নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত চিকিৎসাৰ অভাৱত দিশহাৰা দৰিদ্র ৰোগী

নিয়মীয়া বাৰ্তা, ১ মেঃ সাম্প্রতিক দেশব্যাপী অব্যাহত থকা লকডাউনৰ মাজতে দুখীয়া দৰিদ্র আৰু সীমিত উপার্জনক্ষম পৰিয়ালৰ মাজত এক পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছেগৈ৷ এনে এক জটিল সময়তে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ টংলাৰ সমীপৱর্তী মাজগাঁৱৰ ছাটিয়াপাৰা নিৱাসী ভোগেশ্বৰী ডেকা নামৰ ৫৬ বছৰীয়া ৰোগাগ্রস্ত বিধৱা মহিলা এগৰাকী ঘৰতে ধনৰ অভাৱতে অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে৷ দিন–হাজিৰা কৰি ভোকৰ ভাতমুঠি মোকলোৱা অতি দৰিদ্র ভোগেশ্বৰী ডেকাৰ স্বামী শাওনা ডেকাৰ আঠ বছৰ পূর্বে মৃত্যু হোৱাত অতি সম্প্রতি একমাত্র ল’ৰাই দিন–হাজিৰা কৰি পৰিয়ালটিক পোহপাল দি আহিছে৷

ভোগেশ্বৰী নামৰ মহিলাগৰাকী সম্প্রতি পুত্র বোৱাৰী আৰু নাতিয়েকৰ সৈতে মাজগাঁৱৰ ছাটিয়াপাৰাতে বসবাস কৰি আহিছে যদিও বিগত কিছুদিন ধৰি এখন ভৰিত হোৱা এডোখৰ ঘাঁৰ বাবে চলা–ফুৰা উঠা–বহাত যন্ত্রণা ভোগ কৰি আহিছে৷ ধনৰ অভাৱৰ উপৰি সম্প্রতি লকডাউনৰ সময়ত চিকিৎসাৰ বাবে দিশহাৰা হৈ পৰা পৰিয়াল উপায়হীন হৈ ঘৰতে বিনা চিকিৎসাই দিন অতিবাহিত কৰিব লগা হৈছে৷ একমাত্র পুত্রই লকডাউনৰ বাবে দিন–হাজিৰা কৰিব নোৱাৰাত পৰিয়ালটিয়ে দুবেলা দুমুঠি খোৱাৰ বাবেও কঠিন হৈ পৰিছে৷ পৰিয়ালটিক আক্রাছু পশ্চিমৰ সভাপতি হেমন্ত বৰা কোচৰ নেতৃত্বত খা–খবৰ লোৱাৰ লগতে কিছু খাদ্য সামগ্রী আগবঢ়াইছে৷

ইয়াৰ উপৰি সহূদয় দুই একে পৰিয়ালটোক সামান্য পৰিমাণে খাদ্য সামগ্রী আগবঢ়াই আহিলেও ৰোগীগৰাকীৰ চিকিৎসাৰ ক্ষেত্রত কোনেও সঁহাৰি প্রদর্শন কৰা নাই৷ দেশজোৰা লকডাউনৰ সময়ত মহিলাগৰাকীৰ চিকিৎসাৰ উপৰি পৰিয়ালটোক সাহায্যৰ নিতান্তই প্রয়োজন হৈছে৷ পৰিয়ালটোক সহায়ৰ বাবে ইচ্ছুক দল–সংগঠনৰ লগতে ৰাইজক ভোগেশ্বৰী ডেকাৰ নামত এছবিআই টংলা শাখাত থকা একাউণ্ট নং: ৩৩৪৭৬৪৯৯১২৭IFSE : SBIN 0007118 ব্যৱহাৰ কৰাৰ উপৰি তৰুণ ডেকাৰ ৮৪৮৬৬–১৮৭৫৫ নম্বৰত যোগাযোগ কৰিব পাৰে৷

You might also like