জম্মু-কাশ্মীৰঃ চলিত বৰ্ষত সেনাৰ ২৭ টাকৈ অভিযানত ৬৪ টা সন্ত্ৰাসবাদীক হত্যা
নিয়মীয়া বাৰ্তা, ৭ মে’ : জম্মু-কাশ্মীৰত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ২৭ টা অভিযান চলাই ৬৪ টা সন্ত্ৰাসবাদীক হত্যা কৰিছে । ইয়াৰ লগতে ২৫ টা সক্ৰিয় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
ইপিনে বুধবাৰে সেনাৰ হাতত নিহত হোৱা হিজবুল মুজাহিদীনৰ ম’ষ্ট ৱাণ্টেড ৰিয়াজ নায়কোক বিগত ৬ মাহৰ পৰা সেনা-আৰক্ষীয়ে বিচাৰি আছিল ।
বৃহস্পতিবাৰে কাশ্মীৰ ৰেঞ্জৰ আৰক্ষী আইজি বিজয় কুমাৰে প্ৰকাশ কৰে এই তথ্য ।
উল্লেখ্য যে বুধবাৰে ভাৰতীয় সেনাই পুলবামা জিলাৰ বেইগপৰা গাঁৱৰ এক অঞ্চলত পুৱতি নিশা অভিযান চলাই তীব্ৰ সংঘৰ্ষৰ মাজতে এটা ঘৰত বিস্ফোৰণ ঘটাই ম’ষ্ট ৱাণ্টেড ৰিয়াজ নায়কোক হত্যা কৰিবলৈ সক্ষম হয় ।
Security forces launched 27 operations & eliminated 64 terrorists since January this year in Jammu & Kashmir. 25 active terrorists were arrested. Police were searching for slain Hizbul Mujahideen commander Riyaz Naikoo for the past 6 months: Kashmir range Police IG Vijay Kumar pic.twitter.com/IbGLkfzWlx
— ANI (@ANI) May 7, 2020