নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাং; ল’লে সীমান্ত এলেকাৰ বিভিন্ন সমস্যাৰ বুজ

নিয়মীয়া বাৰ্তা, ২ মেঃ  অসম-নাগালেণ্ড সীমান্তৰ গাতে লাগি থকা উদ্যোগ নগৰী বোকাজানৰ বিভিন্ন সমস্যাৰাজিৰ বুজ ল’বলৈ আজি বোকাজানত হঠাতে উপস্থিত হয় অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাং । মন্ত্ৰীগৰাকীয়ে প্ৰথমে সৰিয়হজানস্থিত ছাই হোষ্টেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পাছতেই অসম-নাগালেণ্ড সীমান্ত এলেকা পৰিদৰ্শন কৰে ।

সীমান্ত এলেকা পৰিদৰ্শনৰ সময়তে লাহৰিজানত থকা গড়কাপ্টানী বিভাগৰ কাৰ্যালয়টোৰ কাষতে মাটি বে-দখল কৰা কাৰ্যক উদিগ্নতা প্ৰকাশ কৰি শীঘ্ৰে উক্ত স্থানত এটা আৰক্ষী পহৰা চকী খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে বোকাজানৰ হাতীগড়স্থিত দয়ানন্দ বিদ্যা নিকেতনত প্ৰৱেশ কৰি ইতিমধ্যে বহিঃৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিবলগীয়া লোকসকলক উক্ত স্থানত বিদ্যালয় গৃহত কোৱাৰেণ্টাইনত ৰখাৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ সুবিধাসমূহৰ বিষয়ে বুজ লয় । ইয়াৰোপৰি বোকাজান হাস্পতালত হ’বলগীয়া ব্লাড বেংকৰো সুবিধাসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰে ।

মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনকালত তেওঁক সহযোগ কৰে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন, কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, কাৰ্যবাহী সদস্য জগতছিং ইংতি, নিলিপ পৰিষদিয় সমষ্টিৰ পৰিষদীয় সদস্য পৱিত্ৰ ৰংপি, মহকুমাধিপতি দিলীপ তেৰাং, আৰু মহকুমা আৰক্ষী বিষয়া জন দাসকে ধৰি ভালেকেইজন লোক ।

You might also like