ক’ৰোনাৰ মোকাবিলাত ট্রাম্পৰ ব্যর্থতাক তীব্র সমালোচনা
নিয়মীয়া বার্তা, ১১ মেঃ বিশ্বৰ ভিতৰতে সর্বাধিক ক’ৰোনা ভাইৰাছ আক্রান্ত দেশ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক তীব্র সমালোচনা কৰিছে প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামাই৷ বাৰাক অ’বামাই ৱেব কলযোগে কৰা বার্তালাপ ফাদিল হয় সংবাদ মাধ্যমৰ জৰিয়তে৷ এই ৱেব কলত বাৰাক অ’বামাই তেওঁৰ আমোলত কার্যনির্বাহ কৰা প্রশাসনিক কর্মকর্তাৰ সৈতে বার্তালাপ কৰিছিল৷ বার্তালাপত বাৰাক অ’বামাই কয়, ‘মহামাৰী মোকাবিলাৰ ক্ষেত্রত আমেৰিকাক নেতৃত্ব দিয়াত ব্যর্থ হৈছে ৰাষ্ট্রপতি ট্রাম্প৷ তেওঁ দায়িত্ব পালনৰ পৰা আঁতৰি গৈছে৷ যাৰ বাবে প্রদেশসমূহে নিজৰ মতে ক’ৰোনা সংকটৰ মোকাবিলাৰ চেষ্টা কৰিছে৷ তেওঁৰ গাফিলতিৰ বাবেই চূড়ান্ত বিশৃংখলতাৰ সৃষ্টি হৈছে আৰু এয়াই হ’ল বিপর্যয়ৰ অন্যতম কাৰণ৷