নিয়মীয়া বাৰ্তা, ৭ মে’ : মার্ঘেৰিটা মহকুমাৰ লেখাপানীত চাঞ্চল্যকৰ ঘটনা ৷ মোমায়েকে বনৰীয়া হাতী খেদিবলৈ পতা বিজুলী ফান্দত পৰি ভাগিনীয়েকৰ শোকাৱহ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্রাপ্ত খবৰ অনুসৰি, দীর্ঘদিন ধৰি লেখাপানী থানাৰ অন্তর্গত পাশা গাঁৱত হাতীয়ে চলাই আহিছে সন্ত্রাস ৷ হাতীৰ সন্ত্রাস ৰুধিবলৈ মোমায়েক গুপ্ত মাঝিয়ে নিজৰ পথাৰত বিজুলীৰ ফান্দ পাতি থৈছিল ৷ বুধবাৰে নিশা হাতী খেদিবলৈ গৈ ভাগিন চন্দ্র বাহাদুৰ মাঝি বিজুলী তাঁৰত লাগি থিতাতে নিহত হয় ৷ সমগ্র ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল মোমায়েক গুপ্ত মাঝিয়ে ৷ মৃতদেহৰ গাত থকা স্পষ্ট দাগ অনুমান কৰি স্থানীয় ৰাইজে কয় যে মাঝিৰ কাৰেণ্টত লাগিয়েই মৃত্যু হৈছে ৷
সাংবাদিকৰ তৎপৰতাত এই ঘটনা পোহৰলৈ আহে যদিও পৰিয়ালৰ লোকে মুখ খোলা নাই ৷ লেখাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ ইফালে সাংবাদিকৰ তৎপৰতাত এই ঘটনা পোহৰলৈ আহে যদিও পৰিয়ালৰ লোকে বর্তমানলৈকে মুখ খোলা নাই ৷ বর্তমান লেখাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্রেৰণ কৰিছে ৷ উল্লেখ্য যে পৰিয়ালৰ লোকে প্রথমাৱস্থাত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈও অমান্তি হৈছিল ৷ অৱশেষত আৰক্ষীৰ হস্তক্ষেপতহে পৰিয়ালটিয়ে মৃতদেহ আৰক্ষীক চমজাই দিয়ে ৷