দিল্লীৰ অধিকাংশ ক’ৰোনাৰ কেছ লক্ষণবিহীন
নিয়মীয়া বার্তা, ১১ মেঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছে যে ৰাজ্যখনৰ ৭৫ শতাংশ ক’ভিড–১৯ কেছ অতি কম লক্ষণযুক্ত বা একেবাৰে লক্ষণবিহীন৷ সামান্য লক্ষণযুক্ত সকলো লোককে তেওঁলোকৰ ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রীজনে৷ ৬,৯২৩টা কেছৰ ভিতৰত মাত্র ১,৪৭৬জন লোককহে হাস্পতালত ভর্তি কৰোৱা হৈছে৷ বাকীসকলক ঘৰতে বা কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখি চিকিৎসা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রীজনে আজি প্রব্রজিত শ্রমিকসকলক দেশৰ ৰাজধানীতে থাকিবলৈ পৰামর্শ আগবঢ়ায়৷ গৃহভূমিলৈ খোজকাঢ়ি যোৱাটো অসুৰক্ষিত বুলি মন্তব্য কৰি তেওঁলোকৰ বাবে অধিক ট্রেইনৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে৷