নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমা আৰু কেঁকোৰা

  • প্রাঞ্জল প্রতিম বড়া

The winning of honour is but the revealing of a man’s virtue. প্রখ্যাত ৰচনাবিদ ফ্রেন্সিচ বেকনে ‘সন্মান আৰু মর্যদা’ Honour and Reputation) সম্পর্কত এনেদৰেই উল্লেখ কৰিছিল৷ অর্থাৎ সন্মান কিম্বা মর্যদা Honour)প্রাপ্ত হয় মানুহৰ সদগুণ(Virtue)ৰ বাবে৷ গুণৰো বহু ৰূপ থাকে৷ কোনোজন কথাৰে, কোনোজন আচাৰ–ব্যৱহাৰেৰে নম্র–ভদ্র হয়৷ কোনোবাজন প্রতিভাৰে গুণৱান হয়৷ এই প্রতিভা বিকাশ আৰু প্রকাশৰ মঞ্চও হয় বিভিন্ন ধৰণৰ৷ কোনোৱে সাহিত্যত, কোনোৱে কৃষ্টি–সংস্কৃতিত, কোনোজনে সামাজিক, শৈক্ষিক, সাংবাদিকতা কিম্বা ৰাজনৈতিক ক্ষেত্রত, কোনোজনে ক্রীডাত পাৰদর্শিতা দেখুৱাই সন্মান আৰু মর্যাদাৰ গৰাকী হয়৷ নাম–যশৰ অধিকাৰী হয়৷ অর্থাৎ কোনো বিশেষ ক্ষেত্রত বিশেষ সক্ষমতা(Ability) প্রদর্শন কৰিব পৰাকৈ প্রতিভাশালী হ’লেই মানুহে যশস্যা(Fame) লাভ কৰে৷ ইংৰাজ ৰচনাবিদ বেকনে ক’বৰ দৰেই সক্ষমতাই হ’ল যশস্যা৷Fame is earned by showing off one’s ability and virtue to the best advantage.

উন্নয়নশীল দেশ ভাৰতবর্ষত সাহিত্য, বোলছবি, কৃষ্টি–সংস্কৃতি অথবা সামাজিক–ৰাজনৈতিক ক্ষেত্রত সুখ্যাতি লভা মানুহৰ সংখ্যা তাৰক নহয় যদিও ক্রীড়াৰ ক্ষেত্রত ক্রিকেট খেলৰ বাদে আন খেলত নাম–যশপ্রাপ্ত খেলুৱৈৰ সংখ্যা তাকৰ৷ লক্ষণীয়ভাৱে ক্রিকেটৰ বাদে অন্য খেলত জনপ্রিয় হোৱা খেলুৱৈৰ যি এখন তালিকা আছে তাত মহিলা ক্রীড়াবিদৰে দপদপনি৷ যেনেকৈ টেনিছত ছানিয়া মির্জা, বেডমিণ্টনত পি ভি সিন্ধু, চাইনা নেহৱাল, অশ্বিনী পোন্নাপা, জ্বোৱালা গোট্টা, অদিতি মোটাটকাৰ, ব’ক্সিঙত মেৰীকম ইত্যাদি৷ ইয়াৰ আগতে মহিলা ক্রীডাবিদ ৰূপে জনপ্রিয় নাম আছিল দৌৰবিদ পি টি ঊষা৷ এইখন তালিকাত বিশেষ চকুত লগাকৈ নাম নাছিল অসমৰ কোনো খেলুৱৈৰ৷ দীপাংকৰ ভট্টাচার্য, সোমদেৱ দেৱ বর্মন, জয়ন্ত তালুকদাৰ, শিৱ থাপা প্রমুখ্যে পুৰুষ খেলুৱৈয়ে সুনাম অর্জন কৰিছিল যদিও মনালিছা বৰুৱা মেহতা, তয়াবুন নিচাৰ, যমুনা বডো বাদে মহিলাৰ ক্ষেত্রত বিশেষ তেনে নাম নাছিল৷ শেহতীয়াকৈ সমৰকলাত নিজৱাম বসুমতাৰী, পম্পী দেউৰী আৰু অলিম্পিক খেলাৰ যোগ্যতাৰে লাভ’লিনা বৰগোহাঁইৰ দৰে খেলুৱৈৰ নাম চর্চালৈ আহিছে৷ পি টি ঊষাৰ উত্তৰসূৰী হোৱাৰ সপোন দেশবাসীক দেখুৱাবলৈ সক্ষম হৈছিল অসমৰ এগৰাকী দৌৰৰাণী(Sprint Queen)য়ে আৰু তেওঁ আছিল ‘ধিং এক্সপ্রেছ’ খ্যাত হিমা দাস৷
আকস্মিক উত্তৰণ ঘটা হিমা দাসক লৈ চর্চা আৰম্ভ হৈছিল সমগ্র দেশত৷ এই চর্চাই ব্যাপক জনপ্রিয়তাৰ দিশে গতি কৰিছিল৷ দেশৰ প্রধানমন্ত্রীয়েও প্রশংসাৰে উপচাই দিছিল এইগৰাকী দৌৰ ৰাণীক৷ প্রথমতে ঠিকেই আছিল, হিমাই দৌৰিছিল আৰু ভাৰত তথা অসমৰ ৰাইজে হাত তালি মাৰি উৎসাহ দিছিল৷ হিমাই ইটোৰ পিছত সিটো মেডেল বুটলিছিল আৰু সমগ্র দেশৰে ক্রীডাপ্রেমী বিশেষকৈ অসমৰে জীয়ৰী বুলি অসমবাসী গৌৰৱান্বিবত হৈছিল ৷

আনৰ নাম–যশ হেনো মানুহে বেছি দিনলৈ সহিব নোৱাৰে৷ মনত হিংসাৰ ভাব ওপজে৷ এইক্ষেত্রত হেনো অসম মুলুকৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি এখোপ চৰা৷ অসমীয়াই হেনো পৃথিৱীৰ একমাত্র জাতি, যি নিজৰ সহোদৰ এজনে উন্নতি কৰা, নাম–যশ বুটলা দেখিলে পোনতে প্রেৰণা দিয়া যেন কৰিলেও পিছত গৈ জ্বলি–পুৰিহে মৰে৷ হয়তো জাতিটোৰ ওপৰতে এয়া এক অদৃশ্য শক্তিৰ অভিশাপ৷ অসমীয়া হেনো আচলতে কেঁকোৰাৰহে বংশধৰ৷ কোনোবা ওপৰলৈ উঠিলে কামুৰি তললৈ নমাই আনে৷ হিমা দাসকেন্দ্রিক এটা বিতর্কই অসমীয়াৰ বিৰুদ্ধে এই কেঁকোৰাকেন্দ্রিক অভিযোগটোক প্রাসংগিক কৰি তুলিছিল ৷

হিমা দাস অতিৰিক্ত আৰক্ষী অধীক্ষক হ’ব ৷ বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়া বাজেটত আন্তঃৰাষ্ট্রীয় পর্যায়ত খ্যাতি লাভ কৰা অসমৰ খেলুৱৈক ৰাজ্যৰ অসামৰিক সেৱাত নিযুক্ত কৰাত বিশেষ পদক্ষেপ গ্রহণ কৰিছিল ৷ ক্রীড়াৰ প্রতি যুৱপ্রজন্মক আকর্ষিত কৰিবলৈ অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰা ক্রীডাবিদক ৰাজ্য চৰকাৰৰ প্রথম শ্রেণীৰ বিষয়া ৰূপে নিযুক্তি দিয়াৰ প্রস্তাৱ বাজেটত গ্রহণ কৰিছিল আৰু ইয়াৰ আধাৰত প্রথমগৰাকী হিতাধিকাৰী হিচাপে মনোনীত হৈছে স্বর্ণ কন্যা হিমা দাস৷ অর্থাৎ হিমা দাস হ’ব অসম আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক৷ অৱশ্যে বিষয়া ৰূপত নাম, মর্যাদা, দৰমহা, সুবিধাহে খেলুৱৈগৰাকীয়ে লাভ কৰিব, ক’তো কর্মৰত হ’ব নালাগে৷ অর্থাৎ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে কার্যনির্বাহ কৰিব নালাগে৷ সৰল অর্থত এইটোৱেই যে হিমা দাসলৈ আগবঢোৱা হৈছে চৰকাৰী সন্মান৷ এই কথা ৰাজহুৱা হোৱাৰ পিছত বিতর্কৰ সূচনা হৈছিল আৰু বহুতে হিমা দাসক ‘চাকৰি’ দিয়াত অসন্তুষ্টি ব্যক্ত কৰিছিল৷ কোনোৱে কৰিছিল প্রতিবাদ৷ কোনোৱে কৰিছিল আক্রমণ৷ লক্ষণীয়ভাৱে এই প্রতিবাদ কৰিছিল অসমীয়াই আৰু প্রতিবাদ কৰিছিল এগৰাকী অসমীয়া যুৱতীয়ে লাভ কৰা সন্মানৰ বিপক্ষে ৷

হিমা দাস এগৰাকী খিলঞ্জীয়া অসমীয়া ৷ তেওঁ যি লাভ কৰিছে সেয়া তেওঁৰ প্রতিভা আৰু কঠোৰ সাধনাৰ ফল৷ উৎকোচ দি অথবা কাৰোবাক বঞ্চিত কৰি এয়া লাভ কৰা নাই৷ ক্রীডাৰ ক্ষেত্রত সুনাম অর্জন কৰা খেলুৱৈয়ে এনেকৈ ‘চাকৰি’ পোৱা হিমা দাসেই প্রথম নহয়৷ বিশ্বত বাদেই ভাৰততে আছে দেধাৰ উদাহৰণ৷ ক্রিকেটাৰ হৰভজন সিঙক ২০০২ বর্ষত পঞ্জাব চৰকাৰে দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ৷ ক্রিকেটাৰ কপিল দেৱক ২০০৮ বর্ষত ভাৰতীয় সেনাই দিছিল সেনাধ্যক্ষ(Lieutenant Colonel)ৰ সন্মান৷ ক্রিকেটাৰ শচীন তেণ্ডুলকাৰকো ২০১১ চনত ভাৰতীয় বায়ু সেনাই দিছিল কেপ্ঢেইনৰ মর্যাদা৷ এই তালিকাখন দীঘলীয়া হ’ব৷ পৰিতাপৰ কথা যে ক্রীডাৰ প্রতিভাৰে বিশ্বত অসমৰ নাম উজলোৱা হিমা দাসৰ এই প্রাপ্তিক যিসকলে সমালোচনা কৰিছে তেওঁলোক হ’ল অসম মুলুকৰে সন্তান৷ অসমীয়াৰ কেঁকোৰা চৰিত্রৰ এয়া এক আধুনিক সময়ৰ উদাহৰণ ৷

অসমীয়াৰ কেঁকোৰা সদৃশ মানসিকতাৰ পৰা সাৰি নাযায় কোনো৷ সেয়া লাগিলে সাহিত্য–সাংস্কৃতিক ক্ষেত্রতেই হওক, শৈক্ষিক–সামাজিক ক্ষেত্রতেই হওক৷ ৰাজনীতিৰ ক্ষেত্রখন এই দৃষ্টিকোণেৰে এখন বহল মঞ্চ৷ কেঁকোৰা মানসিকতাই এচাম অসমীয়া মানুহক এনেদৰে অক্টোপাছৰ দৰে মেৰিয়াই ৰাখিছে যে অসমীয়াৰ জাতীয় সংগ্রামবোৰেও ইয়াৰ পৰা ৰেহাই নাপালে৷ ‘কা’ (নাগৰিকত্ব সংশোধনী আইন) বিৰোধী আন্দোলনৰ প্রসংগৰে জাতীয় সংগঠনসমূহৰ অথবা জাতীয় নেতাৰ আন খিলঞ্জীয়া সংগঠন কিম্বা নেতাক লক্ষ্য কৰি কেঁকোৰা সদৃশ তললৈ নমোৱাৰ প্রচেষ্টাহে জনতাৰ চকুত পৰিল৷ আনক তললৈ নমাই নিজে নেতা হোৱাৰহে যেন কৌশল৷ সেইবাবেই হয়তো ক’ৰোনা অভিমাৰীৰ সময়তো কেইগৰাকীমান ‘কা’ বিৰোধী আন্দোলনকাৰী ইখনৰ পৰা সিখন জে’ললৈ স্থানান্তৰিত হৈ বন্দী হৈ থাকিল, কিন্তু কেইজনমান সমাজকম্ বা দুই–এটা ‘কা’বিৰোধী সংগঠনৰ বাদে কোনেও মুকলিকৈ মাত নামাতিলে৷ কাৰণ বহুতৰে শংকা যে কেনেবাকৈ জে’লৰ পৰা ওলালে সেইসকল আন্দোলনকাৰী সাংগঠনিকভাৱে আকৌ ডধায়েবা৷ ডধোৱাৰ পূর্বেই তললৈ কেঁকোৰাৰ দৰে টানি অনাটোৱেহে যে বহুতৰে গোপন ডদ্দেশ্য৷ কেঁকোৰা মানসিকতাৰ ঊর্ধ্বত হ’ব নোৱাৰিলে ‘আজিৰ ছাত্র কাইলৈ দেশৰ নাগৰিক’ কৰাৰ দায়িত্বত নিয়োজিত শিক্ষক শ্রেণীয়েও৷ ‘কা’বিৰোধী আন্দোলনৰ প্রসংগৰেও একাংশ শিক্ষক ব্যস্ত হ’ল সততাৰে কাম কৰা সহকম্ৰ বিৰুদ্ধে সৰলচিতীয়া সহকম্সকলক উচতাই শৈক্ষিক ৰাজনীতি কৰাত৷ জাতিৰক্ষাৰ অংগীকাৰক কেৱল মুখৰ শ্লোগানলৈ ৰূপান্তৰ কৰি নিজকে জাতিপ্রেমী বুলি প্রমাণ কৰিবলৈ শৈক্ষিক মঞ্চতো কেঁকোৰাই টনা খেলহে চলিল৷ সমাজে ইতিবাচক দৃষ্টিৰে চাই সন্মান যচা শিক্ষকো (একাংশ) ব্যস্ত হ’ল সহকম্ৰ ‘ইমেজ’ নষ্ট কৰাত আৰু নিজে নেতা হোৱাত৷ সাম্প্রতিক সময়ত শিক্ষানুষ্ঠান একাংশতো পৰিলক্ষিত হয় কেঁকোৰাৰ পৰিৱেশ৷ শিক্ষানুষ্ঠানৰ কিম্বা ছাত্র–ছাত্রীৰ হিত সাধনৰ চিন্তা কৰাতকৈ শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু শিক্ষক একাংশ ব্যস্ত হয় প্রতিভাৰ জখলা বগোৱা সহোদৰ সহকম্জনক বিধি–পথালি দিয়াত৷ বৌদ্ধিক চিন্তাৰ উৎস বুলি সমাজে আখ্যা দিয়া শিক্ষক সমাজতেই যেতিয়া হিংসা আৰু ঈর্ষাৰ পয়োভৰ, তেনে সমাজত হিমা দাসৰ দৰে খেলুৱৈৰ প্রতিও কেঁকোৰা মানসিকতা প্রকাশ কৰাটো চাগে মুঠেই আশ্চর্যকৰো নহয়৷ বেকনে কৈছিল –A True and well deserved reputation rests on a display of ability. সহোদৰকে হিংসা–ঈর্ষাৰে বিধি–পথালি দিয়া, কেঁকোৰা মানসিকতা প্রদর্শন[display]ৰ সক্ষমতা[ability] দেখুৱা মানুহে নিজেই নিজকে মর্যাদা[reputation]সম্পন্ন ব্যক্তি বুলি ভাবিলেও প্রকৃততে যে তেনে মানুহৰ এই মর্যাদা সঁচা[True] নহৈ ভুৱা[False]হে, তাক উপলদ্ধি কৰিব নোৱাৰে৷ ওপৰলৈ বগুৱা বাই যোৱা একে প্রজাতিৰ প্রাণীটিক কেঁকোৰাৰ দৰে কামুৰি–চিকুটি তললৈ নমাই আনোতে যে নিজেও তললৈ নামি পৰে, সেই উপলদ্ধিও নোহোৱা হয় কেঁকোৰা মনৰ মানুহৰ ৷

স্বাভাৱিকতেই প্রশ্ন হ’ব যে ক’ৰোনা অর্থাৎ ক’ভিড–১৯ মহামাৰীয়ে বিশ্বৰ মানুহক আতংকিত কৰি ৰখাৰ সময়ত হিমা দাস আৰু কেঁকোৰাৰ প্রসংগৰে এটা আলোচনাৰ প্রয়োজন ক’ত৷ প্রয়োজন ইয়াতেই যে যিগৰাকী অসম সন্তানক চৰকাৰে এটা সন্মান দিবলৈ লওঁতে একাংশ অসম মুলুকৰ মানুহেই বিৰোধিতা কৰি কেঁকোৰা মানসিকতা প্রদর্শন কৰিছিল, সেইগৰাকী হিমা দাসেই অসম তথা অসমীয়া ৰাইজৰ সহায়ক হোৱাকৈ ক’ৰোনা ভাইৰাছৰ দুর্যোগৰে মোকাবিলা কৰিবলৈ অসম আৰোগ্য নিধিৰ জৰিয়তে অসম চৰকাৰক নিজৰ এমাহৰ দৰমহা আগবঢ়াইছে৷ লক্ষণীয় কথাটো হ’ল যে ক’ৰোনাৰ আতংকত দেশৰ প্রধানমন্ত্রীয়ে লকডাডন ঘোষণা কৰাৰ মাত্র কিছুদিন পিছতেই অর্থাৎ প্রথম পর্যায়তে (কিছুমানে পিছৰ পর্যায়ত প্রতিযোগিতা কৰা বা প্রচাৰ বিচৰাৰ দৰে নহয়) যুৱ খেলুৱৈগৰাকীয়ে এই ধন আগবঢ়াইছিল৷ আমি হয়তো বহুতেই জানো বা নাজানো যে এই হিমা দাস কোনো পুঁজিপতি ক্রীডাবিদ নহয়, বৰঞ্চ দৰিদ্র ঘৰৰ এই ছোৱালীজনীয়ে এছিয়ান গেমছত সোণৰ পদকপ্রাপ্তিৰ পিছত বিশ অনূর্ধ্ব বিশ্ব চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ পিছতেহে দুপইচা অর্জন কৰিছে আৰু এই অর্হতাত ইণ্ডিয়ান অইলে তেওঁক মানৱ সম্পদ বিষয়া[Human Resource Officer] হিচাপে নিযুক্তি দি সন্মান আগবঢ়াইছে৷ এই ‘চাকৰি’ৰে এমাহৰ ধন আগবঢ়াইছে হিমা দাসে৷ একাংশ খিলঞ্জীয়া অসমীয়াই হিংসা–আক্রোশ কৰা এইগৰাকী যুৱ প্রতিভাৰ অসমপ্রেম ইমানেই বেছি যে পাতিয়ালাৰ ছাই ক্রীডা প্রকল্পত লকডাডনৰ সময়ছোৱা আবদ্ধ হৈ থকাৰ মাজতো পলে পলে অসমৰ খবৰ লৈছে আৰু ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী খেলুৱৈকো ছ’চেিয়ল মিডিয়াত কুশল বার্তা লওঁতেও গাবলৈ শিকাইছে অসমীয়াৰ বাপতিসাহোন বিহুটিৰ গীত ৷

লেখক জাঁজী হেমনাথ শর্মা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
ফোনঃ ৯৭০৭৭–৩১৩৯৫

You might also like