নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪১ দিনৰ পাছত ন মহীয়া কন্যা সন্তানৰ সৈতে মহামিলন এগৰাকী নার্ছ মাতৃৰ

নিয়মীয়া বার্তা, ১৭ মেঃ মহামাৰী ক’ভিড–১৯ ৰ বাবে এতিয়া সমগ্র বিশ্বতে সন্ত্রাস সৃষ্টি কৰাৰ সমান্তৰালকৈ চৰকাৰে নিতৌ এই মহামাৰী ৰোধৰ বাবে গ্রহণ কৰিছে ন ন প্রচেষ্টা৷ ইপিনে, স্বাস্থ্য কর্মীসকলেও নিজৰ ঘৰ–পৰিয়াল এৰি দিন–ৰাতি একাকাৰ কৰি ৰোগীক সুস্থ কৰি তুলিবলৈ নিজৰ জীৱনকো তুচ্ছ কৰি অব্যাহত ৰাখিছে তেওঁলোকৰ সেৱা৷

ইয়াৰ মাজতে মৰাণত মিলন হ’ল মাতৃ আৰু সন্তানৰ৷ এগৰাকী চিকিৎসাকর্মীৰ লগতে ৯ মহীয়া সন্তানৰ মাতৃয়ে কিদৰে নিজ সন্তানক এৰি কর্মক্ষেত্রত দায়িত্ব পালন কৰি সুদীর্ঘ ৪১ দিনৰ পাছত নিজ সন্তানৰ সান্নিধ্য লাভ কৰিছে সেইয়া সঁচাই দুখজনক৷

এই মহিলাগৰাকীৰ নাম পল্লৱী চাহু৷ পেছাত এগৰাকী জি এন এম নার্ছ ৷ বিগত ৬ এপ্রিলৰ পৰা গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসালয়ত জি এন এম নার্ছ হিচাপে নিজৰ ৯ মহীয়া সন্তানটিক আইতাকৰ ওচৰত থৈ কর্মত দায়িত্ব পালন কৰি আছিল৷ শনিবাৰে চাৰি দিনৰ ছুটীত মৰাণৰ ঘৰলৈ অহাৰ পাছত এক আৱেগিক পৰিস্থিতৰ সৃষ্টি হয়৷

You might also like