নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিৰিয়াৰ আফ্রিনত সন্ত্রাসবাদীৰ ট্রাক বোমা বিস্ফোৰণত নিহত ৪০জন

নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ গৃহযুদ্ধবিধ্বস্ত ছিৰিয়াৰ উত্তৰ–পশ্চিম প্রান্তৰ চহৰ আফ্রিনত এক ট্রাক বোমা বিস্ফোৰণত কমপক্ষেও ৪০জন লোক নিহত হৈছে৷ প্রতিবেশী তুৰস্কৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ তুৰস্কৰ সীমান্তৱর্তী হাটায় প্রদেশৰ গৱর্নৰগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এক জনাকীর্ণ বজাৰত সন্ত্রাসবাদীয়ে হেণ্ড গ্রেনেড দলিওৱাৰ পাছত ইয়াৰ বিস্ফোৰণ ঘটে এখন তেলৰ টেংকাৰত৷ লগে লগে অঞ্চলটো এক অগ্নিকুণ্ডত পৰিণত হয়৷ এই বিস্ফোৰণৰ ফলত কেইবাখনো বাহন আৰু কেইবাটাও প্রাসাদ বিধ্বস্ত হয়৷ তুৰস্কৰ প্রতিৰক্ষা মন্ত্রালয়ে এয়া কুর্দ বিদ্রোহী গোট ৱাইপিজিৰ কূটাঘাত বুলি অভিহিত কৰিছে৷ স্মর্তব্য যে তুৰস্ক চৰকাৰে দীর্ঘদিন ধৰি দেশখনৰ অভ্যন্তৰত ৰক্তপাত সংঘটিত কৰাৰ ক্ষেত্রত ৱাইপিজি জড়িত থকা বুলি সন্দেহ কৰি আহিছে৷ ছিৰিয়াৰ আফ্রিন চহৰ তুৰস্কৰ সেনা আৰু বিদ্রোহী বাহিনীয়ে নিয়ন্ত্রণ কৰি আছে৷ এই বিদ্রোহী বাহিনী হৈছে ছিৰিয়াৰ ৰাষ্ট্রপতি আছাদক উৎখাত কৰিবলৈ দীর্ঘদিন ধৰি যুদ্ধ–সংঘর্ষ অব্যাহত ৰখা সন্মিলিত শক্তি ৷

You might also like