নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রমিক বিশেষ ৰে’লে কঢ়িয়াব ১৭০০ যাত্রীক

পিন্ধিব লাগিব মাস্ক, খাদ্য নিজে নিব লাগিব যাত্রীয়ে

নিয়মীয়া বাৰ্তা, ১২ মে’ : বিভিন্ন ৰাজ্যলৈ চলি থকা শ্রমিক বিশেষ ৰে’লসমূহত এতিয়াৰে পৰা ১,৭০০জনকৈ যাত্রী কঢ়িওৱা হ’ব ৷ ভাৰতীয় ৰে’লৱেৰ এক অপ্রত্যাশিত সিদ্ধান্তমর্মে শ্রমিক বিশেষ ৰে’লৰ যাত্রীৰ সংখ্যা ১,২০০ৰ পৰা ১,৭০০লৈ বৃদ্ধি কৰে ৷ উল্লেখ্য যে এই বিশেষ ৰে’লত থকা দবাৰ সংখ্যা হ’ল ২৪টা ৷ ইয়াৰে প্রতিটো দবাত শ্লীপাৰ আসনৰ সংখ্যা ৭৪খন ৷ সেই হিচাপ মতে একোখন শ্রমিক বিশেষ ৰে’লত ১,৭২৮জন যাত্রীয়ে যাত্রা কৰিব পাৰে ৷ প্রব্রজনকাৰী শ্রমিকসকলক নিজৰ নিজৰ ৰাজ্যলৈ ঘূৰাই নিয়াৰ বাবে শেহতীয়াকৈ আহি পৰা জৰুৰী পৰিস্থিতিৰ পৰিপ্রেক্ষিততে এই বিশেষ ৰে’লসমূহত সম্পূর্ণ যাত্রী কঢ়িওৱাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে ভাৰতীয় ৰে’লৱেই ৷ আনকি এই জৰুৰী পৰিস্থিতিত সামাজিক দূৰত্বৰ সৈতে আপোচ কৰিবলগীয়া হৈছে ৰে’লৱেই ৷ উল্লেখ্য যে এইপর্যন্ত শ্রমিক বিশেষ ৰে’লৰ প্রতিটো দবাত যাত্রীৰ মাজত দূৰত্ব ৰক্ষাৰ বাবেই ৫৬জন যাত্রীক কঢ়িওৱাৰ ব্যৱস্থা কৰা হৈছিল ৷

কিন্তু ভাৰতীয় ৰে’লৱেৰ নতুন নির্দেশনাত শ্রমিক বিশেষ ৰে’লৰ দবাত সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই, যিটো সাম্প্রতিক পৰিস্থিতিত এক অপ্রত্যাশিত সিদ্ধান্ত হিচাপে বিবেচিত হৈছে ৷ ক’ভিড–১৯ৰ সংক্রমণ দেশজুৰি ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সময়ত প্রব্রজনকাৰী শ্রমিকসকলক এনেদৰে সম্পূর্ণ যাত্রী কঢ়িওৱা ৰে’লত ভ্রমণ কৰিবলৈ বাধ্য কৰোৱা সিদ্ধান্তক লৈ আশংকা সৃষ্টি হৈছে ৷ ৰে’লৱেই সম্প্রতি প্রতিদিনে এনে ৩০০খন বিশেষ ৰে’ল চলাবলৈ সক্ষম৷ দৈনিক চলিব লগা শ্রমিক ৰে’লৰ সংখ্যা বৃদ্ধিৰ চেষ্টা চলাই থকা হৈছে ৷ আনহাতে, গন্তব্য স্থান পোৱাৰ পূর্বে এই বিশেষ ৰে’লসমূহ সংশ্লিষ্ট ৰাজ্যখনৰ আন তিনিটা স্থানত ৰখাব পাৰিব বুলি নতুন নির্দেশনাত ৰে’লৱেই উল্লেখ কৰিছে ৷ ইপিনে, শ্রমিক বিশেষ ৰে’লৰ যাত্রীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ তদুপৰি সামাজিক দূৰত্ব ৰক্ষাৰো নির্দেশ দিয়া হৈছে যাত্রীসকলক৷ আনহাতে, ৰে’লৱেৰ তৰফৰ পৰা যাত্রীক খাদ্য যোগানৰ ব্যৱস্থা নথকাৰ বাবে যাত্রীসকলে নিজে খাদ্য লগত লৈ যাব লাগিব ৷

You might also like