নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ বিমান সেৱা: গভীৰ সংকটত বিমান বন্দৰৰ ৩০০ টেক্সীচালক

নিয়মীয়া বাৰ্তা, ১৯ মে’: মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে সমগ্র দেশজুৰি যোৱা ২৪ মার্চৰ পৰা কেন্দ্রীয় চৰকাৰে জাৰি কৰিছিল লকডাউন৷ লকডাউনৰ ফলত বন্ধ হৈ পৰিছিল সমগ্র যাতায়াত ব্যৱস্থা৷ পৰৱর্তী পর্যায়ত লকডাউন বৃদ্ধি কৰাৰ লগতে আজিৰে পৰা আৰম্ভ হৈছে চতুর্থ পর্যায়ৰ লকডাউন৷

চতুর্থ পর্যায়ৰ লকডাউনত বহু ব্যৱস্থা বা নীতি–নিয়ম শিথিল কৰা হৈছে যদিও বন্ধ কৰি ৰখা হৈছে বিমান আৰু ৰে’ল সেৱা৷ ইয়াৰ ফলত বহু পৰিয়ালৰ জীৱনলৈ নামি আহিছে গভীৰ আর্থিক সংকট৷ বিশেষকৈ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰক কেন্দ্র কৰি জীৱন নির্বাহ কৰি অহা প্রায় তিনিশ টেক্সিচালকৰ পৰিয়াললৈ নামি আহিছে গভীৰ সংশয়৷ প্রায় দুমাহ ধৰি বিমান চলাচল নকৰাৰ ফলত টেক্সি চলাব নোৱাৰি আর্থিক সংকটৰ বাবে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্রত তেওঁলোক গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ জানিব পৰা মতে বৰঝাৰ বিমানবন্দৰত প্রায় তিনিশ পঞ্জীয়নভুক্ত টেক্সি আছে৷

টেক্সিচালকসকলে ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰি মেঘালয়, অৰুণাচল, নাগালেণ্ড আদিলৈও যাত্রী অনা–নিয়া কৰে৷ টেক্সিচালকসকলৰ অধিকাংশই বেংকৰ পৰা ঋণ লৈ বাহন ক্রয় কৰিছিল যদিও দুমাহে বাহন চলাব নোৱৰাত বেংকৰ কিস্তি দিয়াৰ ক্ষেত্রতো সমস্যাৰ সৃষ্টি হৈছে৷ একাংশ টেক্সিচালকে শাক–পাচলি বিক্রী বা অন্য ব্যৱসায়ত ধৰিছে যদিও অধিকাংশ চালকেই অনিশ্চিত ভৱিষ্যতৰ চিন্তাত দিন–ৰাতি পাৰ কৰিব লগা হৈছে৷

যিহেতু অহা ৩১ মে’লৈ যাত্রীবাহী বিমানৰ চলাচল নকৰে বুলি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে, গতিকে তিনিশতাধিক টেক্সিচালক তথা তেওঁলোকৰ পৰিয়াল গভীৰ সমস্যাৰ সন্মুখীন হোৱাটো খাটাং৷ যাৰ বাবে টেক্সিচালকসকলে তেওঁলোকৰ পৰিয়ালৰ ভৰণ–পোষণৰ সহায়ক হোৱাকৈ এককালীন আর্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰলৈ কাতৰ আহ্বান জনাইছে৷

You might also like