নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত মানসিক সমস্যাত ৰাজ্যৰ বহু লোকঃ ঘৰে ঘৰে বৃদ্ধি পাৰিবাৰিক সমস্যা

অসম আৰক্ষীৰ হেল্পলাইনলৈ শ শ ফোন

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ ন’ভেল ক’ৰোনা প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ সময়ছোৱাত অর্থনৈতিক বা ব্যৱসায়িক ক্ষেত্রতে কেৱল সমস্যা সৃষ্টি হোৱা নাই ৷ নাগৰিকসকলো ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাত নানা ধৰণৰ মানসিক সমস্যাৰ সন্মুখীন হৈছে ৷ সমস্ত ৰাজ্য তলাবদ্ধ হৈ থকা অৱস্থাত নাগৰিকসকলক এনে পৰিস্থিতিৰ পৰা সকাহ দিবলৈ অসম আৰক্ষীয়ে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ দুগৰাকী অধ্যাপক আৰু চাৰিগৰাকী ক্লিনিকেল চাইকট্রিকে নির্দিষ্ট হেল্পলাইন নম্বৰৰ জৰিয়তে সমস্যাত আক্রান্ত লোকসকলক যথাসম্ভৱ সহায় আগবঢ়াই আছে ৷ এই নম্বৰত এতিয়ালৈকে প্রায় ৫০০ ফোনকল আহিছে ৷ প্রতিটো ফোনকলৰ পৰাই বিভিন্নজনৰ মানসিক সমস্যাৰ ভিন্ন দিশ উন্মোচিত হৈছে ৷ লকডাউনৰ সময়ত আর্থিক সংকটত ভুগি কোনোবাজন যদি হতাশ হৈ পৰিছে, আন কাৰোবাৰ ভীষণ পাৰিবাৰিক সংঘাতৰ সৃষ্টি হৈছে ৷ মানসিক চাপ, নিচাজাতীয় দ্রব্যৰ অভাৱ হৈ পৰিছে বহুতৰ বাবে অন্যতম সমস্যা ৷

ভুক্তভোগীসকলক পৰামর্শ আগবঢ়াই অহা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৈথিলী হাজৰিকাই কয় যে লকডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ থকা বহু লোক বিভিন্ন ধৰণৰ মানসিক চাপৰ সন্মুখীন হৈছে ৷ এনেধৰণৰ চাপ সহ্য কৰিব নোৱাৰি হতাশাত আক্রান্ত হৈছে৷ লকডাউন কেতিয়া শেষ হ’ব, তাৰ পাছত জীৱন–জীৱিকাৰ কি হ’ব, এইবাৰো বহুতৰ অনিশ্চয়তাৰ কাৰণ হৈ পৰিছে৷ এইসকল লোকক টেলিফোনত যিমান পাৰি পৰামর্শ আগবঢ়োৱা হৈছে৷ অনেকক দৰবো দিবলগীয়া হৈছে৷ হতাশাত ভুগি আত্মহত্যাৰ বাবে সাজু হোৱা ৭জনৰ ফোনকলো পোৱা গৈছে ৷ তেওঁলোকক ততালিকে অসম আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসাধীন কৰোৱা হৈছে৷ তদুপৰি পূর্বে মানসিক ৰোগত আক্রান্ত হৈ নিয়মীয়াকৈ ঔষধ সেৱন কৰি থকা বহু ৰোগী এই সময়ছোৱাত বেছি সমস্যাত ভুগিছে৷ তেওঁলোকৰ বাবে এনেধৰণৰ কাউন্সেলিং অতি জৰুৰী হৈ পৰিছে৷ চিকিৎসকগৰাকীয়ে সদৰী কৰা মতে, হেল্পলাইনত ফোন কৰাৰ পাছতহে বহুতে জানিব পাৰিছে যে তেওঁলোকৰ আত্মীয় আচলতে পূর্বৰে পৰাই মানসিক ৰোগত আক্রান্ত৷ কিছুমান এনেধৰণৰ ফোনকল আহিছে যে তেওঁলোকৰ মাতৃয়ে অনাহকত ভয় খাই থাকে বা সন্দেহ কৰে৷ এতিয়া লকডাউনত ওচৰতে পাই সন্তানে এই আচৰণসমূহ লক্ষ্য কৰিছে৷ এনেধৰণৰ লোকসকলক ৰোগটোৰ বিষয়ে বুজাই চিকিৎসকৰ কাষ চাপিবলৈ পৰামর্শ দিয়া হৈছে৷ ইয়াৰ বাহিৰেও পাৰিবাৰিক সংঘাত আন এক গুৰুতৰ সমস্যা হৈ পৰিছে৷ অনেক পৰিয়ালত পতি–পত্নীৰ মাজত কাজিয়া বাঢ়িছে, আনকি লকডাউন শেষ হোৱাৰ পাছত বিবাহ বিচ্ছেদৰ বাবেও সাজু হৈছে ৷

লকডাউনৰ সময়ছোৱাত পাৰিবাৰিক সংঘাত সম্পর্কীয় ফোনকলেই আটাইতকৈ বেছি আহিছে বুলি ডাঃ মৈথিলী হাজৰিকাই জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে লকডাউনৰ ফলত নিচাজাতীয় সামগ্রীৰ অভাৱত ভুগি বহু যুৱক–যুৱতী উইড্রেল চিলড্র’মত ভুগিছে৷ এয়া একপ্রকাৰ ৰোগ৷ এনে লোকক মেডিচিন প্রদান কৰাৰ উপৰি চিকিৎসকৰ কাষ চাপিবলৈ পৰামর্শ দিয়া হৈছে৷ এইদৰেই অসম আৰক্ষীয়ে মুকলি কৰা হেল্পলাইন নম্বৰৰ জৰিয়তে লকডাউনৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা লোকসকলে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাহিৰেও অসম আৰক্ষীয়ে বয়োজ্যেষ্ঠসকলৰ বাবেও আন হেল্পলাইন নম্বৰ মুকলি কৰিছে৷ লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ লোকসকলৰ বাবেও মুঠ ১৩টা হেল্পলাইন নম্বৰ সক্রিয় হৈ আছে৷ এইদৰে অসম আৰক্ষীয়ে প্রায় ৫,০০০ লোকক বন্ধৰ মাজত দৰব যোগান ধৰাৰ লগতে ডেৰ লাখতকৈও অধিক পৰিয়ালৰ মাজত বিভিন্ন খাদ্য–সামগ্রী যোগান ধৰিছে৷ মানসিক সমস্যা সংক্রান্তত যোগাযোগৰ বাবে এতিয়াও আৰক্ষীৰ ৬টা হেল্পলাইন নম্বৰ সক্রিয় হৈ আছে৷ পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত ৬০২৬৯–০১০৫৩, ৬০২৬৯–০১০৫৪, ৬০২৬৯–০১০৫৫ নম্বৰত আৰু বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত ৬০২৬৯–০১০৫৬, ৬০২৬৯–০১০৫৭, ৬০২৬৯–০১০৫৮ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

You might also like