নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বিদেশী কাৰখানা

নিয়মীয়া বাৰ্তা ৯ মেঃ ক’ৰোনা ভাইৰাছৰ বিশ্বব্যাপ্ত আতংকৰ মাজতে বাণিজ্যিক দিশত ভাৰতৰে সম্পর্কিত এটা বিশেষ বাতৰিয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণক কেন্দ্র কৰি আমেৰিকা আৰু চীনৰ মাজত সম্পর্ক অধিক তিক্ততাপূর্ণ হৈ পৰাৰ পৰিপ্রেক্ষিতত দুয়োখন দেশৰ মাজত থকা বাণিজ্যিক সম্পর্কত প্রভাৱ পৰিব পাৰে বুলি সর্বত্র চর্চা হৈছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইতিমধ্যে ঘোষণা কৰিছে যে চীনত থকা মার্কিন ইলেক্ট্র’নিক আৰু ঔষধৰ কোম্পানীৰ কাৰখানাসমূহ স্থানান্তৰ কৰাৰ দৰে গুৰুত্বপূর্ণ পদক্ষেপ ল’ব পাৰে ৱাশ্বিংটনে৷ আমেৰিকাই ক’ভিড–১৯ৰ বিশ্বব্যাপী সংক্রমণৰ বাবে চীনক প্রত্যক্ষভাৱে জগৰীয়া কৰাৰ লগতে এইবুলিও অভিযোগ কৰিছে যে উদ্দেশ্যপ্রণোদিতভাৱে ন’ভেল ক’ৰোনা ভাইৰাছ চীনৰ গৱেষণাগাৰত প্রস্তুত কৰা হৈছিল৷ ইয়াৰ সত্যতা প্রমাণ হ’লে চীনে পৰিণাম ভোগ কৰিবলগীয়া হ’ব বুলিও ট্রাম্পে সকীয়নি দিছিল৷ দুয়োখন দেশৰ কঠোৰ স্থিতিত এতিয়া বাণিজ্যিক সম্পর্কত দুদোল্যমান হৈ পৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত এতিয়া আগশাৰীৰ প্রতিষ্ঠানসমূহেও চীনৰ পৰা তেওঁলোকৰ কাৰখানাসমূহ স্থানান্তৰৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছে৷ এইক্ষেত্রত মার্কিন কোম্পানীসমূহৰ পছন্দৰ গন্তব্যস্থলীসমূহৰ্ ভিতৰত একেবাৰে আগত আছে ভাৰত আৰু ভিয়েটনাম৷ কিন্তু যিহেতু ভিয়েটনামৰ তুলনাত ভাৰতীয় বজাৰ কেইবাগুণো বৃহৎ, সেয়েহে এইক্ষেত্রত ভাৰতৰ সুবিধা অধিক বুলি ধাৰণা কৰা হৈছে৷ প্রকাশিত বাতৰি মতে ভাৰতে চীনৰ পৰা কমেও এহেজাৰ কোম্পানীৰ সৈতে এই সন্দর্ভত যোগাযোগ কৰিছে৷ বিভিন্ন মধ্যস্থতাকাৰী সংস্থা হিচাপে ভাৰতে বর্তমান যোগাযোগ অব্যাহত ৰাখিছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল চিকিৎসা সঁজুলি যোগানকাৰী, ফুড প্রচেছিং ইউনিট, চামৰাৰ উদ্যোগ, কাপোৰৰ মিল, গাড়ীৰ পার্টছ নির্মাতা আদি৷ আনহাতে, ঔষধ প্রস্তুতকাৰক প্রতিষ্ঠান আৰু চিকিৎসা সঁজুলি যোগানকাৰীৰ সৈতে ভাৰত চুক্তিবদ্ধ হোৱাৰ পূৰামাত্রাই সম্ভাৱনা আছে৷ অৱশ্যে এই গোটেই বিষয়টো নির্ভৰ কৰিব ক’ভিড–১৯ৰ আতংক কিমান দিনলৈ অব্যাহত থাকে তাৰ ওপৰত৷ ইয়াৰ লগতে ভাৰতে এই বিদেশী কোম্পানীসমূহক সম্ভৱপৰ সকলো সা–সুবিধা প্রদান কৰাত কিমান সক্ষম হয় সেয়াও হ’ব মন কৰিবলগীয়া৷
অসমবাসীৰ বাবে সন্তুষ্টিৰ বিষয় যে চীনৰ পৰা ভাৰতলৈ যদি পর্যাপ্ত বিদেশী কোম্পানীৰ কাৰখানা স্থানান্তৰ কৰাটো সম্ভৱ হয়, তেন্তে অসমো ইয়াৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা আছে৷ বিদেশী বিনিয়োগকাৰীক আকর্ষিত কৰাৰ বাবে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আৰম্ভণিৰে পৰা উদ্যোগ গ্রহণ কৰি আহিছে৷ ইতিমধ্যে গুৱাহাটীত ৰাজ্য চৰকাৰে আয়োজন কৰিছে বিদেশী বিনিয়োগকাৰীৰ সন্মিলন৷ অৱশ্যে বিভিন্ন কাৰণত এতিয়াও ৰাজ্যবাসীৰ চকুত পৰাকৈ ইয়াৰ সুফল দেখিবলৈ পোৱা নাই৷ অসমত বৃহৎ উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্রত থকা অসুবিধাসমূহ দূৰ কৰাৰ ক্ষেত্রতো চৰকাৰে পৰিকল্পনা গ্রহণ কৰিব লাগিব৷ তেতিয়াহে বিদেশী বিনিয়োগকাৰীক ৰাজ্যখনলৈ আকর্ষিত কৰিব পৰাটো সম্ভৱ হ’ব৷ বিদ্যুৎ শক্তি হ’ল উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্রত ৰাজ্যখনৰ সন্মুখত দেখা দিয়া অন্যতম প্রধান সমস্যা৷ ইয়াৰ লগতে বিদেশী বিনিয়োগকাৰীক আকর্ষিত কৰিবলৈ হ’লে যাতায়াতৰ ব্যৱস্থাও উন্নত কৰিব লাগিব৷ অলপতে উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এক সংবাদ মেলত উল্লেখ কৰিছে যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইতিমধ্যে চীনৰ পৰা স্থানান্তৰ হ’ব পৰা বিদেশী কোম্পানীৰ কাৰখানা অসমত স্থাপনৰ বাবে সুবিধা দিবলৈ কেন্দ্রীয় চৰকাৰৰ সৈতে যোগাযোগ কৰিছে৷ বিভিন্ন মাধ্যমেৰে ৰাজ্য চৰকাৰে নির্দিষ্ট প্রতিষ্ঠানসমূহৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে৷ এই বাতৰি উৎসাহজনক যদিও বিদ্যুৎ শক্তিকে ধৰি আন্তঃগাঁথনি সম্পর্কীয় অসুবিধাৰ বাবে অসমৰ প্রস্তাৱ যাতে উপেক্ষিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বাস্তৱিক পদক্ষেপ ল’ব লাগিব

You might also like