লকডাউন ভংগকাৰী এইসকল লোকে আৰক্ষীৰ কথাত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষীক । ঘৰলৈ উভতি যাবলৈ কোৱাৰ পাচতেই এইসকল লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আক্ৰমণ কৰে আৰক্ষীৰ বাহনত । ইতিমধ্যে এই ঘটনাৰ পাচতেই অঞ্চলটোত অধিক সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ।

You might also like