৮ দিন পূর্বে পিতৃহাৰা যুৱকক ভাৰাঘৰ এৰাৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২মেঃ দেশজুৰি লক ডাউন অব্যাহত থকাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ ঘৰভাৰা মালিকসকলক এপ্রিল মাহৰ ভাৰা ৫০ শতাংশ ভাৰাতীয়াক ৰেহাই দিয়াৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনোৱা আহ্বানক একাংশ মালিকে সঁহাৰি জনোৱাৰ সময়তে তেজপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ যিসময়ত আর্তজনক বিভিন্ন ব্যক্তি, অনুষ্ঠান–প্রতিষ্ঠানে সহায়ৰ হাত আগবঢ়াইছে, সেই সময়তে তেজপুৰৰ এগৰাকী ঘৰৰ মালিকে মানৱতাক ডলংঘাৰে দেখুৱাইছে চৰম নিষ্ঠুৰতা৷ তেজপুৰত সংঘটিত এনে এক কৰুণ ঘটনাই মর্মাহত কৰি তুলিছে চহৰৰ সচেতন ৰাইজক৷ ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ মহাভৈৰৱ এমব্রছ ক্লাবৰ সমীপৰ এঘৰত ভাৰাতীয়া হিচাপে আছিল ব্যক্তিগত ব্যৱসায়িক প্রতিষ্ঠানত কর্মৰত বিশাল চন্দ্র চৌধুৰীৰ পৰিয়াল৷ বিশালৰ পিতৃৰ ৮ দিন পূর্বে বিয়োগ ঘটে৷ ইয়াৰ পিছতেই ভাৰাঘৰৰ গৰাকী শ্বেতা সেনৰ পৰিয়ালে আৰম্ভ কৰে মানসিক নির্যাতন৷ পিতৃৰ বিয়োগত কন্দাকটা কৰাতো বাধা আৰোপ কৰাই নহয় আনকি চৌহদৰ মূল জপনাখন চুবলৈও বাধা আৰোপ কৰে৷ তদুপৰি মার্চ মাহৰ ভাৰা আদায় দিব নোৱাৰাৰ বাবে তৎকালীনভাৱে ঘৰ এৰি যাৱলৈ নির্দেশ দিয়া হয়৷ অৱশেষত ডপায়হীন হৈ বগা সাজ পৰিধান কৰিয়েই তেজপুৰ সদৰ থানাত উপস্থিত হ’ল বিশাল৷ সংবাদ মাধ্যমৰ জৰিয়তে বিশালৰ কাতৰ অনুৰোধ যাতে তেওঁৰ পৰিয়ালটোৱে শোণিতপুৰৰ ওঠৰ মাইলত অৱস্থিত পিতৃ পুৰুষৰ পূর্বৰ বাসগৃহলৈ যোৱাৰ অনুমতি দিয়ে আৰু ভাৰাঘৰৰ পৰা আচবাব লৈ যোৱাৰ সুবিধা প্রদানৰ বাবে প্রশাসনক অনুৰোধ জনায়৷