অসমৰ তৈলক্ষেত্র পুঁজিপতিক হস্তান্তৰকৰণক লৈ উত্তাল শিৱসাগৰ
নিয়মীয়া বাৰ্তা, ১৮ মেঃ অ’এনজিচিৰ আঠখনকৈ লাভজনক তৈলক্ষেত্র সংগোপনে পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়াক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাত৷ অসমীয়াৰ স্বাভিমানক পদাঘাত কৰি পুঁজিপতি গোষ্ঠীক অসমৰ পনীয়া সোণস্বৰূপ লাভজনক তৈলক্ষেত্র গতাই দিয়াৰ ভয়ংকৰ কাৰচাজিৰ বিৰুদ্ধে গৰজি ডঠিছে জাতি–জনগোষ্ঠীয় দল–সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান৷ অ’এনজিচিৰ অসমবিৰোধী শক্তিৰ পৰিকল্পিত ষডযন্ত্রৰ আধাৰ হিচাপে লাভজনক তৈলক্ষেত্রসমূহ পুঁঁজিপতি গোষ্ঠীয়ে নিজৰ অধীনলৈ নিয়াৰ ভয়ংকৰ ষডযন্ত্র ৰাজহুৱা হোৱাৰ পিছতেই শিৱসাগৰ জিলাত তেজ দিলেও তেল নিদিওঁ ধ্বনি উঠিছে৷ কেন্দ্রীয় চৰকাৰ, অ’এনজিচি কর্তৃপক্ষৰ এই ভয়ংকৰ ষডযন্ত্র সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰা সদৌ তাই আহোম ছাত্র সন্থা চমুকৈ আটাছুৱে একমুখে এয়া অসমৰ প্রতি চূডান্ত অন্যায় বুলি অভিহিত কৰে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্রেছ বিবৃতিত আটাছুৰ কেন্দ্রীয় ডপ–সভাপতি বসন্ত গগৈয়ে কয় যে মহামাৰী ক’ৰোনাৰ দৰে এক ভয়ানক ৰোগৰ ক’লীয়া ডাৱৰে অসমৰ চৌপাশ আৱৰি ধৰাৰ সময়ত কোটি কোটি মানুহ নিজ গৃহত আবদ্ধ হৈ থকাৰ সময়ত সংগোপনে, পৰিকল্পিতভাৱে আঠখনকৈ তৈলক্ষেত্র পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ ঘটনা নিন্দনীয়, গর্হিত আৰু অমানৱীয় বুলি উল্লেখ কৰে৷
আঠখন নহয় অসমৰ এখনো তৈলক্ষেত্র পুঁজিপতি গোষ্ঠীক গতাই দিয়া কার্য সহ্য কৰা নহ’ব৷ সময় থাকোঁতেই এই ভয়ংকৰ ষডযন্ত্র যদি প্রত্যাহাৰ নকৰে, তেন্তে আন এক মহা সংগ্রামৰ বাবে আটাছু বাধ্য হ’ব বুলি প্রেৰিত বিবৃতিটোত সকীয়াই দিয়ে৷ ইফালে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সম্পাদক সমীৰণ ফুকনে কয় যে ইতিমধ্যে অ’এনজিচিৰ অসম সম্পদৰ তৈলখাদসমূহ ব্যক্তিগত প্রতিষ্ঠানক গতাই দিয়াৰ ষডযন্ত্রৰ বিৰুদ্ধে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই বিগত সময়ত এশ ঘণ্টীয়া অ’এনজিচি বন্ধ ঘোষণা কৰিছিল৷ বর্তমান কেন্দ্রীয় চৰকাৰে অসমীয়াৰ স্বার্থ জলাঞ্জলি দি লাভজনক তৈলক্ষেত্রসমূহ ব্যক্তিগত প্রতিষ্ঠানক গতাই দিবলৈ লোৱা কার্যক ছাত্র সন্থাই কোনো কাৰণতে সহ্য নকৰে৷ অ’এনজিচি কর্তৃপক্ষ আৰু চৰকাৰে এনে সিদ্ধান্ত তৎকালে বাতিল নকৰিলে আছুৱে ডচিত প্রত্যুত্তৰ দিব বুলি আছু নেতাগৰাকীয়ে সকীয়াই দিয়ে৷ কেন্দ্রীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল–সংগঠন৷ কেন্দ্রীয় চৰকাৰে শিৱসাগৰ জিলাৰ ৮ খন তৈলক্ষেত্রৰ লগতে দেশৰ ৪৯খন তৈলক্ষেত্র আৰু ক’ল ইণ্ডিয়াৰ ক্ষেত্রসমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়া কার্যৰ তীব্র বিৰোধিতা কৰিছে চিপিআইৰ শিৱসাগৰ জিলা পৰিষদে৷ চৰকাৰৰ এনে কার্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি চিপিআইৰ জিলা সম্পাদক কনক গগৈয়ে কয় যে চিপিআই দল খাৰুৱা তেল উৎপাদনবিৰোধী নহয়৷ আমি সদায় উৎপাদন বৃদ্ধিৰ পক্ষে আছোঁ৷ অ’এনজিচি আৰু অইল ইণ্ডিয়াই নিজাববীয়াকৈ উন্নত প্রযুক্তিৰ জৰিয়তে তৈলক্ষেত্রসমূহৰ ডৎপাদন বৃদ্ধি কৰা উচিত৷ কিন্তু একাংশ অসমবিৰোধী চক্রই ষডযন্ত্র কৰি অসমৰ তৈল সম্পদ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰা কার্য কোনো কাৰণতে সহ্য কৰা নহ’ব৷ চৰকাৰে এনে অসমবিৰোধী সিদ্ধান্ত বাতিল নকৰিলে তীব্র প্রতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি কনক গগৈয়ে মন্তব্য কৰে৷ ভাৰতীয় ৰাষ্ট্রীয় মজদুৰ কংগ্রেছ (আইএনটিইডচি)ৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পূর্ণকান্ত বুঢ়াগোহাঁয়ে কয় যে ৬০ ৰ দশকতে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ খনন আৰু ডৎপাদন চলি থকা ডিমুৱাল, দিচাংমুখ, নাহৰবাৰী, চফ্রাই, চাংমাই গাঁও, লক্ষ্মীজান, বৰচিলা, পানীদিহিঙৰ দৰে অ’এনজিচিৰ অসম সম্পদৰ ভৱিষ্যতৰ সম্ভাৱনাপূর্ণ তেলপথাৰকেইখন ব্যক্তিগত কোম্পানীক গতাই দি অ’এনজিচিৰ দৰে ভাৰত চৰকাৰৰ লাভজনক প্রতিষ্ঠানটোক অসমৰ পৰা লৈ যোৱাৰ ষডযন্ত্র চলাইছে কেন্দ্রীয় চৰকাৰে৷ অসমৰ জাতীয় সম্পদ পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ জনবিৰোধী আৰু স্বেচ্ছাচাৰী কার্যৰ আইএনটিইডচিয়ে পূর্বৰে পৰা প্রতিবাদ কৰি আহিছে আৰু প্রতিবাদ কৰি যাব বুলি বুঢ়াগোহায়ে মন্তব্য কৰে৷
উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্রীয় সমিতিৰ কার্যকৰী সভাপতি মণিৰুল ইছলাম বডাই কয় যে বর্তমান চৰকাৰে পুঁজিবাদী স্বার্থত গ্রহণ কৰা এনে সিদ্ধান্ত বাতিল নকৰিলে ঐক্যবদ্ধ গণ সংগ্রামৰ সন্মুখীন হ’ব লাগিব৷ চিপিআই (এম)ৰ শিৱসাগৰ জিলা সম্পাদক নিৰঞ্জন চেতিয়াই কয় যে আমাৰ দলে পূর্বৰে পৰা কেন্দ্রীয় চৰকাৰৰ এনে ষডযন্ত্রৰ প্রতিবাদ কৰি আহিছে৷ সমগ্র দেশত লকডাডনৰ বাবে গণতান্ত্রিক সংগ্রাম গঢ়ি তুলিব নোৱাৰিব বুলি ডপলব্ধি কৰি কেন্দ্রীয় চৰকাৰে নিকৃষ্ট ষডযন্ত্রৰে অসমৰ সম্পদ পুঁজিপতিক গোষ্ঠীক বিক্রী কৰিছে বুলি অসমক ভালপোৱা সকলো দল–সংগঠনে এনে কার্যৰ তীব্র প্রতিবাদ কৰা ডচিত বুলি চেতিয়াই মন্তব্য কৰে৷ চেণ্টাৰ অৱ ড্রেড ইডনিয়ন (চিআইটিইড)ৰ শিৱসাগৰ জিলা সমিতিৰ ডপদেষ্টা মিহিৰ ভৰালীয়ে কয় যে শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনেই পুঁজিপতি গোষ্ঠীৰ দ্বাৰা নিয়ন্ত্রিত চৰকাৰ৷ এই চৰকাৰৰ প্রতিটো নীতিয়েই পুঁজিপতিৰ স্বার্থ সুৰক্ষিত কৰি আহিছে৷ অল ইণ্ডিয়া ড্রেড ইডনিয়ন কংগ্রেছ (এআইটিইডচি)ৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুহি বৰুৱাই কয় যে গ্যেট চুক্তিৰ আৰম্ভণিৰ পৰা আমি প্রতিবাদ কৰি আহিছোঁ৷ পুঁজিপতিক ৰঙাদলিচা পাৰি দিয়া কেন্দ্রীয় চৰকাৰে ডাংকেল প্রস্তাৱ মানি লৈ দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক ডদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক গতাই দি দেশৰ সর্বনাশ মাতি আনিছে৷ এনে ষডযন্ত্রৰ বিৰুদ্ধে ঐক্যবদ্ধ গণ সংগ্রামৰ বিকল্প নাই বুলি মুহি বৰুৱাই ডল্লেখ কৰে৷