ৰাজ্যত কঠোৰভাৱে বলৱৎ হ’ব কোৱাৰেণ্টাইন নীতি–নিয়ম
নিয়মীয়া বার্তা, ২৭মেঃ ৰাজ্যখনত ক’ভিড–১৯ৰ সামূহিক সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা গ্রহণ কৰিছে৷ অসম মন্ত্রী পৰিষদৰ বৈঠকত কোৱাৰেণ্টাইনৰ নীতি–নিয়ম কঠোৰভাৱে বলৱতৰ সিদ্ধান্ত গ্রহণ কৰে, যাতে সামাজিক সংক্রমণ প্রতিৰোধ কৰিব পাৰি৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত অসম মন্ত্রী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকৰ অন্তত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সেই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে বহিঃৰাজ্যৰ পৰা অহা কোনো লোককে কোৱাৰেণ্টাইন নকৰাকৈ ঘৰলৈ যাবলৈ দিয়া নহ’ব৷ সেইদৰে ‘অসম কেয়াৰ’ আঁচনিৰ অধীনত বহিঃৰাজ্যত আবদ্ধ ৩.৬১ লাখ লোকলৈ এপ্রিল, মে’ আৰু জুন মাহৰ বাবে প্রতিমাহে দুহেজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদানত মন্ত্রী পৰিষদৰ বৈঠকত অনুমোদন জনোৱা হয়৷
মন কৰিবলগীয়া যে বহিঃৰাজ্যত আবদ্ধ সেইসকল লোকক ইতিমধ্যে এপ্রিল আৰু মে’ মাহৰ দুহেজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হৈছে৷ মন্ত্রী পৰিষদৰ বৈঠকে ঢুলীয়া, নাগাৰা নাম, বেণ্ডপার্টী, ওজাপালি আদিৰ দৰে লোকশিল্পীসকললৈ এপ্রিল, মে’ আৰু জুন মাহৰ বাবে প্রতিমাহে ২ হাজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামলৈ ১,১৭৬ বিঘা ভূমি আবণ্টনৰ প্রস্তাৱতো অসম মন্ত্রীসভাৰ বৈঠকে অনুমোদন জনায়৷
ইপিনে, ৰাজ্যখনত আৰম্ভ হোৱা বছৰটোৰ প্রথমটো বান সম্পর্কতো মন্ত্রী পৰিষদৰ বৈঠকত আলোচনা কৰে৷ মন্ত্রী পৰিষদৰ বৈঠকে বানত ক্ষতিগ্রস্ত লোকসকললৈ সাহায্য ব্যৱস্থাপনা বিধি অর্থাৎ ৰিলিফ মেনুৱেল অনুসৰি উপযুক্ত সাহায্য বিতৰণৰ ব্যৱস্থা কৰাৰ লগতে পর্যাপ্ত সাহায্য সামগ্রী মজুত ৰাখিবলৈ উপায়ুক্তসকলক নির্দেশ দিছে৷ মথাউৰিসমূহৰ মেৰামতিৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈও উপায়ুক্তসকললৈ নির্দেশ দিয়া হয়৷ তদুপৰি ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ তদাৰক কৰাৰ বাবে জিলাসমূহত নিযুক্ত মন্ত্রীসকলক সংশ্লিষ্ট জিলাৰ বান পৰিস্থিতি তদাৰকীৰ দায়িত্বতো নিয়োগৰ বাবে মন্ত্রী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্রহণ কৰে৷