নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাদুলী লতাৰে প্রস্তুত কৰা ঔষধেৰে ক’ভিড–১৯ নির্মূলৰ দাবী

মুখ্যমন্ত্রীলৈ বনৌষধিৰ নমুনা প্রেৰণ নাৰায়ণপুৰৰ অতুল শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন লোকে প্রস্তুত কৰি উলিয়াইছে ক’ভিড–১৯ নির্মূল কৰিব পৰা এবিধ বনৌষধ ৷  নাৰায়ণপুৰ পৌৰ সভাৰ অন্তর্গত ১ নং ৱার্ডৰ বদুলাআটী নিৱাসী তথা ব্যৱসায়ী অতুল শইকীয়াই প্রস্তুত কৰি উলিয়াইছে উক্ত বনৌষধি৷

তেওঁ জনোৱা মতে, উক্ত বনৌষধে ক’ভিড–১৯ ৰ উপৰি মেলেৰিয়া জ্বৰ, কাহ, মূৰৰ বিষকে ধৰি ডেংগু বেমাৰত আক্রান্ত লোকে খালেও ৰোগমুক্ত হ’ব৷ উল্লেখ্য যে উক্ত ঔষধ পাতলীয়া আহাৰ গ্রহণৰ পিছত খাব লাগে৷

অসমৰ হাবিত সহজলভ্য বাদুলী লতা নামৰ ঔষধি গছৰ শিপা আৰু আলুৰ পৰা প্রস্তুত কৰা হয়৷ উক্ত ঔষধ প্রস্তুত কৰা ব্যক্তিজনে জনোৱা মতে, ১৯৯৭ চনত তেওঁ চেৰিব্রেল মেলেৰিয়াত আক্রান্ত হৈছিল৷ এজন বৃদ্ধ লোকে উক্ত ঔষধ প্রস্তুত কৰি দিয়া ঔষধ সেৱনৰ পিছতে তেওঁ আৰোগ্য লাভ কৰে৷

পৰৱর্তী সময়ত তেওঁ উক্ত ঔষধ উত্তৰ লখিমপুৰৰ আজাদৰ ডেংগুত আক্রান্ত এজন লোকৰ উপৰি বহু ৰোগীক এই ঔষধ দি ৰোগমুক্ত কৰি আহিছে৷  ইতিমধ্যে, তেওঁ ৰাজ্যৰ মুখ্যমন্ত্রীলৈ এখন পত্রসহ উক্ত ঔষধৰ বডি প্রেৰণ কৰি পৰীক্ষাৰ বাবে আহ্বান জনাইছে৷

You might also like