নিয়মীয়া বাৰ্তা, ২০ মেঃ দেশত পুনৰ আৰম্ভ হ’ব দৈনিক ৰে’লসেৱা৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা লকডাউনৰ ফলত বন্ধ হৈ পৰা ৰে’লসেৱা অহা ১ জুনৰ পৰা পুনৰ নিয়মীয়া হ’ব৷ মঙলবাৰে এক টুইটযোগে এই কথা সদৰী কৰিছে কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ গোৱেলে৷
প্রাপ্ত তথ্য অনুসৰি সম্প্রতি ১৫খন বিশেষ বাতানুকূল ৰে’ল বিভিন্ন ৰাজ্যত আবদ্ধ লোকসকল ঘৰলৈ উভতি যোৱাৰ বাবে চলাবলৈ বিশেষভাৱে ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ পৰৱর্তী মাহৰ পৰা এই ৰে’লৰ সংখ্যা ২০০খনলৈ বৃদ্ধি পাব৷ অৱশ্যে এই নতুন ৰে’লসমূহ বাতানুকূল নহ’ব৷ যাত্রীবাহী এই ৰে’লসমূহৰ বুকিং শীঘ্রে অনলাইনযোগে উপলব্ধ হ’ব বুলিও আজি এক টুইটযোগে সদৰী কৰিছে ভাৰতীয় ৰে’লৱেই৷ ৰে’লসমূহ চলোৱাৰ ক্ষেত্রত সামাজিক দূৰত্ব, মাস্ক পৰিধান, ছেনিটাইজাৰৰ ব্যৱস্থা কঠোৰভাৱে বলৱৎ কৰা হ’ব৷