নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ ২০ লাখ কোটি টকাৰ পেকেজ

আত্মনির্ভৰশীল ভাৰত নির্মাণৰ আহ্বান প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৩ মে’ : ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ মাজতে মঙলবাৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘আত্মনির্ভৰশীল ভাৰত অভিযান’ৰ বাবে ২০ লাখ কোটিৰ অর্থনৈতিক পেকেজ ঘোষণা কৰে ৷ এই পেকেজৰ জৰিয়তে কুটীৰ শিল্প, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ, অসংগঠিত শ্রমিক, কৃষক–উদ্যোগী, দুখীয়া, মধ্যবিত্তক সামৰি লোৱা হৈছে ৷ দেশত তীব্র ৰূপত বৃদ্ধি পোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণ সন্দর্ভত তেওঁ কয়– ‘এটা ভাইৰাছে সমগ্র বিশ্বকে তচনচ কৰি পেলালে ৷ বিশ্বৰ কোটি কোটি মানুহে এতিয়া এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে ৷ জীৱন ৰক্ষাৰ বাবে এতিয়া সমগ্র বিশ্ব একজোঁট হৈছে ৷ এনেধৰণৰ সংকট আমি আগেয়ে কেতিয়াও দেখাও নাছিলোঁ, শুনাও নাছিলোঁ ৷ কিন্তু হেৰাই যোৱা আৰু ভাগি পৰাটো মানুহৰ অভ্যাস নহয় ৷ আমি ক’ৰোনাই সৃষ্টি কৰা পৰিস্থিতি নিজ চকুৰে দেখিছোঁ ৷ আমি বাচিবও লাগিব আৰু আগবাঢ়িও যাব লাগিব ৷’ তেওঁ কয় যে এই ভাইৰাছৰ সংক্রমণৰ সময়ত আগবঢ়াৰ এটাই উপায়, সেয়া হ’ল– আত্মনির্ভৰশীল ভাৰত ৷ ৰাষ্ট্র হিচাপে আমি এক বিৰাট সংকটৰ মুখলৈ আগবাঢ়িছোঁ ৷ সংকটক সুবিধালৈ ৰূপান্তৰ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমানৰ পৰিস্থিতিত ভাৰতৰ বাবে এক সুযোগো আহিছে ৷ তেওঁ কয়– ‘ক’ৰোনা আৰম্ভ হোৱাৰ সময়ত ভাৰতত এটাও পি পি ই কিট নাছিল ৷ নাছিল এটাও এন–৯৫ মাস্ক ৷ সেই ভাৰততে এতিয়া নিতৌ ২০ লাখ পি পি ই কিট উৎপাদন হয় ৷ উৎপাদন হৈছে এন–৯৫ মাস্ক ৷ এয়া সম্ভৱ হৈছে ভাৰতৰ দৃঢ়তাৰ বাবে ৷’

তেওঁ কয় যে সমগ্র বিশ্বত এই বিশ্বাস সৃষ্টি হৈছে যে ভাৰতে পৃথিৱীৰ বাবে অনেক কাম কৰিব পাৰে ৷ ভাৰতৰ ঔষধ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে ৷ তাৰ বাবে ভাৰতক সকলোৱে প্রশংসা কৰিছে ৷ টিবি হওক বা পলিঅ’ই হওক, ভাৰতৰ প্রকল্পৰ প্রভাৱ বিশ্বৰ সকলো স্থানতে পৰিছে ৷ তেওঁ আৰু কয়– আমাৰ ওচৰত এনে প্রতিভা আছে, যিয়ে আমাৰ গুণগত মান অধিক উন্নত কৰিব পাৰে, যোগান বঢ়াব পাৰে৷ ইয়াৰ জৰিয়তে ১৩০ কোটি ভাৰতবাসীৰ আত্মনির্ভৰশীলতাৰ কথাও নিহিত হৈ আছে ৷ দেশবাসীক সম্বোধন কৰি ৩৩ মিনিটজোৰা ভাষণত প্রধানমন্ত্রীজনে কয়– ‘পাঁচটা স্তম্ভৰ ওপৰত নির্ভৰশীল হ’ব ভাৰতৰ আত্মনির্ভৰশীলতা ৷ প্রথম হ’ল অর্থনীতি ৷ যি এটা সুদৃঢ় ভেটিৰ ওপৰত থিয় হৈ থাকিব ৷ দ্বিতীয়তে পৰিকাঠামো, তৃতীয়তে ছিষ্টেম, চতুর্থতে জনসংখ্যা –এই জনসংখ্যা আমাৰ এক সম্পদ ৷ পঞ্চমতে বজাৰ বা চাহিদা৷ আমাৰ দেশত এখন বৃহৎ বজাৰ আছে৷ চাহিদা বাঢ়িলে যোগানো বৃদ্ধি পায় ৷’ প্রধানমন্ত্রীজনে আৰু কয় যে এই পাঁচটা ব্যৱস্থাক আৰু অধিক মজবুত কৰিব লাগিব ৷

স্মর্তব্য যে ক’ৰোনাৰ সংকটৰ মোকাবিলাৰ কাৰণে কিছুদিন পূর্বে এক বিশেষ আর্থিক পেকেজ ঘোষণা কৰাৰ পাছত মঙলবাৰে পুনৰ ‘আত্মনির্ভৰশীল ভাৰত অভিযান’ৰ অধীনত ২০ লাখ কোটি টকাৰ এক আর্থিক পেকেজ ঘোষণা কৰে প্রধানমন্ত্রীজনে ৷ এই পেকেজ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ১০ শতাংশ বুলিও তেওঁ উল্লেখ কৰে ৷ ২০ লাখ কোটি টকাৰ এই বৃহৎ আর্থিক পেকেজৰ সবিস্তাৰ বুধবাৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বিতংভাৱে ঘোষণা কৰিব বুলি প্রধানমন্ত্রীজনে ভাষণ প্রসংগত কয় ৷ যোৱা ৬টা বছৰে দেশত যি সংস্কাৰ হৈছে, তাৰ ফলত এই সংকটৰ সময়ত ভাৰত অধিক শক্তিশালী হোৱা বুলি মন্তব্য কৰি তেওঁ কয়– এই সংস্কাৰ কৰ ব্যৱস্থা, কৃষিকর্মসহ সকলো ক্ষেত্রৰ বাবে সম্ভৱ হৈছে ৷ এই সংস্কাৰে ভাৰতীয় অর্থনীতিক অধিক মজবুত কৰিব ৷ অনাগত সময়ত প্রমাণ হ’ব ভাৰতে সকলো সময়তে বিশ্বক নেতৃত্ব দিবলৈ সক্ষম ৷ আর্থিক পেকেজৰ অনেক বিকল্প আছে ৷ যাৰ দ্বাৰা আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি পাব আৰু গুণগত মানো নিশ্চিত থাকিব ৷ ক’ৰোনা ভাইৰাছ সৃষ্ট ভয়ংকৰ সংকটৰ সময়ত বিশ্বৰ বহু বৃহৎ অর্থনীতিও ভাগি পৰিছে ৷ তাৰ মাজতে এই সংকটত ভাৰতবাসীয়ে অনেক কষ্ট সহ্য কৰিছে ৷ দুখীয়া, নিম্নবিত্ত মানুহে অনেক ত্যাগ স্বীকাৰ কৰিছে৷ এতিয়া সময় হৈছে আমি তেওঁলোকৰ বাবে কিছু কাম কৰাৰ ৷ সেয়ে স্থানীয় বজাৰৰ ওপৰত গুৰুত্ব দি এই আর্থিক পেকেজ ঘোষণা কৰা হৈছে ৷ বিশ্বৰ বজাৰো এটা সময়ত স্থানীয় স্তৰতেই আছিল ৷ তাৰ গুৰুত্ব বৃদ্ধি পোৱাতহে বিশ্বজনীনতা লাভ কৰিছে ৷

ইফালে তৃতীয় পর্যায়ৰ লকডাউনৰ পাছত দেশত পুনৰ চতুর্থ পর্যায়ৰ লকডাউনৰ ইংগিত দি অহা ১৮ মে’ৰ পূর্বে তাৰ নতুন নীতি–নির্দেশনা জাৰি কৰা হ’ব বুলি ঘোষণা কৰে ৷ প্রধানমন্ত্রীজনে কয়– এটা কথা ঠিক যে ক’ৰোনা ভাইৰাছ দীর্ঘদিন ধৰি আমাৰ মাজত থাকিব ৷ সেই বাবে চতুর্থ পর্যায়ৰ লকডাউন সম্পূর্ণ পৃথক প্রকৃতিৰ হ’ব৷ ৰাজ্যসমূহে আমাক অনেক পৰামর্শ আগবঢ়াইছে ৷ সেই অনুযায়ী আমি আগবাঢ়িম ৷ ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ এটাই আহ্বান– আহক, স্বনির্ভৰশীল ভাৰত নির্মাণ কৰোঁ ৷

You might also like