নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈ কোনো নতুন আঁচনি অনুমোদন নকৰিবঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈ কোনো নতুন আঁচনি অনুমোদন নকৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যদিহে কোনো আঁচনি কেন্দ্ৰীয় চৰকাৰৰ হয় অথবা বৈদেশিক সাহায্যৰ হয় তেন্তে এই আঁচনি পূৰ্বৰ দৰেই চলি থাকিব। মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে অসম চৰকাৰে কোনো ধৰণৰ যান-বাহন ক্ৰয় কৰিব নোৱাৰিব।

পৰৱৰ্তী ৪মাহলৈ ৰাজ্য চৰকাৰে পঞ্চতাৰকা হোটেলত কোনোধৰণৰ অনুষ্ঠান অথবা চেমিনাৰ অনুষ্ঠিত নকৰে। প্ৰয়োজনত ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত হ’ব এনে বৈঠক অথবা চেমিনাৰ।

অসম চৰকাৰৰ কোনো বিভাগৰ বিষয়াই চৰকাৰী খৰচত ৰাজ্যৰ বাহিৰলৈ গ’লেও পঞ্চতাৰকা হোটেলত থাকিব নোৱাৰিব। বিত্তীয় সংকটৰ সৈতে মোকাবিলা কৰিবলৈ এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। 

You might also like